> ৫ ফেব্ৰুৱাৰী, শনিবাৰ। অহাকালি দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 5 February, Saturday tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৫ ফেব্ৰুৱাৰী, শনিবাৰ। অহাকালি দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 5 February, Saturday tomorrow's horoscope in assamese

৫ ফেব্ৰুৱাৰী, শনিবাৰ। অহাকালি দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 5 February, Saturday tomorrow's horoscope in assamese

tomorrow assamese horoscope


 মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday,February 5, 2022)

সৰু সৰু বস্তুসমূহক নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। আজি কোনোবা লেনদাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফিৰত বিচাৰিব পাৰে। আপুনি ধন ঘুৰাই দিয়াৰ পিছত আৰ্থিক ভাৱে দূৰ্বল হব। আপোনাক পৰামৰ্শ দিয়া হল যে ঋন লোৱাৰ পৰা বিৰত থাকক। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। ব্যক্তিগত বিষয় সমূহ নিয়ন্ত্ৰণত থাকিব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আজি আপুনি নিজৰ জীৱন সংংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰাৰ আদান প্ৰদান কৰিব। ৰাতি আপুনি কাকো নোকোৱাকৈ ঘৰৰ বহিৰত ওলাই যাব পাৰে কাৰণ আপুনি কিবা মন দ্বন্দ্বৰ মাজত থাকিব যাৰ সমাধান আপুনি উলিয়াব পৰা নাই।

চিকিৎসা :- আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ ৰঙা অথবা গেৰুৱা ৰঙৰ কুকুৰ পালক।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, February 5, 2022)

প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। কিছু দিনৰ পৰা আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত অলপ ধ্যান কেন্দ্ৰীত কৰক । অৱশ্যে আজি আপুনি সামাজিক কাৰ্যত অধিক ধ্যান দিয়ক আৰু প্ৰয়োজনত থকা মানুহ সমূহক সহায় কৰিবলৈ চেষ্টা কৰক। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। কোনোবা এনেকুৱা ব্যক্তিৰ ফোন আহিব পাৰে যাৰ লগত আপুনি বহুত দীঘলীয়া সময়ৰ পৰা কথা কব বিচাৰি আছিল ,বহুত এনেকুৱা পূৰণি কথা মনত পৰিব যিবোৰে আপোনাক এতিয়াও সতেজতা প্ৰদান কৰে আৰু এইবোৰ স্মৃতিয়ে আপোনাক আগৰ দিনলৈ উভতাই লৈ যাব।

চিকিৎসা :- ঘৰত তিলৰ তেল দি তাত অলপ ক'লা বগা তিল মিহলাই চাকি জ্বলালে পাৰিবাৰিক সুখ লাভ হব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, February 5, 2022)

ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। আপুনি আপোনাৰ জীৱনৰ কিছু সময় আপোনাৰ হবি ,ইচ্চা পূৰণ কৰাত আৰু পৰিয়ালৰ সদস্যসকলক সহায় কৰাত অতিবাহিত কৰক। ৰোমান্টিক সাক্ষাতকাৰ বহুত ৰোমাঞ্চকৰ হব কিন্তু অলপ সময়ৰ বাবেহে এই দেখা কৰা সম্ভৱ হব। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হব লগা হৈ আছে। আপোনাৰ সংগী আজি আপোনাৰ বাবে আজি এটা চাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে যাৰ ফলত আপোনাৰ গোটেই দিনৰ ভাগৰ শেষ হৈ যাব।

চিকিৎসা :- শোৱাকোঠালীত ক্ৰিষ্টল বল ৰাখিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, February 5, 2022)

আপোনাৰ পৰিয়ালৰ লোক আপোনাৰ পৰা বহুত বেছি আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। এক মজাৰ সন্ধিয়াৰ বাবে বন্ধু আপোনাক সিহঁতৰ ঘৰলৈ মাতিব পাৰে। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হব। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিৱাব নোৱাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰয়োজনীয়তা সমূহ অৱহেলা কৰিব পাৰে , যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে। যদি আপোনাৰ লগত কোনোবাই কথা পাতিব বিচাৰে আৰু আপোনাৰ সেই সময়ত কথা পাতিব মন নাথাকে তেনেতে তেখেতক সেই কথা ভালকৈ বুজাই দিয়ক।

চিকিৎসা :- ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে শিৱ পূজন কৰক।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, February 5, 2022)

জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব । আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দুখী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ'ব । এই অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ'ব কাৰণ এইটোয়ে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেন দেন কৰা সময়ত সাৱধানে থাকক। পাৰিবাৰিক সমাৰোহত নতুন বন্ধু পাব পাৰে। অৱশ্যে বন্ধু চিনাক্ত হোৱাত সাৱধান হওক। ভাল বন্ধু বিচৰা লুকাই থোৱা ধনতকৈ অধিক কঠিন,যি সদায় আপোনাৰ লগত সকলো সময়তে থাকিব। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। মিডিয়া ৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো ভাল যাব।

চিকিৎসা :- শোৱাৰ বাবে পাটীৰ ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ’ব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, February 5, 2022)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ ধন তেতিয়া হে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব , এই কথা টো ভাল দৰে জানি লওক নহলে আহিব লগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হব পাৰে। যদি আপোনাৰ বাবে এনেকুৱা ঠাইৰ পৰা সুযোগ আহে য'ত আপুনি প্ৰথমতে কেতিয়াও নাই যোৱা ,তেন্তে আপুনি সেই প্ৰস্তাৱ কৃতজ্ঞতাৰে স্বীকাৰ কৰি লোৱা উচিত। প্ৰপ্ৰেমৰ ফালেদি চাব গলে আজি এক ৰোমাঞ্চকৰ দিন ।সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব ,যদি আপুনি এনেকুৱা ভাল কামত অকণ মানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। দীঘলীয়া সময়ৰ অন্তত আপুনি ধুনীয়াকৈ এঘুমটি মাৰি লব পাৰিব,টোপনিৰ পিছত আপুনি বহুত শান্ত আৰু সতেজ অনুভৱ কৰিব ।

চিকিৎসা :- ঘৰৰ প্ৰত্যেক মহিলাৰ সন্মান কৰা শিকিলে আৰ্থিক স্থিতি সবল হ’ব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, February 5, 2022)

অৱসাদৰ বিপক্ষে আপোনাৰ হাহিঁয়ে আজি জয়ী সাবস্ত্য হব। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। সেইসকল লোকৰ লগত মিলা-প্ৰীতি কমাই দিওঁক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন। আজি বাহিৰৰ খোৱা বস্তুই আপোনাৰ পেত বেয়া কৰিব পাৰে। এইবাবে আজি বাহিৰত খোৱাটো পৰিহাৰ কৰক।

চিকিৎসা :- টোপনি বজাল হবলৈ ক'লা কুকুৰক গাখীৰ আৰু ৰুটি খুৱাওক।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, February 5, 2022)

স্বাস্থ্যৰ অধিক যতন লোৱা উচিত। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। যদি কৰোবাত বাহিৰত যোৱাৰ পৰিকল্পনা আছে তেনেতে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। আপোনাৰ গোটেই দিন অবাবত নষ্ট হৈ গল বুলি দুখ কৰি নাথাকিব ,এতিয়া কেনেকৈ বাকী থকা সময় খিনি আপুনি ভালকৈ সময়ৰ ব্যৱহাৰ কৰিব সেই বিষয়ে চিন্তা কৰক।

চিকিৎসা :- পলাশপূষ্পসংহাসম তাৰকাগ্ৰহমস্তকম, ৰৌদ্ৰামৰৌদ্ৰাত্মংক ঘোড়া তাম কেতুম প্ৰণমাম্যহম। এই মন্ত্ৰৰ ১১ বাৰ জাপ কৰক।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, February 5, 2022)

আপুনি আজি মানসিক আৰু শাৰীৰিক ভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে , অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘুৰাই অনাত আপোনাক সহায় কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোব দুৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোতে গুছি যাব। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে , যিমান দূৰ সম্ভৱ কথা আগ বাঢ়িব নিদিব। আজিিৰ দিনটো আপোনাৰ বাবে এটা লেখত লবল'গীয়া দিন হ'ব পাৰে ,, আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হব পাৰে।

চিকিৎসা :- ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে শিৱ পূজন কৰক।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, February 5, 2022)

ক্ষনিক খঙ ,বিবাদ আপোনাৰ দূৰ্ভাৱনাৰ কাৰণ হব পাৰে। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতে আপোনাৰ বেয়া ভাৱে লাভ উঠাব বিচাৰিব। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। কোনোবা এনে এজন ব্যক্তিৰ সান্নিধ্যত সময় অতিবাহিত কৰা যাক আপুনি পচন্দ নকৰে তেতিয়া আপোনাৰ নিজকে আবদ্ধ হৈ থকা বুলি অনুভৱ হব, সেইবাবে বহুত ভাৱি-চিন্তি কাৰোবাৰ লগত বাহিৰলৈ ওলাই গ'লে আপোনাৰেই বাবে মংগল।

চিকিৎসা :- গাখীৰ, চাউল আৰু চেনি দি তৈয়াৰী হোৱা মিষ্টান্ন তৈয়াৰ কৰক , চন্দ্ৰোদয় হোৱাৰ পিছত চন্দ্ৰৰ পোহৰত বহি এই পায়স খাওক আৰু পৰিয়ালৰ সুখ অটুট ৰাখক।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, February 5, 2022)

আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আপোনাৰ ভৱিষ্যত ক সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। পাৰিবাৰিক সদস্যৰ সহায় আপোনাৰ প্ৰয়োজনৰ ধ্যান ৰাখিব। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। যিসকল লোক কামত ব্যস্ত আছিল সিহতঁ আজি নিজলৈ সময় পাব পাৰে কিন্তু ঘৰত কাম এটা আহি যোৱা বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। এই দিনটো আপোনাৰ কাৰণে বসন্তৰ দৰে হব-প্ৰেম আৰু সুখেৰে ভৰা ,য'ত আপুনি আৰু আপোনাৰ জীৱন লগৰী চিৰ জীৱন একেলগে থাকিব। লোকৰ পৰা দুৰত থকাটো কেতিয়াবা জীৱনৰ বাবে বহুত জৰুৰী কিন্তু আপোনাৰ ভাল চিন্তা কৰা মানুহৰ পৰা দুৰত্ব নাৰাখিব।

চিকিৎসা :- গুৰেদি বনোৱা হালোৱা দুখীয়া মানুহৰ মাজত বিতৰণ কৰিলে মনত সুখ লাভ কৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, February 5, 2022)

নিজকে সদায় উৎসাহী কৰাই ৰাখিবৰ বাবে নিজৰ কল্পনাসমূহত ধুনীয়া আৰু উৎসাহী ছবি বনাই ৰাখক। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গলে আজি আপোনাৰ আৰ্থিক হানি হব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোক সকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। আপুনি ৰোমাণ্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ সেয়ে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰি থাকিব। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশ টো প্ৰকাশ কৰিব পাৰে।

চিকিৎসা :- ৰূপ্ৰ টুকুৰা অথবা ৰূপৰ মুদ্ৰা পকেটত সদায় ৰাখিলে আপোনাৰ ধন বৃদ্ধি হ’ব।


SeeHere is theComments

Sponsored

close