> New Covid SOP : ভোগালী বিহু পালন কৰিব পাৰিবনে? নতুন SOP প্ৰকাশ কৰি মাঘ বিহুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে - নিয়মীয়া খবৰ

ads5

ads2

adsz

New Covid SOP : ভোগালী বিহু পালন কৰিব পাৰিবনে? নতুন SOP প্ৰকাশ কৰি মাঘ বিহুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে

 

New Covid SOP : ভোগালী বিহু পালন কৰিব পাৰিবনে? নতুন SOP প্ৰকাশ কৰি মাঘ বিহুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে


কোভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন এছঅ’পি। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰিলে নতুন এছঅ’পি। আন বিভিন্ন বাধা–নিষেধৰ লগতে মাঘ বিহুক লৈও মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভোগালী বিহু সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘দহ বজালৈ বিহু খাওক৷ দহ বজাত ঘৰলৈ যাওক৷ ভেলা ঘৰত থাকিব নালাগিব৷ পুৱা ছয় বজাত আহি পুনৰ ভেলাঘৰ জ্বলাব পাৰিব৷ উৰুকাৰ মাছৰ বজাৰত যথেষ্ট হয়৷ সেয়ে লাইন আপ কৰিব আৰক্ষীয়ে।’’

উল্লেখযোগ্য এতিয়াৰে পৰা কোভিডৰ চিকিৎসা বিনামূলীয়া নহ’ব। কেৱল দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকৰ বাবেহে বিনামূলীয়া হ’ব। চৰকাৰী হাস্পতালত চৰকাৰী হিচাপত খৰছ দিব ৰোগীয়ে৷ কোভিড কেয়াৰ চেণ্টাৰত ফীজ দিব নালাগে৷

ইফালে, কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ থাকিব সান্ধ্য আইন। আজিৰে পৰা মাস্ক পিন্ধিব লাগিব ৷ নহ'লে আৰক্ষীয়ে ফাইন কাটিব৷

নতুন এছঅ’পি অনুসৰি, হোটেল, ৰেষ্টুৰেণ্ট আৰু চৰকাৰী কাৰ্যালয় আহিবলৈ হ'লে দুই পালি ভেকচিন ল'বই লাগিব৷ দুই পালি ভেকচিন লোৱাসকলে চাৰ্টিফিকেট দেখুৱাইহে প্ৰৱেশ কৰিব লাগিব৷ হোটেল, ৰেষ্টুৰেণ্টত আৰু চিনেমা হ'ল দুই পালি ভেকচিন নোলোৱা মানুহক প্ৰৱেশ কৰিব দিলে মালিক জগৰীয়া হ'ব৷ নহ'লে মালিকসকলে দিব লাগিব ২৫ হাজাৰ টকা ফাইন।

চৰকাৰী চাকৰিয়ালেও কাৰ্যালয়ত দুই পালি ভেকচিন নল'লে আহিব নোৱাৰিব ১৫ জানুৱাৰীৰ পৰা৷ কিন্তু ছুটী নাপাব৷ ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা সকলৰ বাবে সম্পূৰ্ণ লক ডাউন। কেৱল হাস্পতাললৈ হে যাব পাৰিব। কাইলৈৰ পৰা ৩১ জানুৱাৰীলৈ পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব স্কুল।

Related Search
Assamese news live 
new SOP news assam
Assam Latest sop news 
news assam
Himanta Biswa Sarma 
magh bihu sop
bhogali Bihu sop
magh Bihu 2022
SeeHere is theComments

Sponsored

close