> ৩০ আগষ্ট, মঙলবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 30 August, Tuesday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৩০ আগষ্ট, মঙলবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 30 August, Tuesday - Tomorrow's horoscope in assamese

 ৩০ আগষ্ট, মঙলবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব  কাইলৈ আপোনাৰ দিনটো - 30 August, Tuesday - Tomorrow's horoscope in assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Tuesday, August 30, 2022)

স্বাস্থ্যৰ অধিক যতন লোৱা উচিত। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। আপুনি মা-দেউতাকক সুখ কৰাত আপুনি বহুত জটিলতা অনুভৱ কৰিব। সিহঁতক বুজিব চেষ্টা কৰিব আৰু সিহঁতৰ দৃষ্টি দি বস্তু বোৰ পৰীক্ষণ কৰিব চেষ্টা কৰক ,আপুনি ধনাত্মক পৰিণাম লাভ কৰিব , সিহঁতৰ আৱশ্যকীয় বস্তু হল কেৱল আপোনাৰ মৰম,স্নেহ আৰু সময় । আজি ৰোমাঞ্চ আপোনাৰ মন -মগজুত আৱৰি থাকিব। আজি বিশ্ৰাম কৰিবৰ বাবে বহুত কম সময় ,কাৰণ প্ৰথমতে থৈ দিয়া কাম আজি আপোনাক ব্যস্ত ৰাখিব। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বহুৱাত সমস্যাৰ সন্মুখীন হব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিচত বৰবাদ কৰিব পাৰে। জীৱন লগৰীৰ ওপৰত কৰা সন্দেহে আপোনালোকৰ মাজত এক নতুন বিবাদৰ সৃষ্টি কৰিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Tuesday, August 30, 2022)

জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব । আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দুখী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ'ব । এই অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ'ব কাৰণ এইটোয়ে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ'ব। ডাঙৰ উদ্যোগপতিৰ লগত ভাগীদাৰ হলে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে । সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মুল্যৱান সময় বৰবাদ কৰি দিলে। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে ,যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Tuesday, August 30, 2022)

জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। ধনৰ আৱশ্যকতা যিকোনো সময়ত হব পাৰে সেইবাবে আজি যদি জয়ী হব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। সন্তানৰ লগত অধিক ৰুক্ষতা ভাৱে ব্যৱহাৰ নকৰিব, নিজকে নিয়ন্ত্ৰিত ৰাখক আৰু এইটো কথা মনত ৰখাৰ প্ৰয়োজন যে এনেকুৱা কৰিলে আপুনি তেখেতৰ আৰু নিজৰ মাজত দেৱাল এখন থিয় কৰাব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব'লগীয় মূহূৰ্ত হব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। চাকৰি কৰাবোৰও আজি সাৱধানে চলা উচিত। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভুতি বোৰ প্ৰকাশ কৰিব পাৰিব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব ।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Tuesday, August 30, 2022)

নিজৰ নঞাৰ্থক ভাৱনা সমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা/ পূৰণি কলীয়া ভাৱনা আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে, অথবা তাৰ দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাত আগত বহুত বাধা হব পাৰে। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোয়ে আপোনাৰ বাবে শ্ৰেয়। আত্মীয় আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ চেষ্টা কৰিব , সাৱধানে থাকক নহ’লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব। উদাৰতা এটা সীমা লৈ ভাল কিন্তু যদি এই সীমা পাৰ কৰিব লাগে তেন্তে সমস্যাৰ সৃষ্টি হব পাৰে। মনত ৰাখিব মানুহৰ চকুয়ে কেতিয়াও মিছা কথা নকয়।আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সচাকৈয়ে এক বিশেষ কথা কৈ যাব। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব ।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Tuesday, August 30, 2022)

আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ জীৱন-সংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। আপুনি যত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লাগতে আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে , যিমান দূৰ সম্ভৱ কথা আগ বাঢ়িব নিদিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Tuesday, August 30, 2022)

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ লব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠ ই আৰ্থিক সহায় আগবঢ়াব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। আপোনাৰ কাম আজি পিছ পৰি থাকিব ,যেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভুতি বোৰ প্ৰকাশ কৰিব পাৰিব। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন লব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Tuesday, August 30, 2022)

শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। আপুনি এনেেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব ,হ'ব পাৰে যে আপুনি বেলেগৰ দবাবত আছে আৰু সিহঁতক আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। ছাত্ৰী-ছাত্ৰ সকলৰ বাবে এয়া এক ভাল দিন , সিহঁত পৰীক্ষাত ভাল ফলাফল দেখুৱাব , অৱশ্যে এই সফলতাৰ বাবে কাম কৰাৰ বাদ নিদিব আৰু ইয়াৰ পৰা প্ৰেৰণা লৈ অধিক কষ্ট কৰক। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Tuesday, August 30, 2022)

সুখেদি ভৰা ভাল দিন হয়। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হব লাগিব। আপুনি নিজৰ ঘৰ খনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ত্ব দিব ফলস্বৰূপে আপুনি অলপ বিৰক্ত হব পাৰে। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক । আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Tuesday, August 30, 2022)

আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। ৰোমাঞ্চৰ বতৰ হয় ,কিন্তু নিজৰ ভাৱনা সমূহক নিয়ন্ত্ৰণত ৰাখক,নহ'লে সম্বন্ধত ফাটঁ মেলিব পাৰে। কাম-কাজ ৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্‌ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। জীৱন সংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Tuesday, August 30, 2022)

বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ'ব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। জীৱন-সংগিনী আপোনাৰ ধুম্ৰ পাণৰ দৰে বদ-অভ্যাস এৰুৱাওৰ সময়ত বহুত সহায় কৰিব লগতে আপোনাৰ প্ৰেৰণাৰ মুখ্য উৎস তেখেতেই হব। আন বেয়া অভ্যাস এৰাবৰ বাবেও এয়াই ভাল সময় ,কাৰণ যেতিয়া মনোবল অটুট থাকে তেতিয়াই জটিল পদক্ষেপ লোৱা উচিত । ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। ব্যযৱসায় আৰু অংশীদাৰৰ পৰা দূৰত থাকক। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Tuesday, August 30, 2022)

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। কিছুমান জৰুৰী যোজনা ক্ৰিয়ান্বিত হৈছে আৰু সতেজ আৰ্থিক লাভ হব। যেতিয়া আপুুুনি একেলগে বহুত লোক থাকে তেতিয়া আপুনি কি কৰি আছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰিব, অধিক চিন্তা-চৰ্চা অবিহনে হঠাৎ কৈ দিয়া শব্দৰ বাবে আপুনি বহুত কঠোৰ সমালোচনাৰ সন্মুখীন হব পাৰে। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। অন্য দিনৰ তুলনাত আজি আপোনাৰ সহকৰ্মী আপোনাক জানিব চেষ্টা কৰিব। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Tuesday, August 30, 2022)

যিকোনো ধৰণৰ দ্বন্দ অথবা কাজিয়াৰ পৰা দূৰত থাকক কাৰণ এইটোয়ে আপোনাৰ বেমাৰ অধিক কৰিব পাৰে। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব ,প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমাণ্টিক জীৱনত পৰিৱৰ্তন আহিব। বৰিষ্ঠ সকলৰ সহযোগ আৰু প্ৰশংসা আপোনাৰ আত্ম বিশ্বাস আৰু উৎসাহক দুগুণ কৰি দিব। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুছি যাব । আপুনি অকলে তো থাকিব কিন্তু মন শান্ত নহব , মনত আজি বহুত চিন্তা অগা-ডেৱা কৰি থাকিব। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি লব।

SeeHere is theComments

Sponsored

close