> ১২ ফেব্ৰুৱাৰী, শনিবাৰ। কাইলৈ দিনটোৰ ৰাশিফল ।জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 12 February Saturday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১২ ফেব্ৰুৱাৰী, শনিবাৰ। কাইলৈ দিনটোৰ ৰাশিফল ।জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 12 February Saturday - Tomorrow's horoscope in assamese

১২ ফেব্ৰুৱাৰী, শনিবাৰ। কাইলৈ দিনটোৰ ৰাশিফল ।জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 12 February Saturday - Tomorrow's horoscope in assamese



 মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, February 12, 2022)

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। সন্তানৰ লগত জড়িত সমস্যা সমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগ কৈ ওলাওক। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈয়ো অধিক ভাল পায় । অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন । আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব। ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিবৰ বাবে কেতিয়াও দেৰি হৈ নাযায় ,আপুনি আজিৰ দিনটো বহুত ভালভাৱে নিজৰ ভৱিষ্যতৰ বিষয়ে পৰিকল্পনা কৰি অতিবাহিত কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সময়ৰ সদ্ব্যৱহাৰ কৰাও হব।

চিকিৎসা :- নিঃসংগতা দূৰ কৰিবৰ বাবে 12 বিধ জ্যোতিলিঙ্গৰ নাম উচ্চাৰণ কৰক।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, February 12, 2022)

হৃদ-ৰোগীৰ বাবে কোফি খোৱা এৰাৰ বাবে এইটোয়ে ভাল সময় । এতিয়া ইয়াৰ অলপ ব্যৱহাৰো আপোনাৰ হৃদয়ৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে। আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হব। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হব াৰু এইবাbএ মানসিক অশান্তিৰ কাৰণো হব পাৰে। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰী আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে।আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে।। আপোনাৰ জীৱন সংগীক চাৰ প্ৰাইজ দি থাকক,নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাৱিব ধৰিব। আজি বহুত ধুনীয়া দিন -চিনেমা, পাৰ্টী আৰু বন্ধুৰ লগত ঘুৰা-ফুৰা কৰাৰ সম্ভাৱনা আছে।

চিকিৎসা :- গাখীৰ অথবা দৈৰ সেৱন স্বাস্থ্যৰ বাবে বহুত লাভজনক।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, February 12, 2022)

আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন ,বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। আপোনাৰ সন্তান আজি এক ৰোমাঞ্চকৰ খবৰ আনিব পাৰে। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল'ব। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব আৰু এই বিষয়ে ভাৱি ভাৱি সময়ো বৰবাদ কৰি দিব। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হব পাৰে। আপোনাৰ সংগী আজি আপোনাৰ বাবে আজি এটা চাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে যাৰ ফলত আপোনাৰ গোটেই দিনৰ ভাগৰ শেষ হৈ যাব।

চিকিৎসা :- এটা মসৃণ আৰু সহজ প্ৰেম জীৱনৰ বাবে নাৰিকল আৰু সাঁতটা কাঠ বাদাম যিকোনো ধাৰ্মিক স্থলত দান কৰক ।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, February 12, 2022)

আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। খৰচত বৃদ্ধি হব,কিন্তু লগতে আমদানী ত হোৱা বৃদ্ধিত ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো েৰাৰ এয়াই ভাল সময় । জীৱনৰ খোলা-বমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক । আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত কৰব্বত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাৱি চিন্তি পিন্ধিব । যদি আপুনি এনে নকৰে তেখেত বেয়া পব পাৰে। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব। যদি আপোনাৰ মাত সুৱলা হয় তেনেতে গান এটা গাই আপোনাৰ প্ৰেমিকক আজি আপুনি সুখী কৰিব পাৰিব।

চিকিৎসা :- আপোনাৰ ডাঙৰ ককায়েকৰ বিচাৰক সন্মান কৰা শিকক আৰু তেখেতৰ কথা শুনিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, February 12, 2022)

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। যাক আপুনি ভাল পায় ,তেখেতৰ লগত থকা ভুল বুজাবুজি সমূহ আজি সমূলি দূৰ হৈ যাব পাৰে। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হব। অন্যাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপুৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। কোনোবা নিকটতম আৰু পুৰণি বন্ধুক লগ পাই আজি আপুনি অতীত ৰোমন্থন কৰি সুখ অনুভৱ কৰিব পাৰিব।

চিকিৎসা :- সুস্থ আৰু সফল প্ৰেম জীৱনৰ বাবে নিজৰ প্ৰেমাস্পদক এটা ৰূপৰ হাতী উফাৰ হিচাপে দিয়ক।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, February 12, 2022)

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব,কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনা সমূহত বাধা আহি পাব পাৰে। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ'ব আৰু বিশ্ৰাম কৰক। আজিৰ দিনাখন আৰম্ভ কৰা নিৰ্মাণ কাৰ্য সন্তোষ জনক ভাৱে পূৰণ হব । বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োঅজন অনুভৱ কৰিব পাৰে। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে । আপোনাকো আপোনাৰ ব্যৱহাৰ্ত সৰলতা আনাটো দৰকাৰ।

চিকিৎসা :- অৰ্থনৈতিকভাৱে দুৰ্বল ব্যক্তিসকলৰ মাজত সেউজীয়া ৰংৰ কাপোৰ বিতৰণ কৰিলে প্ৰেম জীৱন অধিক ভাল হ'ব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, February 12, 2022)

ব্বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে ,নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক এইবোৰ বৰ্জন কৰিবৰ বাবে । আৰ্থিক দৃষ্টিৰ পিনেদি চাব গলে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব । আজি আপোনাৰ ধন লাভ হব কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিক ভাৱে হতাশ কৰি তুলিব পাৰে। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি লব। যেতিয়া আপোনাৰ ওচৰত অধিক খালী সময় থাকিব তেতিয়া ঋণাত্মক চিন্তাক লৈ অধিক চিন্তিত নহ'ব। অন্তঃ ধনাত্মক কিতাপ পঢ়ক ,মনোৰঞ্জক চিনেমা দেখক অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰক।

চিকিৎসা :- মাক আৰু শাহু আইৰ লগত বজাৰ কৰিবলৈ যাওঁক , এনেকৈ মাজে মাজে ফুৰিবলৈ গলে সকলোৰে মন ভাল থাকিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, February 12, 2022)

খোৱা-লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক,যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে । এই ৰাশিৰ বিবাহিত ব্যক্তি সকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাাৰ বন্ধুৰ উদাৰ ভাৱৰ ভুল ব্যৱহাৰ নকৰিব। অনাকাংক্ষিত ভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। আজি আপুনি নিজৰ জীৱন লগৰীৰ দৈৱিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে। মদ বা চিগাৰেটৰ অধিক সেৱনে আজি আপোনাক অসুস্থ কৰি তুলিব পাৰে।

চিকিৎসা :- ককাদেউতা আৰু তেখেতৰ সমবয়সীয়াল ব্যক্তিক মান সন্মান প্ৰদান কৰিলে আপুনি নিজৰ নিৰাশাজনক অৱস্থাৰ পৰা মুক্তি পাব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, February 12, 2022)

স্বাস্থ্য ৰ যত্ন লওক, নহ'লে অসুবিধা হ'ব পাৰে। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে যিহতে আপোনাক আগৰ ধাৰে লোৱা পইচাই ঘুৰাই দিয়া নাই। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময় বোৰ অতিবাহিত কৰক। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। আপোনাৰ গোটেই দিন অবাবত নষ্ট হৈ গল বুলি দুখ কৰি নাথাকিব ,এতিয়া কেনেকৈ বাকী থকা সময় খিনি আপুনি ভালকৈ সময়ৰ ব্যৱহাৰ কৰিব সেই বিষয়ে চিন্তা কৰক।

চিকিৎসা :- নদীত মাটিমাহৰ দালি , ক’লা তিল আৰু নাৰিকল প্ৰবাহিত কৰিলে স্বাস্থ্য ভালে থাকিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, February 12, 2022)

বাহিৰত অৰ্থাত যেতিয়া খোলা দোকান সমুহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন । তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ’ব ,কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহতঁৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আজিৰ দিনটো ভাৱি চিন্তি চলিব। আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সহযোগ ৰ বাবে আপুনি নতুন আত্ম বিশ্বাস আৰু ৰোমাঞ্চেদি ভৰপূৰ হৈ পৰিব। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। সময় কিমান দ্ৰুত গতিত আগবাঢ়ে সেই কথা আজি এজন পুৰনি বন্ধুক লগ পাই আপোনাৰ অনুভৱ হ’ব।

চিকিৎসা :- ক’লা আৰু বগা মুকুতাৰ মালা পিন্ধিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, February 12, 2022)

স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। পাৰম্পৰিক নিয়ম আৰু কোনোবা পৱিত্ৰ আয়োজন ঘৰত কৰা উচিত । আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপোনাৰ জীৱন লগৰী আপোনাৰ দূৰ্বলতাখিনিক আপোনাক দূৰ্বল কৰিব নিদিব যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব। সৰু ভাইটীৰ লগত ফুৰিব যাব পাৰে, ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধ বেছি কটকটীয়া হ’ব।

চিকিৎসা :- তামৰ পইচা আৰু ৰূপ গাখীৰ আৰু চাউলে দি ধুই মাটীত পুতি থওক, আৰু বাকী থকা চাউল আৰু গাখীৰ বাহিৰৰ গছত দিয়ক ,এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, February 12, 2022)

আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হব। ঘৰৰ মানুহৰ লগত সময় অতিবাহিত কৰিলে সুখী অনুভৱ কৰিব। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনা সমূহক বুজিব চেষ্টা কৰক। সময়ৰ চকা বহু দ্ৰুত গতিত চলে সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওঁক। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। বন্ধুৰ লগত আপুনি বহুত ধুনীয়া সময় অতিবাহিত কৰিব পাৰে,এনেকুৱা কিছুমান ঠাইত যোৱাৰ সম্ভাৱনা আছে য'ত গলে আপুনি নতুন মানুহ লগ পাব।

চিকিৎসা :- বুটৰ দালি গাই গৰুক খুৱালে আৰ্থিক স্থিতি ভাল হ’ব

SeeHere is theComments

Sponsored

close