> 29th January, Sturday - tomorrow's horoscope in Assamese - ২৯ জানুৱাৰী, শনিবাৰ। অহাকালি দিনটোৰ ৰাশিফল , জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - নিয়মীয়া খবৰ

ads5

ads2

adsz

29th January, Sturday - tomorrow's horoscope in Assamese - ২৯ জানুৱাৰী, শনিবাৰ। অহাকালি দিনটোৰ ৰাশিফল , জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো

 


মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, January 29, 2022)

দূৰণি বটীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিক ভাৱে নিজকে সুস্থ কৰি তুলিছে ,যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিনযোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। কোনো পূৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাতকাৰ হব পাৰে,যাৰ বাবে পূৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ পৰিব। আজিৰ দিনটো ৰোমাঞ্চেদি ভৰপুৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুছি যাব । আপুনি অকলে তো থাকিব কিন্তু মন শান্ত নহব , মনত আজি বহুত চিন্তা অগা-ডেৱা কৰি থাকিব। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব । চুটীৰ দিনাখন কোনোবা আৰাম দায়ক চিনেমা হলত ভাল চিনেমা চোৱাতকৈ ভাল কাম আৰু কি হব পাৰে!


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, January 29, 2022)

আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ'ব লগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ ঊনৈছ বিছে আপোনাৰ ক্ষতি কৰিব পাৰে, আজি আপুনি য'তে যাব মানুহৰ মাজত আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হব। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। নিজৰ জীীৱন সংগীৰ কাৰণে এক বিশেষ খোৱা বস্তু বনালে আপোনাৰ নিৰাশাজনক জীৱনত আশাৰ কিৰণ এটা আহিব পাৰে।

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

পঢ়ক আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, January 29, 2022)

আপোনাৰ ধনাত্মক চিন্তা ধাৰাক পুৰস্কৃত কৰা হব , কাৰণ আপুনি আপোনাৰ চেষ্টা সমূহত সফলতা লাভ কৰিব। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে ,প্ৰেমঅৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। খালী সময়ৰ সদ্ব্যৱহাৰ হব লাগে কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব, আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে । আপোনাকো আপোনাৰ ব্যৱহাৰ্ত সৰলতা আনাটো দৰকাৰ।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, January 29, 2022)

অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হব ,এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। যদি আজি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে তেন্তে নিজৰ বস্তু-বাহানিৰ তদাৰক অথবা অতিৰিক্ত সুৰক্ষাৰ দিয়াৰ আৱশ্যকতা আছে। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে । যিকোনো কাম যেতিয়ালৈকে সম্পুৰ্ণ নহয় তেতিয়ালৈকে নতুন কাম হাতত নল’ব,যদি আপুনি এনেকুৱা নকৰে ভৱিষ্যতে আপোনাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

পঢ়ক আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, January 29, 2022)

নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক।মনত ৰাখিব - এই পাৰ্থিৱ শাৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আজি আপুনি প্ৰিয়জনৰ প্ৰেমত সম্পূৰ্ণতা অনুভৱ কৰিব।এই বাবে আজি আপোনাৰ দিন বহুত ধুনীয়া হব। সময়ৰ লগত চলাটো আপোনাৰ বাবে খুবেই ভাল কিন্তু লগতে এইটো কথাও মনত ৰাখিব যে যেতিয়াই আপুনি অৱসৰ সময় পাব নিজৰ ঘনিষ্ঠজনৰ লগত সেই সময় কটাব। আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক। ঠাণ্ডা পানী খোৱাটো আজি আপোনাৰ বাবে হানিকাৰক বুলি পৰিগণিত হব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, January 29, 2022)

ক্ষনিক আবেগত ভাহি কোনো নিৰ্ণয় নলব ,ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। আপুনি ঘুৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিব লগীয়া হ'ব পাৰে। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। অন্যাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপুৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। সাধাৰণৰ বিবাহিত জীৱনত আজি ৰ দিনটো এটা সুস্বাদু মিঠাইৰ দৰে। আপুনি কিছু সময় আপোনাৰ ব্যক্তিত্ব ঠিক কৰাত ব্যৱহাৰ কৰিব। কাৰণ আকৰ্ষক ব্যক্তিত্ব আত্ম নিৰ্ভৰ হোৱাত বহুত ডাঙৰ বৰঙনি যোগায়।

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

পঢ়ক আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল

তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, January 29, 2022)

স্বাস্থ্যৰ ফালেদি এই সময়খিনি আপোনাৰ কঠিন যাব ,সেইবাবে খোৱা বোৱাৰ ভলকৈ যত্ন লব। যিসকল বিবাহিত সিহতঁৰ আজি নিজৰ সন্তানৰ পঢ়া শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হব। আপুনি নিজৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে,লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক ,নহ'লে এই সম্পৰ্কক আপুনি শলঠেকত পেলাব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। ওৱৰ চুবুৰীয়াই আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে ,কিন্তু আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক বহুত শক্তিশালী সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহব। অকৰ্মণ্যতাইপতনৰ মূল ,ধ্যান অথবা যোগাভ্যাসৰ জৰিয়তে আপুনি এই জড়তা দূৰ ক্কৰিবলৈ সক্ষম হব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, January 29, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হব পাৰে। সন্তানৰ লগত সময় অতিবাহিত কৰাটো বিশেষ হব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱ-দূতৰ দৰে হব ,এই মুহূৰ্ত বোৰক উদযাপন কৰক। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, January 29, 2022)

ঘৰত হতাশাৰ পৰিৱেশ এটা আপোনাক খঙ উঠাব পাৰে। ইয়াক দবাই থলে আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হব পাৰে ।শাৰীৰিক গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। বেয়া অৱস্থাৰ পৰা দূৰত থকাই মংগল। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হৈ থাকিব ,কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। পাৰম্পৰিক নিয়ম আৰু কোনোবা পৱিত্ৰ আয়োজন ঘৰত কৰা উচিত । প্ৰেমৰ এই যাত্ৰা চুটি কিন্তু মৰমেৰে ভৰা হব। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে । ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ’ব।

জানক আপোনাৰ ২০২২ বৰ্ষৰ ৰাশিফল

পঢ়ক আপোনাৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল

মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, January 29, 2022)

গৰ্ভ্বতী মহিলা অতিৰিক্ত সাৱধান হোৱা ভাল। উপদেশ অবিহনে আজি কতো ধন বিনিয়োগ নকৰিব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। যদি আপুনি কিবা খেলত পাৰ্গত হয় তেন্তে আপুনি সেইটো খেল খেলি থকাটো আপোনাৰ বাবে বহুত ভাল ।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, January 29, 2022)

আপোনাৰ হাাহি মুখীয়া স্বভাৱে অন্যক সুখী কৰিব। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হব ,যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। আপুনি আপোনাৰ ভাৱনাক নিয়ন্ত্ৰিত কৰাত জটিলতাৰ সন্মূখীন হব পাৰে। কিন্তু ওচৰে-পাজৰে থকা লোক সকলৰ লগত কাজিয়া নকৰিব নহলে নিঃসংগতা ই খুলি খুলি খাব। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোব দুৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোতে গুছি যাব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব। আপোনাৰ জীৱন সংগী ৰ লগত কেণ্ডেল লাইট ডিনাৰ কৰাৰ সম্ভাৱনা আছে,আপোনাৰ সপ্তাহৰ গোটেই ভাগৰ দূৰ হব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, January 29, 2022)

আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হব পাৰে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পুৰ্ণ সম্ভাৱনা আছে , আপোনাৰ প্ৰেমাস্পদ আজি বিয়াৰ কথালৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। বাদ্যযন্ত্ৰ বজাব জানে যদি আজি আপোনাৰ দিন সংগীতময় ভাৱে অতিবাহিত হব পাৰে।


SeeHere is theComments

Sponsored

close