> ২৪ নৱেম্বৰ, বুধবাৰ। ইংৰাজী গণনামতে কাইলৈৰ দিনটোৰ ৰাশিফল। জানক কেনে যাব কাইলৈৰ আপোনাৰ দিনটো । - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৪ নৱেম্বৰ, বুধবাৰ। ইংৰাজী গণনামতে কাইলৈৰ দিনটোৰ ৰাশিফল। জানক কেনে যাব কাইলৈৰ আপোনাৰ দিনটো ।

২৪ নৱেম্বৰ , ২০২১ (বুধবাৰ) ।কাইলৈ দিনটোৰ ইংৰাজী ৰাশিফল - Tomorrow horoscope in Assamese 


ইংৰাজী ৰাশিফল আপোনাৰ জন্মদিনৰ ওপৰত নিৰ্ভৰ কৰি গণনা কৰা হয়। গতিকে আপোনাৰ সুবিধাৰ্থে প্ৰতিটো ৰাশিৰ কাষত আমি কেতিয়া জন্ম হলে সেই ৰাশিৰ অন্তৰ্ভুক্ত হয় সেই সম্পৰ্কে তাৰিখ সমূহ উল্লেখ কৰিছো। 



মেষ ৰাশি ( ২১ মাৰ্চ– ১৯ এপ্ৰিল) - Aries

কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। নিজৰ মাজত হোৱা সংবাদ আৰু সহযোগ আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক সু-দৃঢ় কৰিব। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হব। কিছুমাান মানুহক অফিচত উন্নতি প্ৰাপ্ত হব। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্‌ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে।


বৃষ ৰাশি ( ২০ এপ্ৰিল –২০ মে) -Taurus

সন্ধিয়াৰ সময়ত অপোনাৰ জীৱন সংগীৰ লগত কোনোবা চিনেমা ,থিয়েটাৰ আৰু ৰেষ্টুৰেণ্টত সময় অতিবাহিত কৰিলে আপুনি বহুত সুখ অনুভৱ কৰিবাৰু বহুত সতেজ অনুভৱ কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আজি চাল গলে সকলো ফালেদি এক লাভদায়ক দিন ,কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেক নিকৰ সহায় লওক ,আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে,যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। অআজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতেই বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব ,বহুত কম মানুহেহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তন্ত্বৰ ৰহস্য জানিব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনটো এক ধুনীয়া পৰিৱৰ্তনীয় দিশেদি আগ বাঢ়িব।



মিথুন ৰাশি (২১ মে–২১ জুন) - Gemini

ধাৰ্মিক ভাৱনা বোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থান লৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈৱিক জ্ঞান লাভ কৰিব। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে ,যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কৰোবাৰ পৰা উপদেশ লব পাৰে। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হব। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আপুনি অনুভৱ কৰিব যে জীৱন লগৰীৰ প্ৰেম ,ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে।


কৰ্কট ৰাশি (২২ জুন –২২ জুলাই) - Cancer

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। আপোনাৰ সন্তান আজি এক ৰোমাঞ্চকৰ খবৰ আনিব পাৰে। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাৱি আছিল তেখেত আচলতে আপোনাৰ শুভাকাংক্ষী হে হয়। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব।


সিংহ ৰাশি (২৩ জুলাই –২২ আগষ্ট) - Leo

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো েৰাৰ এয়াই ভাল সময় । জীৱনৰ খোলা-বমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক । আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক ,কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব।


কন্যা ৰাশি (২৩ আগষ্ট - ২২ ছেপ্টেম্বৰ) - Virgo

আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমাণ্টিক সময় অতিবাহিত কৰক। নতুুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানি ৰ এক বাট বুলি পৰিগণিত হব। আপোনাৰ কথা-বতৰাত মৌলিকতা ৰাখক ,কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাক সুখী কৰিবলৈ যতপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব।



তুলা ৰাশি (২২ ছেপ্টেম্বৰ-২৩ অক্টোবৰ) - Libra

মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। জীৱন সংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। নতুন পৰিযোজনা সমূহ আৰম্ভ কৰিবৰ বাবে এয়া শুভ দিন। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব।ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হব। বৈবাহিক জীৱনৰ ফালেদি চাব গলে আজি আপুনি সমস্যাৰ সন্মুখীন হব পাৰে।



বৃশ্চিক ৰাশি  (২৪ অক্টোবৰ –২১ নৱেম্বৰ) -- Scorpio

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। যাক আপুনি ভাল পায় ,তাইৰ/তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। যদি আপুনি নিজৰ পৰিকল্পনা সমূহ বেলগৰ আগত প্ৰকাশ কৰে তেন্তে আপুনি নিজৰ পৰিযোজনা সমূহ বেয়া কৰিব পাৰে। আজি জানি বুজি পদক্ষেপ লোৱা উচিত , য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক -বিতণ্ডতা হব পাৰে।



ধনু ৰাশি-(২২ নৱেম্বৰ –২১ ডিচেম্বৰ) - Sagittarius

নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আপোনাৰ জেদী স্বভাৱৰ বাবে ঘৰৰ মানুহৰ মনত দুখ পাব পাৰে ,আনকি ঘনিষ্ঠ বন্ধু-বান্ধৱো আঘাত পাব পাৰে। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰামতে পৰিণাম নিদিব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাক পুৰ্ণ সহযোগ আগ বঢ়াব ।



মকৰ ৰাশি (২২ ডিচেম্বৰ –১৯ জানুৱাৰী) - Capricorn 

আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। যিসকলৰ এতিয়ালৈ মহিলী দৰমহা নাই অহা সিহতৰ পইচাৰ অভাৱ হব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ লব পৰা অৱস্থা আহিব পাৰে। পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আজি আপুনি বহুুত ৰোমাঞ্চিত অনুভৱ কৰিব ,কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হব। লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি লোকচান হব পাৰে। অৱশ্যে ভয় খোৱাৰ দৰকাৰ নাই যদি কষ্ট ঠিক দিশত আছে তেন্তে ভাল ফল এদিন নিশ্চয় পাব। এই ৰাশিৰ ছাত্ৰসকলৰ আজি মোবাইলে গোটেই দিন বৰবাদ কৰি দিব পাৰে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব।



কুম্ভ ৰাশি (২০ জানুৱাৰী –১৮ ফেব্ৰুৱাৰী ) - Aquarius 

পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃতিৰ বাবে আপোনাক অসুবিধা দিব পাৰে।কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক,নহ'লে অৱস্থা তথৈবচ হব পাৰে।মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰি ,সেইটো স্বীকাৰ কৰি লোৱাই ভাল। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোয়ে আপোনাৰ বাবে শ্ৰেয়। আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু-বান্ধৱ বহুত সহযোগী স্বভাৱৰ হয় ,কিন্তু আপুনি কি কয় তাৰ ওপৰত সাৱধানী বৰ্ধন কৰক। আজি ৰোমাঞ্চ আপোনাৰ মন -মগজুত আৱৰি থাকিব। যদি আপুনি নিজৰ পৰিকল্পনা সমূহ বেলগৰ আগত প্ৰকাশ কৰে তেন্তে আপুনি নিজৰ পৰিযোজনা সমূহ বেয়া কৰিব পাৰে। সন্ধিয়া সময়খিনি ভালকৈ কাটক তাৰ বাবে আপুনি গোটেই দিন মন লগাই কাম কৰাটো জৰুৰী। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহুৰ্ততে দূৰ কৰি দিব পাৰে।



মীন ৰাশি ( ১৯ ফেব্ৰুৱাৰী - ২০ মাৰ্চ) - Pisces

শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। ব্যৱসায় যিমানেই নহওক নিজৰ ব্যৱসায় ৰ বিষয়ে কাৰো লগত ইমান কথা নকব ।যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হব পাৰে। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।


DISCLAIMER :এই প্ৰবন্ধৰ তথ্যসমূহ সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত। আমাৰ বাৰ্তা (gistindia.org.in) ইয়াৰ সত্যতা নিশ্চিত নকৰে। এইবোৰ নিজে প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি লোৱাটো বাঞ্চনীয়। 


Related Search 

tomorrows horoscope in assamese 

today's horoscope in assamese 

LPG Price Hike 

LPG cylinder news 

LPG cylinder price today Assam 

beer insurance for home 

insurance for car 


SeeHere is theComments

Sponsored

close