> এতিয়াৰ পৰা চক্ৰ বিষয়াৰ অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ। - নিয়মীয়া খবৰ

ads5

ads2

adsz

এতিয়াৰ পৰা চক্ৰ বিষয়াৰ অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ।

 এতিয়াৰ পৰা চক্ৰ বিষয়াৰ অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ। 



🔹ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ (Students) বাবে ভাল খবৰ

🔹এতিয়াৰে পৰা যাব নালাগে চক্র বিষয়াৰ কাৰ্যালয়লৈ (Circle Office) । 

🔹 চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈ লাভ কৰিব আয়ৰ প্ৰমাণ-পত্র (income certificate). 

🔹ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 

🔹 শিক্ষামন্ত্ৰী ৰণুজ পেগুৱে ছছিয়েল মেডিয়া যোগেদি এই বুলি কয় যে-

"শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াই প্ৰদান কৰা উপাৰ্জনৰ প্ৰমাণপত্ৰৰ বিকল্প হিচাবে যিখন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীগৰাকী উত্তীৰ্ণ হৈছে, তাৰ প্ৰধান শিক্ষক বা অধ্যক্ষই আয়ৰ প্ৰমাণপত্ৰ দিব পাৰে। শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ বছৰেকীয়া আয় ২ লাখৰ তলত বুলি নামভৰ্তি কৰিবলগীয়া শিক্ষানুষ্ঠানখনৰ মুৰব্বীগৰাকী যদি পতিয়ন যায়, তেওঁ তেনে ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত নামভৰ্তি কৰাব পাৰিব। মাচুল ৰেহাই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী বা তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বাৰ্ষিক আয় সন্দৰ্ভত এখন শপতনামাও দাখিল কৰিব পাৰে। এনেদৰে দাখিল কৰা আয়ৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব।"

ইয়াৰ ফলত ছাত্ৰ ছাত্ৰী সকলে নামভৰ্তিৰ সময়ত বহু পৰিমাণে সকাহ পাব বুলি আশা কৰা হৈছে। 






Related Search 


Assam income certificate 

Assam free admission 

Education Minister Ranoj pegu

SeeHere is theComments

Sponsored

close