> আপুনি পইতা ভাত খাই পাইছেনে? পইতা ভাতৰ আছে এই সমূহ চমৎকাৰী লাভালাভ । জানি আচৰিত হব আপুনিও - Benifit of poita bhat assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

আপুনি পইতা ভাত খাই পাইছেনে? পইতা ভাতৰ আছে এই সমূহ চমৎকাৰী লাভালাভ । জানি আচৰিত হব আপুনিও - Benifit of poita bhat assamese

 

আপুনি পইতা ভাত খাই পাইছেনে? পইতা ভাতৰ আছে এই সমূহ চমৎকাৰী লাভালাভ । জানি আচৰিত হব আপুনিও  - Benifit of poita bhat assamese



পইতা ভাত সাধাৰণতে উখোৱা চাউলৰ ভাতক ১২ ঘণ্টা মান পানীত তিয়াই ৰাখি প্ৰস্তুত কৰা হয়। উখোৱা চাউল নহলেও অন্য চাউলৰ ভাত হলেও হয় সাধাৰণতে পইতা ভাত কৰি খোৱা যায় । ভাৰতৰ ভাতৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যকেইখনৰ সকলো লোকৰে পৰিচিত এই পইতা ভাত। পইতা ভাতক ইংৰাজীত কোজি ৰাইচ বুলি কোৱা হয়। গৰমৰ দিনত পইতা ভাত অসমীয়া সমাজত সকলো লোকে খাই ভাল পায়, কাৰণ পইতা ভাত খালে গৰমৰ দিনত বহুত শীতল অনুভৱ হয় । এই ভাতৰ লগত পুৰা, পিটিকা, আচাৰ, খৰিছা, ভাজি, নেমু টেঙা বা বেহুৱা আদি লৈ খোৱা হয়। এই পইতা ভাতৰ সোৱাদেই কিছু সুকীয়া।

কেৱল যে সোৱাদ বা তৃপ্তি লভিবৰ বাবেই পইতা ভাত খোৱা হয় তেনে নহয়। পইতা ভাত আমাৰ শৰীৰৰ বাবেও বৰ উপকাৰী বুলি গণ্য কৰা হয়। অতীতত আমাৰ ককা- আইতাৰ দিনত গাঁৱলীয়া সমাজত পইতা ভাতৰ প্ৰচলন বহুত আছিল। পথাৰত কাম কৰিবলৈ যোৱাৰ আগতে পুৱাই পইতা ভাত খাই গাঁৱলীয়া কৃষক সকল ওলাই গৈছিল আৰু তেওঁলোক সদায় সুস্থ সবল হৈ আছিল । জানক আহো এই পইতা ভাতৰ কি এনে আচৰিত লাভালাভ আছে —

১। এই ভাত খালে শৰীৰত কেলৰি আৰু চৰ্বি জমা নহয়।

২। এই ভাতত আমাৰ শৰীৰৰ বাবে উপকাৰী প্ৰায়  সকলো খিনি উপদানেই থাকে। এই ভাতক প্ৰায় ১২ ঘণ্টা সময় তিয়াই থোৱা হয় বাবে ইয়াত বহুতো উপকাৰী বেক্টেৰিয়াৰ সংযোগ ঘটে। তাৰ উপৰিও শৰীৰৰ বাবে উপকাৰী লেক্টিক এচিড আৰু ভিটামিন— B উৎপন্ন হয়। পানীত তিয়াই থোৱা বাবে ইয়াত পটাচিয়াম আৰু আয়ৰণৰ মাত্ৰও বৃদ্ধি হয়।

৩। পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে।

৪। পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ-কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে।

৫। এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে।

৬। পইতা ভাত খালে দেহত সোনকালে বয়সৰ প্ৰভাৱো নপৰে।

৭। পইতা ভাতত পটাচিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে এই ভাত খালে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

৮। এই ভাত খালে লিভাৰো সুৰক্ষিত হৈ থাকে।

৯। কেলচিয়াম কম থকা ব্যক্তিৰ বাবে পইতা ভাত অতি উপকাৰী। কাৰণ প্ৰতি 100 গ্ৰাম পইতা ভাতত 850 মিলিগ্ৰাম থাকে, কিন্তু গৰম ভাতত  29 মিলিগ্ৰামহে থাকে।

১০। এই ভাতত আয়ৰণৰ পৰিমাণ বেছিকৈ থকা বাবে ৰক্তহীনতাত ভোগা ৰোগী সকলৰ বাবে অতিকৈ উপকাৰী।

১১। পইতা ভাতত চৰ্বীৰ পৰিমাণ কম থাকে বাবে এই ভাত খালে মানুহ শকত নহয়।

১২। এই ভাত খালে পেট খোলোছা হোৱাৰ লগতে পেটৰ নানান সমস্যা সমূহো দূৰ হয়।

 গতিকে জানিব পাৰিলে এই পইতা বা পন্তা ভাত কিমান উপকাৰী। যদি আপুনি এই লিখনি পঢ়ি ভাল পালে তেন্তে ইয়াক আপোনাৰ ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব নাপাহৰিব।

Related Search
Assamese health tips
poita bhat benifit
পইতা ভাত
পন্তা ভাত উপকাৰিতা
health tips
health insurance policy for home
health insurance tips
latest health tips

SeeHere is theComments

Sponsored

close