> আজিৰ দিনটোৰ ৰাশিফল। কেনে যাব আপোনাৰ দিনটো জানি লওঁক। - নিয়মীয়া খবৰ

ads5

ads2

adsz

আজিৰ দিনটোৰ ৰাশিফল। কেনে যাব আপোনাৰ দিনটো জানি লওঁক।

 

জ্যোতিষী কিৰো ইয়ঙৰ দৃষ্টিত আজিৰ দিনটোৰ ৰাশিফল


আজি ২০ অক্টোবৰ, কাতি মাহৰ ২ তাৰিখ বুধবাৰঃ তিথি-শুক্লা পূর্ণিমা, নক্ষত্রঃ ৰেবতী, যাত্রাঃনাই


মেষঃ উন্নত পৰিৱেশ। মানসিক দিশতো অনুকূল দেখা যায়। সা-সম্পত্তিৰ ক্ষেত্ৰত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা।কোনো সম্পদ বা সন্মানৰ গৰাকীও হ’ব পাৰে।


বৃষঃ প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক। জ্ঞাতি-কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক মাত্র। শৰীৰ মধ্যম। বিদ্যাত যত্ন ৰাখক।


মিথুন : আজি খুব উন্নত ফল নাপাব। বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব। বাধ্যবাধকতা হ’লেও ভাবি-চিত্তি নিজৰ কাম কৰক। ব্যৱসায়ত শুভ।


 কর্কট : এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ততা নকমিব। পাৰিবাৰিক উন্নত। প্রাপ্য ধন হাতলৈ অহাৰ যোগ। বন্ধুবৰ্গৰ সহায়-সহযোগ দেখা যায়। পঢ়া-শুনাত মধ্যম। দাম্পত্যত শুভ। 


সিংহ : বাধা-বিঘিনি কিছু হ্ৰাস হ’ব পাৰে দুপৰীয়াৰ পৰা। বাকী সময়ত সাৱধান থকাটো ভাল, বিশেষকৈ প্ৰৱঞ্চকৰ পৰা ব্যৱসায়-বাণিজ্যত মজলীয়া ফল। প্ৰেমত গতানুগতিক। 


কন্যা: শৰীৰ আৰু পাৰিপাৰ্শ্বিক প্রায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ'ব। ক’তো একো মন্তব্য নিদিব। সমগ্ৰ দিনটো আপোনাৰ উৎসাহজনক।


তুলা : আর্থিকত বিশেষ সফল নহ'লেও দুশ্চিন্তা নাই। এইক্ষেত্ৰত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি অশান্তি হ’ব। বুদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক। ঘৰুৱা ভালেই। শিল্পীৰ উৎসাহ।


বৃশ্চিকঃ খৰচ-পাতি নকৰোঁ বুলি থাকিলেও খৰচৰ পথ ওলাব। অন্যান্য কিছুৱে সামাজিক ৰাজনৈতিক দিশত নিজৰ মতৰ সমৰ্থন পাব। পঢ়াত মন ৰাখক। দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে।


ধনু: ক্রমে দিনটো কিছু আশাপ্রদ। অৱশ্যে নিশ্চিন্তও নহয়। খুব ফৰকাল লাগি নাথাকিব। বিদ্যাৎ মনোযোগ বঢ়াওক। জ্ঞাতি-কুটুম্বৰ মাংগলিক কাৰ্য আদিত যোগদান কৰাৰো সম্ভাৱনা।


মকৰ : কর্মক্ষেত্ৰত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব। সৰু-সুৰা ক্লেশে আপোনাৰ মন আৰু দেহৰ প্ৰভাৱ পেলাব পাৰে। দাম্পত্যত মধ্যম সময়।


কুম্ভ : অস্থিৰ চিন্তা সম্পূৰ্ণ বৰ্জনীয়। শৰীৰ মন আৰু পৰিৱেশ দিনৰ বাৰ বজালৈ আশাপূৰ্ণ নহ'ব পাৰে। কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পিছত অনুকূল। প্ৰেমত মধ্যম।


মীনঃ অনুকুল পৰিৱেশ। বন্ধু-বান্ধৱৰ পৰা সহানুভূতি পাব। নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব। সু-সংবাদত সুখী হ'ব পাৰে। দাম্পত্যত বেয়া নহ'ব।


সকলোৱে পোষ্ট বন্ধু বৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। 

SeeHere is theComments

Sponsored

close