> ৩ জুলাই , দেওবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 3 July , Sunday - Today's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৩ জুলাই , দেওবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 3 July , Sunday - Today's horoscope in assamese

  ৩ জুলাই , দেওবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 3 July , Sunday - Today's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Sunday, July 3, 2022)

আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক ব্যস্ত ৰাখিব,কিন্তু ইয়াৰ ফলত আপুনি নিজকে মানসিক ভাৱে অশান্তি দিব পাৰে। আপোনাৰ অশান্তিৰ প্ৰধান কাৰণ হব যে আপুনি আকৌ সেই জীৱন জীয়াব বিচাৰিব আৰু জীৱনক প্ৰাণ খুলি উপভোগ কৰিব বিচাৰিব। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। বন্ধন্ধুৰ লগত সাৱধানে কথা পাতক ,কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাটঁ মেলিব পাৰে। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব। যেতিয়া আপুনি নিজৰ পৰিয়ালৰ লগত সাধাৰণতকৈ অলপ বেছি সময় অতিবাহিত কৰে তেতিয়া অলপ হ'লেও মতানৈক্য হোৱাৰ সম্ভাৱনা থাকিবই ,কিন্তু আজি ইয়াৰ পৰা হাত সাৰিব চেষ্টা কৰক।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Sunday, July 3, 2022)

আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। আজি দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহিব পাৰে আৰু সিহতঁৰ লগত আপুনি সময় অতিবাহিত কৰিব পাৰে, অৱশ্যে আপুনি মদ,চিগাৰেট এইবোৰৰ পৰা দুৰত থকাটোয়ে ভাল হ’ব। আজিৰ দিনটো আন দিনৰ তুলনাত আপোনাৰ জীৱন লগৰীৰ লগত ভালকৈ কটাব পাৰিব। আজি আপোনাৰ অনুভৱ হ’ব যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ পৰা দুৰ হৈ আছে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Sunday, July 3, 2022)

আপোনাৰ নঞাৰ্থক স্বভাৱৰ বাবে আপুনি জীৱনত উন্নতি কৰিব পৰা নাই ,এই সময় টোৱে এইটো কথা বুজাৰ সঠিক সময় যে অধিক চিন্তা কৰি থকাৰ অভ্যাসটোৱে আপোনাৰ বুজাৰ ক্ষমতা হ্ৰাস কৰি দিছে ।পৰিস্থিতিৰ মুহুৰ্ত সমূহ চাওক আৰু চাব যে জীৱনটোত শুধৰণি আহি আছে। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন লব। আপোনাৰ ভাল লেখনৰ বাবে আপুনি আজি এক ধুনীয়া কল্পনাৰ পৃথিৱীত ভ্ৰমণ কৰিব যাব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Sunday, July 3, 2022)

অৱসাদৰ বিপক্ষে আপোনাৰ হাহিঁয়ে আজি জয়ী সাবস্ত্য হব। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ স্বীকাৰ হব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধুলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খংত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হব পাৰে। যদি তেখেত খংত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হব পাৰে, এইবাবে বাদ-বিবাদ হোৱা সময়ত পূৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব। কাকো লগ নোপোৱাকৈ আপোনাৰ আজি গোটেই দিন আনন্দৰ মাজেদি পাৰ হ’ব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Sunday, July 3, 2022)

নঞাৰ্থক চিন্তা মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণাক শেষ কৰি দিয়ক।এইটো আপুনি দান পূণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব,যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ'ব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। জীৱন সংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। আপুনি বহুত কিবা-কিবি কৰিব বিচাৰে ,তথাপিও আজি আপুনি বহুত কাম পিছলৈ কৰিব বুলি স্থগিত কৰি থ'ব পাৰে,দিনটো শেষ হোৱাৰ আগতে কিছুমান কাৰ্য কৰি থব যত্ন কৰক নহ'লে আপুনি অনুভৱ কৰিব পাৰে যে গোটেই দিনটো এনেই গুচি গ'ল।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Sunday, July 3, 2022)

শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। পৰিয়ালৰ সদস্য বহুত বস্তু বিচাৰিব পাৰে। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। আজি আপুনি আপোনাৰ দেশৰ লগত জড়িত কিছুমান আকৰ্ষণীয় তথ্য জানি আচৰিত হব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Sunday, July 3, 2022)

মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হব পাৰে। যাক ভাৱনাত্মক সম্বলৰ বহুত প্ৰয়োজন ,সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। আপোনাৰ প্ৰিয়জন আজি ৰোমাণ্টিক মুডত থাকিব। নিজৰ সময় আৰু উৰ্জা অন্যৰ সহায় কৰাত লগাওক ,কিন্তু এনেকুৱা বিষয় সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। কোনোবা এনে এজন ব্যক্তিৰ সান্নিধ্যত সময় অতিবাহিত কৰা যাক আপুনি পচন্দ নকৰে তেতিয়া আপোনাৰ নিজকে আবদ্ধ হৈ থকা বুলি অনুভৱ হব, সেইবাবে বহুত ভাৱি-চিন্তি কাৰোবাৰ লগত বাহিৰলৈ ওলাই গ'লে আপোনাৰেই বাবে মংগল।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Sunday, July 3, 2022)

আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। যি সকল লোক আপোনাক চিনি পায় ,সিহতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আপোনাৰ স্বচ্ছন্দ জীৱন শৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে, এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ চকু উজ্বল হব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। আজি ঘৰৰ চাদত শুই আকাশখন চাই এক অজান প্ৰশান্তি অনুভৱ হ’ব।আজি আপোনাৰ ওচৰত ইয়াৰ বাবে পৰ্যাপ্ত সময় হ’ব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Sunday, July 3, 2022)

আজি আপুুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক’ৰবাত ফুৰিব যাব পাৰে ।কিন্তু এইখিনি সময়ত আপোনালোক দুজনৰ অলপ তৰ্ক হ’ব পাৰে। দৈদৈনন্দিন প্ৰয়োজন সমূহ পূৰণ নোহোৱাৰ বাবে আপোনাৰ বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি হব পাৰে। খোৱা-বোৱা ,চাফা কৰা অথবা আন কোনো ঘৰুৱা বিষয় বস্তু ইয়াৰ কাৰণ হব পাৰে। আপোনাৰ দিনৰ আৰম্ভণি আজি মধুময় হব সেইবাবে গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Sunday, July 3, 2022)

হাহিঁমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ'ব আৰু আপোনাক বহুত আৰাম দিব । আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আছে। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হব,যেনেকুৱা আপুনি আশা কৰিছিল। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। টিভিত চিনেমা চোৱা আৰু নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰা ,ইয়াতকৈ ভাল কাম আৰু কি হব পাৰে ! যদি আপুনি অলপো চেষ্টা কৰে তেন্তে আজিৰ দিনটো বহুত ভাল ভাৱে পাৰ হব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Sunday, July 3, 2022)

আপোনাৰ মানসিক অশান্তি বহুত পৰিমাণে কমি যাব। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, যত সম্ভাৱনা দেখা যায় আৰু যত প্ৰাধান্য আছে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয় ,কিন্তু আপোনাৰ আজি অনুভৱ হব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ। আজিৰ দিনাখন একো কৰিব নালাগে ,অকল নিজৰ অস্তিত্বৰ আনন্দ উপভোগ কৰক আৰু এক ধন্যবাদ সূচক মনোভাৱেৰে থাকক ,আৰু নিজকে দৌৰা-দৌৰি কৰাৰ বাবে বাধ্য নকৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Sunday, July 3, 2022)

নিজৰ হতাশা দূৰ কৰিবৰ বাবে পৰিয়ালৰ সদস্যৰ সহায় লওক। এখেতৰ সহায়তা খোলা মনেদি স্বীকাৰ কৰক, নিজৰ ভাৱনাক হেচি ধৰক কিন্তু লুকাই নাৰাখিব। নিজৰ সমস্যা সমূহ অন্যৰ লগত ভাগ-বটৰা কৰিলে আপোনাৰ লাভান্বিত হব। যিসকলৰ এতিয়ালৈ মহিলী দৰমহা নাই অহা সিহতৰ পইচাৰ অভাৱ হব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ লব পৰা অৱস্থা আহিব পাৰে। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, নাথাকিব কোনো শব্দ না কোনো চন্দ কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক’ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে ,আপোনাৰ জীৱন সংগীৰ লগত কথা পাতক আৰু কিছু জীৱন দায়িনী পৰিকল্পনা তৈয়াৰ কৰক। যদি আপোনাৰ প্ৰেমাস্পদ আপোনাৰ লগত কথা পাতিব বিচাৰা নাই তেন্তে তেখেতক আপুনি জোৰ- জুলুম নকৰিব । তেখেতক সময় দিয়ক পৰিস্থিতি নিজে নিজে ভাল হ’ব।

SeeHere is theComments

Sponsored

close