> ৫৮০ বছৰ পিছত আজি হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ, অসমতো হ’ব দৃশ্যমান… - নিয়মীয়া খবৰ

ads5

ads2

adsz

৫৮০ বছৰ পিছত আজি হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ, অসমতো হ’ব দৃশ্যমান…

 বিৰল মহাজাগতিক পৰিঘটনা! ৫৮০ বছৰ পিছত আজি হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ, অসমতো হ’ব দৃশ্যমান…



🔹 আজি পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী।


🔹 আজিৰ দিনটোত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ।


🔹 এই চন্দ্ৰগ্ৰহণ ৩ঘন্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি থাকিব।


🔹 ২০০১ৰ পৰা ২১০০ লৈকে এই শতিকাৰ এইটোৱে হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ।


🔹 যোৱা মে’ মাহত ভাৰতৰ পৰা শেষবাৰৰ বাবে চন্দ্ৰগ্ৰহণ দেখা গৈছিল। সেইবাৰেই এই বছৰৰ প্ৰথম তথা অন্তিমটো ‘ব্লাড মুন’ দেখা গৈছিল।


🔹 উল্লেখ্য যে, ৫৮০ বছৰ পিছত সবাতোকৈ দীঘল সময়ৰ হ’ব এই আংশিক চন্দ্ৰ গ্ৰহণ।


🔹 চন্দ্ৰৰ ৯৭শতাংশ ঢকা যাব এই গ্ৰহণত। ১৯ নৱেম্বৰত সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি পৰিব পৃথিৱী।


🔹 পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলেই আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ।


🔹 সময় অনুসৰি ভাৰতত দিনৰ ১২ বাজি ৪৮ মিনিটৰ পৰা এই আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি ৪বাজি ১৭ মিনিটত ইয়াৰ সমাপ্তি ঘটিব।


🔹 মুঠ ৩ঘন্টা ২৮ মিনিট ২৪ছেকেণ্ড ধৰি চলিব এই চন্দ্ৰগ্ৰহণ। অৱশ্যে দেশৰ সকলো প্ৰান্তৰ পৰা এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা নাযাব।


🔹 ভাৰতৰ লগতে উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, পূৱ এচিয়া আৰু অষ্ট্ৰেলিয়াটো দৃশ্যমান হ’ব এই চন্দ্ৰ গ্ৰহণ।


🔹 অসম তথা অৰুণাচল প্ৰদেশৰ পৰা অতি কম সময়ৰ বাবে এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।


🔹 এই সময়চোৱাত কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকিব।


Related Search

Lunar eclipse

lunar eclipse today

চন্দ্ৰ গ্ৰহণ Assam

SeeHere is theComments

Sponsored

close