দুৰ্নীতিৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দুগৰাকী স্বীকৃতিপ্রাপ্ত অভিযন্তাক বৰ্খাস্ত কৰিলে আয়ুক্ত হেমেন দাসে। আজি চিপিআৰডি/এমজিএনআইজিএ/২৩/২০২১/১২৭ আৰু চিপিআৰডি/এমজিএনআইজিএ/ ২৩/২০২১/১২৮ নং নির্দেশনা যোগে ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুগৰাকী ঠিকাভিত্তিক স্বীকৃতিপ্রাপ্ত অভিযন্তা ক্রমে- ছাদ্দাম হুছেইন আৰু আব্দুলা আল মাছুদ মোল্লাহক চাকৰিৰ পৰা তৎকালীন ভাৱে বলবৎ হোৱাকৈ বৰ্খাস্ত (Suspended) কৰে। দুর্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযোগত দুয়ো গৰাকী ঠিকাভিত্তিক স্বীকৃতিপ্রাপ্ত অভিযন্তাক (Contractual Engineer) বৰ্খাস্ত কৰা হৈছে।
উল্লেখ্যযোগ্য যে এই দুয়োজন অভিযন্তাৰ বিৰুদ্ধে বহুতো টকাৰ কেলেংকাৰীৰ তথ্য পোৱা গৈছিল। সেই তথ্যৰ ভিত্তিতে বৰ্খাস্ত কৰে দুয়োজন বিষয়াক।
Related Search
Assam news live
Assamese news today
Two engineer suspended in Assam
0 Comments