> ২ জুন , বৃহস্পতিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 2 June , Thursday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২ জুন , বৃহস্পতিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 2 June , Thursday - Tomorrow's horoscope in assamese

 ২ জুন , বৃহস্পতিবাৰ । কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 2 June , Thursday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, June 2, 2022)

আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। বেপৰোৱা ভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তু সমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপুনি নিজৰ ঘৰ আৰু তাৰ আশে পাশে অজি কিবা পৰিৱৰ্তন আনিব পাৰে। বন্ধন্ধুৰ লগত সাৱধানে কথা পাতক ,কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাটঁ মেলিব পাৰে। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখিব পাব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱন সংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সুত্ৰপাত কৰিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, June 2, 2022)

কামৰ হেচা আজি অলপ হতাশা আৰু ভাগৰতা লৈ আহিব। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। সন্ধিয়া সময়ত বন্ধু সকলৰ লগত ঘুৰা-ফুৰা কৰক ,কাৰণ এয়া আপোনাৰ এই সময়ৰ বাবে খুবেই প্ৰয়োজনীয়। প্ৰেমৰ দৃষ্টিকোণ দি চাব গলে আজি এক ভাল দিন। আজি আপোনাৰ কোনোবা লুকাই থকা বিৰোধী আপোনাক ভুল বুলি প্ৰমাণিত কৰিবলৈ বহুত চেষ্টা চলাব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আপোনাৰ জীৱন লগৰী আপোনাৰ দূৰ্বলতাখিনিক আপোনাক দূৰ্বল কৰিব নিদিব যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, June 2, 2022)

আপোনাৰ জীৱন সংংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক ।আপোনাৰ সন্তানও ঘৰত সুখী অৰু শান্ত পৰিৱেশ লাভ কৰিব । ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ,কাৰণ আজিয়ে নক'লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। যদি আপুনি অলপ সময়ৰ বাবে অনুভৱী লোকৰ মাজত সময় অতিবাহিত কৰিলে বহুত জ্ঞান লাভ কৰিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাক পুৰ্ণ সহযোগ আগ বঢ়াব ।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, June 2, 2022)

আপুুনি শৰীৰৰ যিকোনো অংগত বিষ অথবা অশান্তি জাতীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। সাধাৰণ ভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ-বতৰা কৰাৰ পৰা বিৰত থাকক। যাৰ বিয়া ঠিক হৈছে ,তেখেত নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব। কিছুমাান মানুহক অফিচত উন্নতি প্ৰাপ্ত হব। নিজৰ সময় আৰু উৰ্জা অন্যৰ সহায় কৰাত লগাওক ,কিন্তু এনেকুৱা বিষয় সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, June 2, 2022)

খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। কোনোবা পূৰণি বন্ধুয়ে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে যদি আপুনি তেখেতক আৰ্থিক ভাৱে সহায় কৰে তেন্তে আপোনাৰ আৰ্থিক অবস্থাও অলপ দূৰ্বল হব পাৰে। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হব। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হব পাৰে। অংশীদাৰী ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক,কাৰণ অংশীদাৰ সকল আপোনাৰ বেয়া ভাৱে লাভ উঠাব পাৰে। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, June 2, 2022)

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। সন্তানৰ লগত অধিক ৰুক্ষতা ভাৱে ব্যৱহাৰ নকৰিব, নিজকে নিয়ন্ত্ৰিত ৰাখক আৰু এইটো কথা মনত ৰখাৰ প্ৰয়োজন যে এনেকুৱা কৰিলে আপুনি তেখেতৰ আৰু নিজৰ মাজত দেৱাল এখন থিয় কৰাব পাৰে। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপে সেই কাম কৰাত সক্ষম নহব। অসুবিধাক দ্ৰুত ভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। বিবাদৰ এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দূৰ্বল কৰি তুলিব পাৰে ,এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহব ।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, June 2, 2022)

নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হব, মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি লব। আজি গোটেই দিন খালী বহি থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, June 2, 2022)

নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হব, অলপ দখল দিলে একো নাই ,ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। অনাকাংক্ষিত ভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হব আৰু দিনটো বহুত ভাল ভাৱে আপোনাৰ অতিবাহিত হব। পৰিয়ালৰ লোক সকল আপোনাৰ আশা-আকাংক্ষা থিয় হব নোৱাৰিব । এই কথা কেতিয়াও নাভাবিব যে তেখেত আপোনাৰ সকলো কথা মানি লব অথবা আপোনাৰ মতে কাম কৰিব , আনকি নিজৰ কাম কৰাৰ পদ্ধতিৰ সলনি কৰক। যাক আপুনি ভাল পায় ,তাইৰ/তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। যদি আপুনি কিবা নতুন ব্যৱসায় আৰু যোজনা আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে অতি সোনকালে নিৰ্ণয় লওক ,এইখিনি সময়ত আপোনাৰ নক্ষত্ৰ ভাল স্থিতিত আছে। আপুনি যি কৰিব বিচাৰে ,সেইপিনে পদক্ষেপ লওতে ভয় নাখাব। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহতঁৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ’ব যে আপুনি জীৱনৰ বহুত মুহুৰ্ত হেৰুৱাইছে সময়ৰ গতিত চলিব গৈ। মন-মগজু বেয়া হোৱা বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, June 2, 2022)

আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ'ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশা লাভ কৰিব, আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। পৰপ্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব ।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, June 2, 2022)

দূৰণিবটীয়া যাত্ৰা কৰাৰ পৰা বিৰত থাকক কাৰণ আপুনি যাত্ৰা কৰিবৰ বাবে বহুত বেছি দূৰ্বল। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোক সকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধৰ অপেক্ষা কৰক। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে । কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হব পাৰে। আপোনাৰ জীৱন লগৰী আপোনাৰ দূৰ্বলতাখিনিক আপোনাক দূৰ্বল কৰিব নিদিব যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, June 2, 2022)

সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। কিশোৰ সমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আজি আপুনি বিনা কাৰণত কিছুলোকৰ লগত তৰ্কা তৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনতো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব ।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, June 2, 2022)

প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আৰ্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তু বোৰ কিনাত সহজ হব। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। আপুনি আজি প্ৰেমত এক ঐশ্বৰিক অনুভুতিৰ অনুভৱ কৰিব ,এই অনুভূতিক অনুভৱ কৰিবৰ বাবে অলপ সময় নিজৰ লগত অতিবাহিত কৰক। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে , যিমান দূৰ সম্ভৱ কথা আগ বাঢ়িব নিদিব।

SeeHere is theComments

Sponsored

close