> ২৩ জুন , বৃহস্পতিবাৰ । কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 23 June, Thursday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৩ জুন , বৃহস্পতিবাৰ । কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 23 June, Thursday - Tomorrow's horoscope in assamese

 ২৩ জুন , বৃহস্পতিবাৰ । কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 23 June, Thursday - Tomorrow's horoscope in assamese




মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, June 23, 2022)

আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। বন্ধু আৰু পাৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। প্ৰেমৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ধুনীয়া ,প্ৰেমক সদায় উদযাপন কৰক। আপুনি সফলতা নিশ্চয় লাভ কৰিব, অকল এটা এটা জৰি গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। যদি আপুনি ভাৱে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল ,তেন্তে আপুনি ভুল , এইবোৰেই আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব ।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, June 23, 2022)

কামৰ চাপ আৰু ঘৰুৱা কন্দলে জীৱনলৈ মানসিক অশান্তি আনিব । আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপাণ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক , এইবোৰে আপোনাৰ শাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিক ভাবে দূৰ্বলো কৰি তোলে। জীৱন সংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। আপোনাৰ অনুভৱ হব যে আপোনাৰ পৰিয়ালৰ সহযোগ আছে বাবে আজি আপুনি অফিচত উন্নতি কৰিব পাৰিছে। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত থাকিব আৰু এই বিষয়ে ভাৱি ভাৱি সময়ো বৰবাদ কৰি দিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, June 23, 2022)

আপোনাৰ স্বাস্থ্যক অৱহেলা নকৰিব আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। আজি আপোনাাৰ বাবে আন এটা উৰ্জা শক্তি ৰে ভৰপুৰ দিন হব আৰু আপোনাৰ আজি হঠাৎ বহুত লাভ প্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ পৰিৱেশৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। আপুনি অফিচত আজি পৰিৱেশ ভাল হোৱা আৰু কাম-কাজৰ স্তৰত শুধৰণি হোৱা অনুভৱ কৰিব। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, June 23, 2022)

নাৰ্ভাচ ব্ৰেকডাউন আপোনাৰ ভৱাৰ শক্তিক আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতাক কমাই দিয়ে ,ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। আপোনাৰ অতি কাল্পনিক যোজনা সমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। আপোনাৰ ঘৰৰ মানুহ আপোনাৰ চেষ্টা আৰু সমৰ্পনক বহুত প্ৰশংসা কৰিব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, June 23, 2022)

আপোনাৰ বেলেগক সমালোচনা কৰাৰ স্বভাৱৰ বাবে অন্যই আপোনাক সমালোচনা কৰিব পাৰে। আপোনাৰ চেন্স অফ হিউমাৰ ৰাখক আৰু এনে কৰিলে আপুনি সমালোচনা কৰিলেও তাক ভাল ভাৱে গ্ৰহণ কৰিব পাৰিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। এনেকুৱা কামত সহযোগ কৰাৰ এএইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। আজি ৰোমাঞ্চ আপোনাৰ মন -মগজুত আৱৰি থাকিব। প্ৰফেশ্বনাল দিশত আপোনাৰ দিন আজি ধনাত্মক ভাৱে অতিবাহিত হব ,ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, June 23, 2022)

আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। বেপৰোৱা ভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তু সমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। আজি আপুনি প্ৰেম পূৰ্ণ মনোভাৱত থাকিব ,এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। কামত আপোনাৰ প্ৰোফেশ্বনাল অভিজ্ঞতা বহুত ভাল হব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হব। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব ।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, June 23, 2022)

আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ'ব আৰু বিশ্ৰাম কৰক। ডাঙৰ উদ্যোগপতিৰ লগত ভাগীদাৰ হলে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। আপোনাৰ জীৱন সংগীৰ যিকোনো সৰু মিছা কথাত আপুনি আহত হোৱা অনুভৱ কৰিব ।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, June 23, 2022)

নিজকে পৰিস্কৃত-পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব- আপুনি নিজকে ভাল আৰু আত্ম-বিশ্ৱাসী কৰি গঢ়ি তুলিব পাৰিব। আজি আপোনাৰ কোনোবা পূৰণী বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। পূৰ্ব পূৰুষৰ সম্পত্তিৰ খবৰ আপোনাৰ আৰু পৰিয়ালৰ বাবে সুখৰ খবৰ আনিব পাৰে। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱ-দূতৰ দৰে হব ,এই মুহূৰ্ত বোৰক উদযাপন কৰক। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ মনত বহুত ভাৱনাৰ অগা দেৱা হব যিবোৰে আপোনাক প্ৰকাশ হব নিদিব। চিঠি-পত্ৰ ,লাগতিয়াল কাগজ আদি অতি সাৱধানে আৰু যতনেৰে সৰহ বৰাহ কৰা উচিত। আপোনাৰ সংগী যিকোনো ধুনীয়া চাৰপ্ৰাইজ এটা দি আপোনাৰ দিন ভাল কৰি দিব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, June 23, 2022)

নিঃসংগতা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। কোনোবা আপোনৰ লগত কথা বতৰা কমি যোৱাৰ বাবে আপুনি মনত বহুত দুখ পাব পাৰে। প্ৰেমৰ দিশেদি চাব গ'লে আজিৰ দিনটো অলপ কষ্টকৰ হব। আপোনাৰ বৰিিষ্ঠ জনক অৱহেলা নকৰিব। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱন সংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, June 23, 2022)

ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন হয়। আজি কৰা আৰ্থিক নিৱেশ সমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক'ব নহ'লে পিছলৈ পৰিতাপ কৰিবলগীয়া হব পাৰে। লেখক আৰু সাংবাদিক সকল বহুত খ্যাতি লাভ কৰিব পাৰিব। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। আপোনাৰ ব্যযস্ত দিনযোৰাৰ বাবে আপোনাৰ জীৱন সংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাৱিব পাৰে আৰু তেখেত এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, June 23, 2022)

আজি আপোনাৰ আত্ম-বিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হব। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। আত্মীয়ৰ পৰা আপুনি অনাকাংক্ষিতভাৱে আজি উপহাৰ পাব পাৰে, কিন্তু আপুনি ইয়াৰ সলনি আন কিবা হে বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃজনাত্মক গুণ কৰোবাত যেন হেৰাই গৈছে আৰু নিৰ্ণয় লওতে আপুনি আজি বহুত সমস্যাৰ সন্মুখীন হব। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈয়ে কাম কৰিব। ৰোমাঞ্চৰ পিনেদি চাব গলে আজি আপোনাৰ বৈবাহিক জীৱনৰ এটা ভাল দিন।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, June 23, 2022)

যেনেকৈ মছলা আৰু সঠিক পৰিমাণৰ জ্বলাই খোৱাবস্তুৰ সোৱাদ বঢ়াই তোলে ঠিক তেনেকৈ অলপ দুঃখৰ এই জীৱনত প্ৰয়োজন আছে আৰু তেতিয়াহে আপুনি সুখৰ প্ৰকৃত মূল্য বুজি পাব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত কৰোবাত ফুৰিব গৈ ,লগতে ৰোমাণ্টিক ভাৱে ৰাতিৰ আহৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব ।




SeeHere is theComments

Sponsored

close