> অমিতা খাই ভুলতো পেলাই নিদিব গুটিবোৰ। অমিতাৰ গুটিৰ আছে এইবোৰ চমৎকাৰী লাভালাভ - benifits of papaya seeds in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

অমিতা খাই ভুলতো পেলাই নিদিব গুটিবোৰ। অমিতাৰ গুটিৰ আছে এইবোৰ চমৎকাৰী লাভালাভ - benifits of papaya seeds in assamese

 অমিতাৰ গুটি পেলাই দিয়ে নিকি ? জানক অমিতা গুটিৰ আচৰিত হবলগীয়া গুণ This seeds have Amazing Benefits



Useful Benefits of Papaya seeds

অমিতাৰ গুটি (Papaya seeds) পেলাই দিয়াৰ সলনি এই গুটি আপোনাৰ ছাল আৰু স্বাস্থ্যৰ বাবেও অতি লাভজনক বুলি প্রমাণিত হ'ব পাৰে। অমিতা এটা অতি সুস্বাদু আৰু স্বাস্থ্যকৰ ফল। বেছিভাগ মানুহে ইয়াক পছন্দ কৰে। কিন্তু আপুনি হয়তো নাজানে যে অমিতাৰ গুটিবোৰ আপোনাৰ স্বাস্থ্য আৰু ছালৰ সমস্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ চিকিৎসা ৰূপে পৰিগণিত হব পাৰে । ইয়াৰ গুটিবোৰ বহু পুষ্টিৰে সমৃদ্ধ। আজি আমি আপোনালোকক জনাম অমিতাৰ গুটি(Papaya seeds)ৰ দ্বাৰা হব পৰা আচৰিত কেইটামান লাভালাভ ।

ফুলা হ্ৰাস কৰে (Helps to reduce swelling)

হয়তো বহুতে এইটো কম জানে যে অমিতাৰ গুটি আমাৰ শৰীৰ কোনো অংশ ফুলি উঠিলে হ্ৰাস কৰাত সহায় কৰে । এই ফলৰ গুটিবোৰত ভিটামিন চি, এলকালইড, ফ্লেভনইড আৰু পলিফেনলৰ দৰে যোজক পোৱা যায় । এই সকলোবোৰ আঠুৰ বিষৰ বাবে অতি উপযোগী, ই আঠুৰ গাঠি ফুলা হ্ৰাস কৰাত সহায় কৰে ।

ছালৰ বাবে কাৰ্যকৰী(Effective for skin).

অমিতাৰ গুটি যিকোনো ছালৰ সমস্যা দূৰ কৰিবলৈ অতি লাভজনক হিচাপে পৰিগণিত হয়। ইয়াৰ এণ্টিএজিং গুণ আছে, যি আপোনাক ছালত স্থিতিস্থাপকতা বজাই ৰখাত সহায় কৰে। অমিতাৰ গুটি খালে বা চোবালে ছাল শোটোৰা পৰা প্রতিহত কৰিব পাৰি

বিজাণুবিৰোধী গুণ(AntiBacterial).

অমিতাৰ গুটি এন্টিবেক্টৰিয়েল গুণসম্পন্ন । যদি সীমিত পৰিমাণৰ অমিতাৰ গুটি গ্ৰহণ কৰা হয়, ই আমাক খাদ্যৰ বিষক্ৰিয়াৰ দৰে ৰোগৰ সৈতে যুঁজ কৰাত সহায় কৰে। যদি আমি প্রতিদিনে এক চামুচ অমিতাৰ গুটি খাওঁ, আমাৰ পেটৰ বহু সমস্যাৰ পৰা সকাহ পাব পাৰি।

ডায়েবেটিচৰ বাবে লাভজনক(Beneficial for diabetes)

মধুমেহত ভুগি থকা ৰোগীসকলৰ বাবে অমিতা অতি ভাল বুলি গণ্য কৰা হয়। আঁহ সমৃদ্ধ হোৱাৰ বাবে অমিতাৰ গুটিবোৰ পৰা যথেষ্ট লাভান্বিত হয়। আচলতে, ফাইবাৰৰ ব্যৱহাৰে পাচন শক্তি সামান্য লেহেম কৰে, যাৰ ফলত তেজত অতি কম পৰিমাণৰ চেনী শোষণ কৰা হয়। অর্থাৎ কবলৈ গলে, অগ্ন্যাশয়টোৱে ইনচুলিন তৈয়াৰ কৰিবলৈ যথেষ্ট সময় পায়।

কেন্সাৰবিৰোধী গুণ (Anti-cancer properties)

অমিতাৰ গুটিৰ গুণাগুণ ইয়াত শেষ নহয়। ওপৰত উল্লেখ কৰা সকলোবোৰ গুণৰ লগতে অমিতাৰ গুটিৰ অক্সিডেণ্ট-বিৰোধী গুণাগুণ থাকে যিয়ে আমাক স্তন কৰ্কট, প্রষ্টেট কৰ্কট আৰু হাঁওফাওৰ কৰ্কট ৰোগৰ দৰে বিভিন্ন কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে।

অৱশ্যে, গৰ্ভৱতী মহিলাসকলে অমিতাৰ গুটি খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ দ্বাৰা গর্ভপাত হোৱাৰ সম্ভাৱনা থাকে। লগতে, অতি সৰু শিশুৱেও ইয়াক পৰিহাৰ কৰা উচিত ।

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself.

Related Search

Assam Latest news

insurance for health

Assamese health news

daily assamese tips

insurance for health

future insurance for health

future health insurance tips

SeeHere is theComments

Sponsored

close