> ২৪ জুলাই , দেওবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 24 July , Sunday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৪ জুলাই , দেওবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 24 July , Sunday - Tomorrow's horoscope in assamese

  ২৪ জুলাই , দেওবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 24 July , Sunday - Tomorrow's horoscope in assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, July 24, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব ,যি আপোনাক অশান্তি দিব পাৰে। আজি আপোনাৰ ধুনীয়া কাম বোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকতো বেয়া লাগিবই লগতে আপোনাকো বেয়া লাগিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। স্বাস্থ্যক অৱহেলা কৰা বাবে আজি আপুনি বহুত চিন্তিত থাকিব পাৰে, আৰু সেয়ে বেছি সময় ৰৈ নাথাকি যিমান পাৰে সোনকালে চিকিৎসকৰ ওচৰ চাপক আৰু নিজকে পৰীক্ষা কৰাওক।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, July 24, 2022)

ভাগ্যৰ ওপৰত ভৰষা কৰি বহি নাথাকিব , আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কাৰিবলৈ হ’লে আপুনি নিজে কষ্ট কৰিব লাগিব কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব। এতিয়া সময় আহি গৈছে যে আপুনি নিজৰ ওজন নিয়ন্ত্ৰণত আনক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্য়ায়াম কৰক । অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো েৰাৰ এয়াই ভাল সময় । জীৱনৰ খোলা-বমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক । আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। সৰু সুৰা কথালৈ ও আপোনাৰ প্ৰিয়জনৰ লগত বাদ-বিবাদ হব পাৰে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব। অধৰ্য্যতা ভাল বস্তু নহয়, অধৰ্য্য হৈ কোনো কাম কৰিব নালাগে ।ইয়াৰ ফলত কাম বেয়া হোৱাৰ আশংকা থাকে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, July 24, 2022)

শাৰীৰিক অৱস্থা ভাল হৈ থকা বাবে আপুনি যিকোনো খেলা ধুলাৰ প্ৰতিযোগিতাত ভাগ লব পাৰে। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয় টোত বিশেষ মনযোগ দিয়া দৰকাৰ। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেত বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়তো ৰাহি কৰিব কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। কোনোবা অচিনাকী ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে,কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। সৰু ভাইটীৰ লগত ফুৰিব যাব পাৰে, ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধ বেছি কটকটীয়া হ’ব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, July 24, 2022)

আজি আপোনাক বিশ্ৰামৰ বহুত প্ৰয়োজন লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। দিন ৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব। নিজৰ কামৰ প্ৰতি আজি আপোনাৰ দৃষ্টিকোণ অদ্ভুত হ’ব। আপোনা কাম চাই আজি আপোনাৰ বচ বহুত সুখী হ’ব ।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, July 24, 2022)

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হব , আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হব। পাৰিবাৰিক মৰ্চাত সকলো বস্তু ভাল ভাৱে গৈ থাকিব আৰু আপোনাৰ যোজনা সমূহৰ বাবে আপুনি পূৰ্ণ সহযোগ লাভ কৰিব। মনত ৰাখিব মানুহৰ চকুয়ে কেতিয়াও মিছা কথা নকয়।আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সচাকৈয়ে এক বিশেষ কথা কৈ যাব। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক। ল’ৰা- ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হয় গমে পোৱা নাযায় ,এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, July 24, 2022)

মনোবৈজ্ঞানিক ভয়ে আপোনাক অস্থিৰ কৰি তুলিব পাৰে। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনা সমূহ প্ৰকাশ কৰে ,তেনেতে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মূখত হাজিৰ হ'ব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। জীৱন সংগীৰ কোমল তথা সৰল মনে আপোনাৰ দিন আজি বিশেষ বনাই দিব। আজি আপোনাৰ মনটো প্ৰশান্তিৰে ভৰি থাকিব সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, July 24, 2022)

খোল খাই থকা বস্তু নাখাব , নহ'লে স্বাস্থ্য বেয়া হ'ব পাৰে। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কাৰি আছিল ,সেই সময় শেষ হৈ গৈছে -কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱন-সংগী লাভ কৰিব। দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ সংগী আজি আপোনাৰ বাবে আজি এটা চাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে যাৰ ফলত আপোনাৰ গোটেই দিনৰ ভাগৰ শেষ হৈ যাব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, July 24, 2022)

আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। ঘনিষ্ঠ বন্ধু আৰু অংশীদাৰ বেয়া পাই আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। প্ৰেমাস্পদ আজি আপোনাৰ পৰা কিবা বস্তুৰ দাবী কৰিব পাৰে কিন্তু আপুনি এই দাবী পূৰণ কৰিব নোৱাৰাৰ কাৰণে আপোনাৰ ওপৰত তেখেতে অভিমান কৰিব পাৰে। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আপোনাৰ জীৱন সংগী আজি বহুত ৰোমাণ্টিক মন -মেজাজত থাকিব। লোকৰ মাজত থাকি আপুনি সকলোৰে সন্মান কৰিব জানে সেইবাবে সকলোৰে মনত আপুনি নিজৰ এটা ভাল ছবি বনোৱাত সফল হৈছে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, July 24, 2022)

আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনৰ অশান্তি ভংগ কৰিব পাৰে। আজি আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব কাৰণ পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হব আৰু তাক প্ৰশংসা কৰিব। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হব। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আপোনাৰ জীৱন সংগী দৈনন্দিন প্ৰয়োজন বোৰ পূৰণ কৰিব যাওতে পিছ হুঁহকিব পাৰে ,যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। অফিচৰ বন্ধুসকলৰ লগত বেছি সময় অতিবাহিত কৰাটো আপোনাৰ বাবে ভাল নহয় ,এনেকুৱা কৰিলে আপুনি ঘৰৰ মানুহৰ ক্ষোভৰ স্বীকাৰ হব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, July 24, 2022)

নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক ,আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিক্ভাৱে আপোনাক শান্ত কৰিব পাৰে। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা-দেউতাক মনোকষ্ট দিব পাৰে, যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব । দিন ভাল আছে আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিল্খিলাই হাহিব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, July 24, 2022)

আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। চিন্তা নকৰাকৈ কাকো নিজৰ গাঁঠীৰ ধন বেলেগক দিব নালাগে, নহলে আহিবলগীয় সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মূখীন হব পাৰে। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হব পাৰে। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। আপোনাৰ বন্ধু আপোনাৰ লগা সময়ত কামত নাহে ,এই অভিযোগ আজি আপোনাৰ হ’ব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, July 24, 2022)

যিকোনো ধৰণৰ দ্বন্দ অথবা কাজিয়াৰ পৰা দূৰত থাকক কাৰণ এইটোয়ে আপোনাৰ বেমাৰ অধিক কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হব পাৰে। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমাণ্টিক দিন ,কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হব পাৰে। আপুনি সচাঁকৈয়ে বহুত অশান্তি অনুভৱ কৰিব যেতিয়া আপোনাৰ পৰিয়ালৰ সদস্যই আপোনাক প্ৰত্যেক সপ্তাহে কিবা নহয় কিবা কাম জোৰ জবৰদস্তি কৰিব দিব । কিন্তু শান্ত থকাটো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হব।

SeeHere is theComments

Sponsored

close