> ২১ মাৰ্চ, সোমবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 21 March , Monday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২১ মাৰ্চ, সোমবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 21 March , Monday - Tomorrow's horoscope in assamese

 ২১ মাৰ্চ, সোমবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 21 March , Monday - Tomorrow's horoscope in assamese




মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, March 21, 2022)

আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। আপোনাৰ জেদী স্বভাৱৰ বাবে ঘৰৰ মানুহৰ মনত দুখ পাব পাৰে ,আনকি ঘনিষ্ঠ বন্ধু-বান্ধৱো আঘাত পাব পাৰে। আপোনাৰ প্ৰিয়জনে আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব,কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আজি এনেকুৱা বহুত বস্তু সংঘটিত হব ,যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। জীৱন লগৰীৰ পূৰ্ণ সহযোগ নোপোৱা বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, March 21, 2022)

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। অনাকাংক্ষিত ভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হব আৰু দিনটো বহুত ভাল ভাৱে আপোনাৰ অতিবাহিত হব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। যিসকল লোক এতিয়ালৈকে অকলশৰীয়া আছিল আজি সিহতঁৰ কোনোবা বিশেষ মানুহৰ লগত ভেট হব পাৰে অৱশ্যে কথা আগবঢ়োৱাৰ আগত এইটো নিশ্চয় জানি লব যে তেখেত যাতে আগৰ পৰা বেলেগৰ লগত কোনো প্ৰেম জনিত সম্বন্ধৰ লগত জড়িত নহয়। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে যি নিজৰ সহায় নিজে কৰিব জানে। কোনোবা পূৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ স্মৃতি সমূহ সতেজ কৰিব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, March 21, 2022)

মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এইটোয়ে ভাল দিন ।আপুনি বুজিব লাগে যে মাদক দ্ৰৱ্য সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। যিকোনো ধুনীয় নতুন চিন্তা অথবা বিচাৰ আপোনাক আৰ্থিক ভাৱে লাভান্বিত কৰিব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি আজি প্ৰেমত এক ঐশ্বৰিক অনুভুতিৰ অনুভৱ কৰিব ,এই অনুভূতিক অনুভৱ কৰিবৰ বাবে অলপ সময় নিজৰ লগত অতিবাহিত কৰক। আজি আপুনি বেলেগ দিনৰ তুলনাত আপোনাৰ লক্ষ্য কিছু উচ্চ স্তৰ ত ৰাখিব পাৰিব ,যদি পৰিণাম আপোনাৰ আশা কৰা ধৰণে নাহে তেনেত হতাশ নহ'ব। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, March 21, 2022)

সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। আপোনাৰ স্বভাৱক অস্থিৰ হব নিদিব, বিশেষকৈ আপোনাৰ পত্নী/পতিৰ লগত ,নহ'লে ঘৰত থকা শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। মাৰ্কেটিং ৰ ক্ষেত্ৰত কাম কৰাৰ আপোনাৰ উচ্চাকাংক্ষা ফলভূত হব পাৰে , ইয়াৰ ফলত আপুনি বহুত আনন্দ লাভ কৰিব আৰু এই কাম পোৱাৰ বাবে পোৱা আটাইবোৰ সমস্যা শেষ হৈ যাব। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, March 21, 2022)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব ,হ'ব পাৰে যে আপুনি বেলেগৰ দবাবত আছে আৰু সিহঁতক আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। প্ৰেমৰ সম্বন্ধ যদি কটকটীয়া কৰি ৰাখিব কৰি বিচাৰে তেন্তে কোনো তৃতীয়ৰ প্ৰলোভনত ভোল গৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বিষয়ে অযথা কথা নাভাবিব। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটী হব পাৰে , ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত কৰবাত ফুৰিব যাব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, March 21, 2022)

ভিৰ ভাৰ থকা ঠাইত যাত্ৰা কৰা সময়ত বিশেষকৈ ৰক্তচাপ ৰোগী সকল অতিৰিক্ত সাৱধান হোৱআৰ আৱশ্যকতা আছে। এই ৰাশিৰ বিবাহিত ব্যক্তি সকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তান আজি এক ৰোমাঞ্চকৰ খবৰ আনিব পাৰে। আজি হঠাৎ কাৰোবাৰ লগত ৰোমাণ্টিক সাক্ষাৎকাৰ হব পাৰে। আপোনাৰ প্ৰফেশ্বনাল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে ।আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ,আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি আপুনি আপোনাৰ জীৱনসংগীক চাৰপ্ৰাইজ দিব পাৰে , আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। আপুনি আপোনাৰ জীৱন লগৰীৰ গুণ বোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, March 21, 2022)

আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই আপোনাৰ হতাশা সমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয় ,যি চুই দিয়াৰ লগত ফুটি যায়। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। যিমান আপুনি ভাৱিছিল , আপোনাৰ বন্ধু তাতকৈ অধিক সহায়কাৰী বুলি প্ৰমাণিত হব। প্ৰেম ৰোমাঞ্চ বহুত ৰোমাণ্টিক হব ,এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সচাকৈ ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক। যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয়ও হব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, March 21, 2022)

আপোনালোকৰ মাজৰ কিছুমানক আজি গুৰুত্বপুৰ্ণ নিৰ্ণয় লব লগা হব পাৰে,যাৰ ফলত আপুনি হতাশগ্ৰস্থ আৰু চিন্তিত হব পাৰে। আপুনি ঘুৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিব লগীয়া হ'ব পাৰে। ঘৰৰ লগত জড়িত যোজনা সমূহত বিচাৰ কৰাৰ প্ৰয়োজন আছে। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক ,কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। এই ৰাশিৰ জাতক সকল কৰ্মক্ষেত্ৰত লগাত কৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক নহলে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব ।এই ৰাশিৰ ব্যৱসায়ীসকলক পূৰণা বিনিয়োগৰ বাবে লোকচান হব পাৰে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আপুনি অনুভৱ কৰিব যে জীৱন লগৰীৰ প্ৰেম ,ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, March 21, 2022)

মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সৰ্বাংগীন বিকাস সম্ভৱ । মনত ৰাখিব সুস্থ চিন্ত ধাৰা অকল সুস্থ শৰীৰতহে নিবাস কৰে। ধন আপোনাৰ বাবে আৱশ্যকীয় কিন্ত পইচাৰ মোহত নিজৰ মানুহ বোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব অকল আপোনাৰ এক ভাল কামৰ সলনি। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, March 21, 2022)

দেউতাকে আপোনাক সম্পত্তিৰ পৰা বেদখল কৰিব পাৰে,কিন্তু নিৰাশ নহব। মনত ৰাখিব যে অধিক সম্পত্তি মনক দুৰ্বল কৰি তুলিব পাৰে আৰু অভাৱে তাক শক্তিশালী কৰি তুলিব পাৰে। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থ ঋণ লৈ থৈছে তেন্তে অনতিপলমে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক নহলে আপোনাৰ ওপৰত আইনী ব্যৱস্থা লব পাৰে। পৰিয়াল আৰু সন্তানৰ লগত অতিবাহিত কৰা সময় আপোনাৰ শক্তি পুনঃ জীৱিত কৰি তুলিব। সন্ধিয়াৰ সময় খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভ্ৰা হওক। অলপ কথা বাৰ্তা আৰু চতুৰতা আপোনাক লাভান্বিত কৰিব পাৰে। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, March 21, 2022)

নিজে নিজৰ চিকিৎসা নকৰিব,কাৰণ ঔষধৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। অংশীদাৰৰ ব্যৱসায়ত কৰি থোৱা কাম আজি লাভদায়ক ৰূপে পৰিগণিত হব ,কিন্তু আপুনি অংশীদাৰ সকলৰ বিৰোধৰ সন্মুখীন হব লগাত পৰিব পাৰে। খালী সময়ৰ সদ্ব্যৱহাৰ হব লাগে কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব, আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, March 21, 2022)

আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আজি আপোনাৰ জীৱন সংগীৰ লগত অৰ্থ সম্বন্ধীও বিষয়ক লৈ কাজিয়া হব পাৰে অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। আপোনাৰ বভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। কিছুমান ব্যক্তিৰ কাৰণে বিদেশৰ পৰা কিবা বিশেষ খবৰ আহিব আৰু ব্যৱসায়িক প্ৰস্তাৱ পাব পাৰে। সময়ৰ লগত চলাটো আপোনাৰ বাবে খুবেই ভাল কিন্তু লগতে এইটো কথাও মনত ৰাখিব যে যেতিয়াই আপুনি অৱসৰ সময় পাব নিজৰ ঘনিষ্ঠজনৰ লগত সেই সময় কটাব। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হব লগা হৈ আছে।

SeeHere is theComments

Sponsored

close