> চাণক্যৰ মতে জীৱনৰ কঠিন সময়ত সদায় কামত আহে এই 5 টা বস্তু, জানো আহক । Useful Things to Survive in Hard times - নিয়মীয়া খবৰ

ads5

ads2

adsz

চাণক্যৰ মতে জীৱনৰ কঠিন সময়ত সদায় কামত আহে এই 5 টা বস্তু, জানো আহক । Useful Things to Survive in Hard times

 চাণক্যৰ মতে জীৱনৰ কঠিন সময়ত সদায় কামত আহে এই 5 টা বস্তু, জানো আহক । Useful Things to Survive in Hard times



এজন দক্ষ চতুৰ ৰণনীতিবিদ তথা কূটনীতিবিদ আচার্য চাণক্যৰ সমাজৰ প্ৰায় সকলো সৰু-বৰ বিষয়ৰ ওপৰত গভীৰ জ্ঞান আছিল। আচার্য চাণক্যই নিজৰ জীৱনকালত সদায় সমাজক পথ প্ৰদৰ্শন কৰিছিল, আৰু তেওৰ 'নীতি শাস্ত্ৰ' ৰচনা কৰিছিল। এই নীতি শাস্ত্ৰৰ জৰিয়তে, চাণক্যয়ে মানুহক সঠিক জীৱন যাপন কৰাৰ পথ দেখুৱাইছে, সেয়েহে চাণক্যজীৰ নীতিবোৰ আজিও প্ৰাসংগিক বুলি গণ্য কৰা হয়।


বিশ্বাস কৰা হয় যে যিগৰাকী ব্যক্তিয়ে আচার্য চাণক্যৰ নীতি অনুসৰণ কৰে তেওঁ তেওঁৰ জীৱনৰ প্ৰতিটো লক্ষ প্রাপ্ত কৰিব পাৰে। আচার্য চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত পাঁচটা কথা উল্লেখ কৰিছে যিবোৰ কঠিন সময়ত মানুহৰ বাবে সদায় উপযোগী হয় । সেই 5 টা বস্তু কি কি জানো আহক-


বিদ্যা:

আচার্য চাণক্যৰ মতে, জ্ঞান কেতিয়াও চুৰ কৰিব নোৱাৰি বা ইয়াক কোনেও আপোনাৰ পৰা কাঢ়ি নিব নোৱাৰে। জ্ঞান আহৰণ কৰাটো কামধেনুৰ দৰে। জীৱনৰ কঠিন সময়ত জ্ঞান আপোনাৰ বাবে আটাইতকৈ উপযোগী পৰিগণিত হব পাৰে আৰু কঠিন পৰিস্থিতিৰ পৰা ওলাই অহাত সহায় কৰিব পাৰে। আচার্য চাণক্যই বিদ্যাক গোপন সম্পদ বুলিও গণ্য কৰি থৈ গৈছে।


সন্ত ব্যক্তিৰ সংগতি:

আচার্য চাণক্যৰ মতে, সাধু জ্ঞানীলোকসকলৰ সংগত বাস কৰা ব্যক্তিসকল অতি সৌভাগ্যৱান। তেনে ব্যক্তিয়ে জীৱনৰ প্ৰতিটো পৰিস্থিতি দৃঢ়ভাৱে সন্মুখীন হবলৈ সক্ষম হয়। সমস্যা আহিলেও এনে ব্যক্তি ভাগি নপৰে। সেইকাৰণে তেনে ব্যক্তি সুখ আৰু শান্তিত বসবাস কৰে।


সুস্থ শৰীৰ:

চতুৰ ৰণনীতিবিদ আচাৰ্য চাণক্যই বিশ্বাস কৰিছিল যে প্রতিকূল পৰিস্থিতিতোও স্বাস্থ্যৱান শৰীৰ মানুহৰ বাবে কামত আহে। কিয়নো যদি এজন পুৰুষৰ শৰীৰ স্বাস্থ্যৱান হয়, তেন্তে তেওঁ নিজৰ বুদ্ধি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।


ধন সঞ্চয়:

কৌটিল্য নামেৰে জনাজাত আচাৰ্য চাণক্যই বিশ্বাস কৰিছিল যে এজন ব্যক্তিয়ে বেয়া সময়ৰ বাবে ধন সংগ্ৰহ কৰাটো অতি গুৰুত্বপূৰ্ণ। কিয়নো যেতিয়া সমস্যাৰ সময়ত সকলোৱে আপোনাক এৰি যায়, সেইখিনি সময়তে এই ধন আপোনাৰ বাবে কামত আহে। চাণক্যজীয়েও টকাক এজন প্রকৃত বন্ধু হিচাপেও বৰ্ণনা কৰিছে।


ঈশ্বৰ:

যেতিয়া সংকটৰ সময়ত আপোনাৰ পুত্ৰ, কন্যা, পৰিয়ালৰ সদস্য আৰু আনকি পত্নীয়েও কেতিয়াবা আপোনাৰ সংগ এৰি দিয়ে, তেনে সময়ত কেৱল ঈশ্বৰেহে আপোনাক সুৰক্ষা দিয়ে আৰু আপোনাৰ সহাৰি হৈ পৰে। সেয়েহে, আচার্য চাণক্যই বিশ্বাস কৰে যে ঈশ্বৰৰ উপাসনা কেতিয়াও বন্ধ কৰা উচিত নহয়।

Related Search

Chanakya Niti in Assamese

Chanakya tips

Assamese tips

Assamese home tips

lifestyle tips in assamese

health insurance

health insurance tips

health insurance company 

SeeHere is theComments

Sponsored

close