> ২৫ এপ্ৰিল, সোমবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 25 April , Monday - Today's horoscope in assames - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৫ এপ্ৰিল, সোমবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 25 April , Monday - Today's horoscope in assames

 ২৫ এপ্ৰিল, সোমবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 25 April , Monday - Today's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, April 25, 2022)

নিৰাশাবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰা উচিত কাৰণ ই আপোনাৰ সম্ভাৱনাপুৰ্ণ সুযোগ সমূহ নোহোৱা কৰিব পাৰে,নহলে ই আপোনাৰ আভ্যন্তৰীণ সন্তুলন ভংগ কৰিব পাৰে। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। সৃজনাত্মক কামৰ লগত জড়িত মানুহ বোৰৰ বাবে আজি এক সফলতাৰে ভৰা দিন হব, বহুদিনৰ পৰা বিচৰা নাম আৰু সন্মান আজিয়ে সিহঁতে পাব। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি ,কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কাম হে কৰক। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব ।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, April 25, 2022)

আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদৰ বেয়া লাগিব পাৰে আৰু তেখেত আপোনাৰ ওপৰত খং কৰিব পাৰে। যি কাম আপুনি নিজে কৰিব নিবিচাৰে ,বেলেঅক সেই কাম কৰাৰ বাবে চাপ নিদিব। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বহুৱাত সমস্যাৰ সন্মুখীন হব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিচত বৰবাদ কৰিব পাৰে। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণ বোৰ সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, April 25, 2022)

দৈনিক গতিবিধিত গৰ্ভ্বতী মহিলা সকল সাৱধানী বৰ্তাই চলাটো আৱশ্যক। আৰ্থিক সমস্যাই আপোনাৰ সৃজনাত্মক ক্ষমতাটোক অকামিলা কৰি দিছে। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে আপোনাৰ দিন বেয়া কৰিব পাৰে। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হব, মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি লব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। আপুনি নিজৰ জীৱন সংগীক বুজাত ভুল কৰিব পাৰে ,যাৰ বাবে আজি গোটেই দিন বেয়া ভাৱে অতিবাহিত হব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, April 25, 2022)

ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু-বান্ধৱ বহুত সহযোগী স্বভাৱৰ হয় ,কিন্তু আপুনি কি কয় তাৰ ওপৰত সাৱধানী বৰ্ধন কৰক। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। যদি আপুনি নিজৰ লক্ষ্য ত উপনীত হবলৈ একাগ্ৰতাৰে কাম কৰিব আৰু নিজৰ সমূহ ধ্যান এটা বস্তুত কেন্দ্ৰিত কৰিব পাৰিলে আপোনাৰ উপলব্ধি আশাতকৈ অধিক হব। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ'ব ,কিন্তু আৱশ্যকীয় চিনাকি হবৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, April 25, 2022)

মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এইটোয়ে ভাল দিন ।আপুনি বুজিব লাগে যে মাদক দ্ৰৱ্য সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। সন্ধিয়া সময়ত বন্ধুৰ লগত অতিবাহিত কৰা সময় ৰোমাঞ্চকৰ হব আৰু লগতে অৱসৰৰ সময় একেলগে কটোৱাৰ পৰিকল্পনাৰ যোজনাও কৰাতো চিন্তা চৰ্চা হব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিহে বিচাৰিব। অফিচত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হব। সেইবস্তু বোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই , আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হব আৰু একো নহয়। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হব ,আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভাল পোৱা আছে!


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, April 25, 2022)

ভিৰ ভাৰ থকা ঠাইত যাত্ৰা কৰা সময়ত বিশেষকৈ ৰক্তচাপ ৰোগী সকল অতিৰিক্ত সাৱধান হোৱআৰ আৱশ্যকতা আছে। যি লোকসকলে ভেটি-মাটী কিনিছিল আৰু এতিয়া সেই মাটী বিক্ৰী কৰিব বিচাৰে , সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমানৰ ধন লাভ হব। জীৱন-সংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব ।নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক ,যি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পদ লাভ কৰিছে,লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যা সমূহৰ বাবে মন বেয়া নকৰিব। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধৰ অপেক্ষা কৰক। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে । মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱন লগৰী এটা শান্ত দিন অতিবাহিত কৰিব পাৰিব, যেতিয়া কোনো হাই-কাজিয়া নহব অকল প্ৰেমৰ বাহৰ হব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, April 25, 2022)

প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্ম বিশ্বাস দিছে, ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। আপুনি নিজৰ ঘৰ আৰু তাৰ আশে পাশে অজি কিবা পৰিৱৰ্তন আনিব পাৰে। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। আপোনাৰ সততা আৰু ধুনীয়া উপায় বোৰেৰে কাম সম্পূৰ্ণ কৰাৰ ক্ষমতাই আপোনাক খ্যাতি প্ৰদান কৰিব। আজি যিমান পাৰে লোকৰ পৰা দুৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিওঁক। দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, April 25, 2022)

আপোনাৰ উৰ্জাৰ স্তৰ আকৌ বঢ়াবৰ বাবে বহুত বিশ্ৰাম কৰক ,কাৰণ ভাগৰুৱা শৰীৰে মগজুকো ভাগৰাই দিয়ে। আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ তাত ক্ষমতাৰ কম নাই হোৱা ,কম হৈছে ইচ্ছা শক্তিৰ । আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। সন্ধিয়া সময়ত বন্ধুৰ লগত কটোৱা সময় বহুত বঢ়িয়া হব। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ'ব ,এইবাবে জানি-বুজি সকলো কাম কৰিব। আজি আপোনাৰ লাভ হব পাৰে ,যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তা ধাৰা সমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। বৈবাহিক জীৱনৰ ফালেদি চাব গলে আজি আপুনি সমস্যাৰ সন্মুখীন হব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, April 25, 2022)

আপুনি অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাজৰে থকা মানুহ সমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰ সেয়ে আপোনাৰ দ্বাৰা যিমান হব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল আৰু নিজকে ইমান হেচা প্ৰদান কৰা বন্ধ কৰক। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হব ,যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভাল কৰি দিব পাৰে। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন ,কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেন্ন-দেন সাৱধানেৰে কৰক। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। বৈবাহিক জীৱনৰ ফালেদি চাব গলে আজি আপুনি সমস্যাৰ সন্মুখীন হব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, April 25, 2022)

মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। নিশ্চিত ভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব -কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ কৰোবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হব। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে । মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, April 25, 2022)

ক্ষনিক খঙ ,বিবাদ আপোনাৰ দূৰ্ভাৱনাৰ কাৰণ হব পাৰে। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাব যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক ,নহ'লে এই সম্পৰ্কক আপুনি শলঠেকত পেলাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ কৰোবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। জীৱন সংগীৰ অসুস্থতা আপোনাৰ কাম-কাজৰ ওপৰতো বেয়া প্ৰভাৱ পেলাব পাৰে ,কিন্তু আপুনি কিবা প্ৰকাৰে বস্তু বোৰ ধৰি ৰখাত সক্ষম হব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, April 25, 2022)

খোৱা-লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক,যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে । বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব ,তেহেতক কিবা ধুনীয়া এক বস্তু চাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। অফিচত আপোনাৰ যাৰ লগত সকলোতকৈ কম কথা হয় ,তাৰ লগত আজি কথা হব পাৰে। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। জীৱন সংগীৰ কোমল তথা সৰল মনে আপোনাৰ দিন আজি বিশেষ বনাই দিব।


SeeHere is theComments

Sponsored

close