> ২৬ নৱেম্বৰ, শুক্ৰবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল ।জানক কেনে যাব কাইলৈৰ আপোনাৰ দিনটো - Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৬ নৱেম্বৰ, শুক্ৰবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল ।জানক কেনে যাব কাইলৈৰ আপোনাৰ দিনটো - Tomorrow's horoscope in Assamese

২৬ নৱেম্বৰ, শুক্ৰবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল ।জানক কেনে যাব কাইলৈৰ আপোনাৰ দিনটো - Tomorrow's horoscope in Assamese 



কাইলৈৰ দিনটোৰ ইংৰাজী ৰাশিফল। ইংৰাজী ৰাশিফল আপোনাৰ জন্মদিনৰ ওপৰত নিৰ্ভৰ কৰি গণনা কৰা হয়। গতিকে আপোনাৰ সুবিধাৰ্থে প্ৰতিটো ৰাশিৰ কাষত আমি কেতিয়া জন্ম হলে সেই ৰাশিৰ অন্তৰ্ভুক্ত হয় সেই সম্পৰ্কে তাৰিখ সমূহ উল্লেখ কৰিছো। 


মেষ ৰাশি ( ২১ মাৰ্চ– ১৯ এপ্ৰিল) -Aries

আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। সাৱধান থাকক ! কাৰণ প্ৰেমত পৰা সকলৰ বাবে আজিৰ দিনটোত আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাৰ সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব। এই ৰাশিৰ শিশুবোৰ খেলা-ধুলাত দিন অতিবাহিত কৰিব পাৰে ,এনেতে পিতৃ মাতৃয়ে বেছি ধ্যান দিব লাগে নহলে দুখ পোৱাৰ সম্ভাৱনা আছে। প্ৰিয়জনৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। কিন্তু অন্তত সকলো বাক-বিতণ্ডতা ভাল হৈ যাব।


বৃষ ৰাশি ( ২০ এপ্ৰিল –২০ মে) -Taurus

স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ'ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকে আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰাখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব । আপোনাৰ কাম আজি পিছ পৰি থাকিব। যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। ডাঙৰ উদ্যোগপতিৰ লগত ভাগীদাৰ হলে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। ঘৰৰ সৰুবোৰৰ লগত ক্থা পাতি আজি আপুনি নিজৰ অৱসৰ সময় খিনি খুব ভালকৈয়ে ব্যৱহাৰ কৰিব। আপোনাৰ বৈবাহিক জীৱনত শাৰীৰিক সুখৰ ফালেদি কিছুমান ধুনীয়া পৰিৱৰ্তন পৰিলক্ষিত হব।


মিথুন ৰাশি (২১ মে–২১ জুন) -Gemini

আপোনাৰ ইচ্ছা শক্তি উৎসাহিত হব কাৰণ আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ'বলৈ সক্ষম হ'ব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ পিতৃ-মাতৃক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিত আপুনি নিজে খালী খালী অনুভৱ কৰিব। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগীয়ে বেয়া পাব পাৰে। এনেেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ-ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব। আজি আপোনাৰ জীৱন সংগীয়ে আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে।


কৰ্কট ৰাশি (২২ জুন –২২ জুলাই) -Cancer

আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ'ব। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। প্ৰেমৰ দিশেদি চাব গ'লে আজিৰ দিনটো অলপ কষ্টকৰ হব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয়ে আপোনাক অনুকূল পুৰস্কাৰ দিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে বহু সময় পাব। আপুনি নিজৰ জীৱন সংগীক বুজাত ভুল কৰিব পাৰে ,যাৰ বাবে কিছু সময় বেয়া ভাৱে অতিবাহিত হব পাৰে।


সিংহ ৰাশি (২৩ জুলাই –২২ আগষ্ট) -Leo

স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তু সমূহ ব্যৱস্থিত ৰূপত ৰাখক। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যৱসায় কৰিছে আজি সিহঁতে ভাৱি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী নহলে আৰ্থিল লোকচান হোৱাৰ আশাংকা আছে। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱ সমূহ হ্ৰাস কৰি দিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। কাম কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। অপ্ৰত্যাশিত দুৰ সম্পৰ্কীয় আলহীৰ আগমণে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। আপোনাৰ জীৱন সংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হব পাৰে।


কন্যা ৰাশি (২৩ আগষ্ট - ২২ ছেপ্টেম্বৰ) - Virgo

আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক,লগতে পিঠি আৰু ককাঁল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। আজি আপুনি ভাল ভাৱে পইচা আয় কৰিব কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। আপোনাৰ অংশীদাৰৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হব। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে।


তুলা ৰাশি (২২ ছেপ্টেম্বৰ-২৩ অক্টোবৰ) - Libra 

আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। নিশ্চিত ভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব -কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। কল্পনাৰ পিছত দৌৰা বাদ দিয়ক আৰু যিমান পাৰে বাস্তৱ বাদী তথা যথাৰ্থ বাদী হওক। কিছু সময় নিজৰ বন্ধুৰ লগত অতিবাহিত কৰক, কাৰণ এই নিৰ্ণয় আপোনাৰ বাবে সঠিক বুলি প্ৰমাণিত হব। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। অপ্ৰত্যাশিত দুৰ সম্পৰ্কীয় আলহীৰ আগমণে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব।


বৃশ্চিক ৰাশি  (২৪ অক্টোবৰ –২১ নৱেম্বৰ) -- Scorpio

 আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দুখী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ'ব ।অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ'ব কাৰণ এইটোয়ে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহতঁৰ আজি লোকচান হব পাৰে । সময় থাকোঁতেই যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। আপোনাৰ সপোন আৰু বাস্তৱ আজি প্ৰেমৰ লগত সান মিহলি হৈ যাব। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব।



ধনু ৰাশি-(২২ নৱেম্বৰ –২১ ডিচেম্বৰ) - Sagittarius

আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। আপোনাৰ ধনে আপোনাৰ সঠিক সময়ত তেতিয়াহে সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব। আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। আপোনাৰ জেদী স্বভাৱ আপোনাৰ মা-দেউতাৰ চিন্তাৰ কাৰণ হব পাৰে । আপুনি তেওঁলোকৰ পৰামৰ্শত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে । বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।


মকৰ ৰাশি (২২ ডিচেম্বৰ –১৯ জানুৱাৰী) - Capricorn

আপুনি অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাজৰে থকা মানুহ সমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰ সেয়ে আপোনাৰ দ্বাৰা যিমান হব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল আৰু নিজকে ইমান হেচা প্ৰদান কৰা বন্ধ কৰক। অংশীদাৰী ব্যৱসায় সমূহত বিনিয়োগ কৰাৰ পৰা দূৰত থাকক আৰু বেছি চোকা লোক থকা আৰ্থিক যোজনা সমূহৰ পৰা নিৱেশ কৰাৰ পৰা দূৰত থাকক। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে জ্বলি জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। প্ৰেমৰ দিশত চাব গ'লে আজি আপোনাৰ জীৱনৰ সীমাহীন আনন্দ সমূহ উপভোগ কৰিব পাৰে। আজি কৰা বিনিয়োগ বহুত লাভদায়ক বুলি প্ৰমাণিত হব ,কিন্তু আপুনি অংশীদাৰ সকলৰ বিৰোধৰ সন্মুখীন হব লাগিব পাৰে। বেলেগক এইটো কবলৈ অধিক উত্তেজিত নহব যে আপুনি আজি কেনেকুৱা অনুভৱ কৰি আছে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনটো এক ধুনীয়া পৰিৱৰ্তনীয় দিশেদি আগ বাঢ়িব।


কুম্ভ ৰাশি (২০ জানুৱাৰী –১৮ ফেব্ৰুৱাৰী ) - Aquarius

স্বাস্থ্যৰ যত্ন লওক, নহ'লে অসুবিধা হ'ব পাৰে। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন ,কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। আপোনাৰ আকৰ্ষিত স্বভাৱ আৰু আনন্দৰে ভৰা ব্যক্তিত্বই নতুন বন্ধু বনোৱাত সহায় কৰিব আৰু আপোনাৰ সম্পৰ্কত বৃদ্ধি কৰিব। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগীয়ে অশান্তিৰ সৃষ্টি কৰিব পাৰে। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ মনত বহুত ভাৱনাৰ অগা দেৱা হব যিবোৰে আপোনাক প্ৰকাশ হব নিদিব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে কিন্তু অন্তত আপোনাৰ অনুভৱ হ’ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে।


মীন ৰাশি ( ১৯ ফেব্ৰুৱাৰী - ২০ মাৰ্চ) - Pisces

আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাইৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্ত্ব সূলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। আপোনাৰ চকু উজ্বল হব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। এনেেকুৱা মানুহৰ লগত বন্ধুত্ব কৰক যিবোৰ মানুহ কলাত্মক মনৰ হয় আৰু সিহঁতৰ চিন্তা ধাৰাৰ আপোনাৰ লগত সাদৃশ্য আছে। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজনে আপোনাৰ সহায় কৰিব পাৰে । আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।


Related Search 

Assamese Daily news 

Assamese Daily horoscope 

Assamese weekly horoscope 

LPG cylinder price today 

LPG cylinder price in Assam 

Liquefied Petroleum gas price 

best insurance for home 

best insurance for car 

insurance news 


DISCLAIMER :এই প্ৰবন্ধৰ তথ্যসমূহ সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত। আমাৰ বাৰ্তা (gistindia.org.in) ইয়াৰ সত্যতা নিশ্চিত নকৰে। এইবোৰ নিজে প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি লোৱাটো বাঞ্চনীয়। 

SeeHere is theComments

Sponsored

close