> ২৮ মাৰ্চ, সোমবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 28 March , Monday - Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৮ মাৰ্চ, সোমবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 28 March , Monday - Today's horoscope in assamese

২৮  মাৰ্চ, সোমবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 28 March , Monday - Today's horoscope in assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, March 28, 2022)

আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হল আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা ,নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। বিপদৰ সময়ত পৰিয়াল ৰ পৰা আপুনি সহায় আৰু পৰামৰ্শ লাভ কৰিব। আপুনি অন্যক লক্ষ্য কৰি বহুত কিছু শিক্ষা আহৰণ কৰিব পাৰে,এয়া আপোনাৰ আত্ম-বিশ্বাসক শক্তিশালী কৰি তুলিবৰ বাবে বহুত প্ৰয়োজনীয়। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব লগতে আনন্দৰে ভৰপূৰ হ'ব। এইটো তেনেকুৱা ভাল লগা দিন বোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হব । আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হব। ব্যৱসায়ী সকলোৰো আজি ব্যৱসায়ত লাভ ৰ যোগ আছে। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজি আপুনি প্ৰেমত ইমানেই আত্ম সন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুল বোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়া খিনিক অধিক বেঙুনীয়া দেখিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, March 28, 2022)

নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। চিন্তা নকৰাকৈ কাকো নিজৰ গাঁঠীৰ ধন বেলেগক দিব নালাগে, নহলে আহিবলগীয় সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মূখীন হব পাৰে। আপোনাৰ মূল্যৱান সময় সন্তানৰ ল্লগত অতিবাহিত কৰক। এয়াই সকলোতকৈ ভাল ঔষধ মানসিক শান্তিৰ,শিশু কেতিয়াও শেষ নোহোৱা সুখৰ উৎস বুলি প্ৰমাণিত হয়। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয় সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। কোনোবা অচিনাকী ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে,কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, March 28, 2022)

মানসিক ভাৱে আজি আপুনি অস্থিৰ থাকিবসেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোতে আৰু কথা পতোতে সজাগ থাকিব। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব আৰু লগতে অহা দিন বোৰত আপোনাৰ কৰি অহা কষ্ট সমূহ সফল হব। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিব যাওক ,আৰু ইয়াৰ ফলত আপোনাৰ বহুত লাভ হব। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। আপোনাৰ ভিতৰত নেতৃত্বৰ গুণ আৰু বেলেগক বুজিবৰ বাবে সংবেদনশীলতা আপোনাৰ মাজত থাকিব ,যদি আপুনি নিজৰ অভিব্যক্তিত আৰু অধিক কাম কাৰিব তেন্তে সফলতা আপোনাৰ কাষত আহিবই। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, March 28, 2022)

আপোনাৰ হিংসা প্ৰবৃতি আপোনাক দুখী আৰু হতাশ কৰিব পাৰে কাৰণ এই খিনি অকল আপোনাক কষ্ট দিব পাৰে সেইবাবে আপুনি যিমান পাৰে সোনকালে এইবোৰ বাদ দিয়ক। বেলেগৰ লগত সুখ দুখৰ ভাগ বটৰা কৰিলে আপোনাৰ স্বভাৱ ভাল হব। আজি আপোনাৰ কোনোবা পূৰণী বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হব। চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব যাৰ বাবে আপুনি ওপৰৱালাৰ পৰা গালি শুনিব লগা হব পাৰে।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। সেইবস্তু বোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই , আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হব আৰু একো নহয়। হাহিঁ -ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পূৰণি কথা হঠাৎ আহি যাব পাৰে ,যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, March 28, 2022)

নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভূগিছে কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰ বিন্দু হব। আজিৰ বতাহৰ এক এক চাটঁতে যেন প্ৰেমেই আৱৰি আছে , চকু খুলি চাওকচোন আপুনি গোটেই পৃথিৱীখনেই প্ৰেমৰ ৰংত ৰঙীন হোৱা দেখিব। আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱ সমালোচনাৰ কাৰণ হব পাৰে। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, March 28, 2022)

গাড়ী চলোৱা সময়ত সাৱধান থাকক। যিবোৰ লোকে টেক্স ৰ আদায় সময়মতে নকৰে সিহতঁ আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হব পাৰে। সেইবাবে আপোনাক উপদেশ দিয়া হয় যে টেক্স ৰ আদায় সময়মতে কৰিব লাগে। যদি আপুনি সামাজিক অনুষ্ঠান আৰু কাৰ্যক্ৰম সমূহত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকাখন আৰু দীঘল কৰিব পাৰে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। কেতিয়াব মোবাইল চলাওতে চলাওতে সময়ৰ ক্থা মনতে নাথাকে , সময় অপচয় কৰাৰ পিছত আপোনাৰআনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, March 28, 2022)

আপুনি নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যক আছে। খৰচত বৃদ্ধি হব,কিন্তু লগতে আমদানী ত হোৱা বৃদ্ধিত ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব , আপোনাৰ প্ৰেমৰ আমেজ লওক। সন্তোষজনক পৰিণাম পাবৰ বাবে কামক যোজনাবদ্ধ ভাৱে কৰিব চেষ্টা, অফিচত সমস্যা সমাধান কৰিবলৈ গ'লে মানসিক অশান্তিৰ সন্মূখীন হব পাৰে। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। আজি আপুনি জীৱন সংগীৰ প্ৰেমত হাবুডুবু খাই নিজে ৰাজস্বী অনুভৱ কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, March 28, 2022)

ভিৰ ভাৰ থকা ঠাইত যাত্ৰা কৰা সময়ত বিশেষকৈ ৰক্তচাপ ৰোগী সকল অতিৰিক্ত সাৱধান হোৱআৰ আৱশ্যকতা আছে। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিচু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, March 28, 2022)

কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। আপোনাৰ মগজু আজি কম-কাজত ব্যস্ত থাকিব ,যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, March 28, 2022)

নিজৰ কামৰ বাবে বেলগৰ ওপৰত হেচা নিদিব,বেলেগৰ ইচ্ছা আৰু অনিচ্ছা সমূহক ভালকৈ মন কৰক ,ইয়াৰ ফলত আপোনাৰ সুখ অনুভৱ হব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আজিৰ দিনাখন আপুুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভুত অনুভৱ কৰিব। কিছুমাান মানুহক অফিচত উন্নতি প্ৰাপ্ত হব। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাত হব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, March 28, 2022)

উৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। আজি আপোনাৰ ভণ্টী বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। আজি আপুনি প্ৰেমাস্পদৰ আগত নিজৰ জীৱনৰ সমস্য়া ভাগ কৰিব বিচাৰিব , কিন্তু তেখেত নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। কাম -কাজৰ দিশত আপুনি কৰা পৰিশ্ৰম আজি সফল হব। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশাজনক হব পাৰে। বেলেগ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱন সংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভাল পোৱা আদিৰে বিষয়টো ভাল হৈ যাব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, March 28, 2022)

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। যেতিয়া আপুনি নিঃসংগতা অনুভৱ কৰিব পৰিয়ালৰ সহায় লওক। ই আপোনাক অৱসাদৰ পৰা বচাব লগতে আপোনাক বেছি গম্ভীৰ নিৰ্ণয় লোৱাত সহায় কৰিব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে ,যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হব পাৰে।আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্ন্তিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ লব পাৰে। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটী হব পাৰে , ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত কৰবাত ফুৰিব যাব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব ।


SeeHere is theComments

Sponsored

close