> ১২ ছেপ্টেম্বৰ, সোমবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 12 September, Monday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১২ ছেপ্টেম্বৰ, সোমবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 12 September, Monday - Tomorrow's horoscope in assamese

  ১২ ছেপ্টেম্বৰ, সোমবাৰ। কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব  কাইলৈ আপোনাৰ দিনটো - 12 September, Monday - Tomorrow's horoscope in assamese 





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, September 12, 2022)

সমস্যাৰ বিষয়ে অনবৰতে ভাৱি থাকিলে আপোনাৰ নৈতিক দিশ বহুত দুৰ্বল হৈ পৰিব। আজিৰ দিনটোত আপুনি মাদ্যদ্ৰব্যৰ পৰা আতঁৰি থকাটো ভাল নহলে নিচা ৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। বিনা কাৰণৰ সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহনা যোগায়। আপোনাকো আপোনাৰ প্ৰেমাস্পদৰ ওপৰত সন্দেহ কৰিব নালাগে। যদি কিবা কথালৈ আপোনাৰ মনত তেখেতক লৈ সংশয় হৈছে তেন্তে তেখেতৰ লগত বহি এই কথা সমাধান কৰিব চেষ্টা কৰিব। যিকোনো ব্যক্তিৰ লগত অংশীদাৰৰ ব্যৱসায় কৰাৰ পৰা বিৰত থাকক। অফিচ যোৱাৰ পিচতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ঘৰ পোৱাৰ পিচত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে । আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুছি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হব পাৰে।কিন্তু জীৱন সংগী ৰ ফালেদি এই বোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, September 12, 2022)

আপোনাৰ হাস্য মধুৰ স্বভাৱে অন্যক এই ক্ষমতাৰ প্ৰতি আকৰ্ষিত কৰিব কাৰণ অপোনাৰ এই স্বভাৱৰ জৰিয়তে তেখেতে বুজি পব যে মানুহৰ আনন্দ বাহ্যিক বস্তুত নিহিত হৈ নাথাকে, আনন্দ এক অন্তৰ্নিহিত অনুভৱ যিয়ে অপোনাক দুখৰ সময়তো সুখৰ অনুভৱ কৰায়। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। পাৰিবাৰিক মৰ্চাত সকলো বস্তু ভাল ভাৱে গৈ থাকিব আৰু আপোনাৰ যোজনা সমূহৰ বাবে আপুনি পূৰ্ণ সহযোগ লাভ কৰিব। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভাল কৈ ভাৱি চিন্তি লওক। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ ক্থা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, September 12, 2022)

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। নতুন পাৰিবাৰিক ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা শূভ দিন ,ইয়াক সফল কৰিবৰ বাবে বেল্লেগ সদস্যৰ সহায় লওক। প্ৰেমৰ দৃষ্টিকোণ দি চাব গলে আজি এক ভাল দিন। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। সেইসকল লোকৰ লগত মিলা-প্ৰীতি কমাই দিওঁক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। কোনোবা পূৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ স্মৃতি সমূহ সতেজ কৰিব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, September 12, 2022)

ভাল লগা কিবা পঢ়ি মগজুৰ ব্যায়াম কৰিব। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হব। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব । ইয়াৰ ফলত আপোনাৰ জীৱন সংগী বিৰক্ত হৈ পৰিব কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, September 12, 2022)

নিজৰ ধৈৰ্য নেহেৰুৱাব ,বিশেষকৈ বেয়া পৰিস্থিতিত জটিল পৰিস্থিত। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন ,কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব কাৰন আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। আপোনাৰ কঠিন পৰিশ্ৰম আজি পুৰস্কৃত হব কাৰণ আজি আপোনাৰ পদোন্নতি হব পাৰে। আৰ্থিক লাভৰ বিষয়ে ভাৱিৱ নালাগে কাৰণ আগলৈ গৈ আপোনাৰ বহুত লাভ হব। নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, September 12, 2022)

শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। নিজৰ অতিৰিক্ত সময় নিঃস্বাৰ্থ সেৱাত অৰ্পন কৰক ,এই কামে আপোনাক আৰু আপোনাৰ পৰিয়ালক সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ কাম আজি পিছ পৰি থাকিব ,যেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখিব পাব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। বৈবাহিক জীৱনৰ অকলে থকাটোও বহুত আৱশ্যক, কিন্তু আজিৰ দিনাখন আপোনালোক দুয়োজন এজনে আনজনৰ বেছি কাষ চাপিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, September 12, 2022)

নঞাৰ্থক চিন্তা মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণাক শেষ কৰি দিয়ক।এইটো আপুনি দান পূণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব,যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। যদি আপুনি পাৰ্টী কৰাৰ কথা ভাৱি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক ,এনেকুৱা লোক সকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। কিছুুমানৰ বাবে পাৰ্ট টাইম চাকৰি ভাল উপায় বুলি পৰিগণিত হব। সময়তকৈ অধিক একো হব নোৱাৰে । সেইবাবে আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰে কিন্তু বহুত সময়ত জীৱনটোক অলপ অৱসৰো দিব লাগে আৰু পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰিব লাগে। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, September 12, 2022)

আজি আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ ওচৰ-পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। বৈবাহিক বন্ধনত বন্ধনৰ বাবে ভাল সময় হব। সাৱধান থাকক ! কাৰণ প্ৰেমত পৰা আজিৰ দিনটোৰ আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। বেলেগ বেলেগ মতামত হোৱা বাবে আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত বাদ-বিবাদ হব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, September 12, 2022)

ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। কিছুমান জৰুৰী যোজনা ক্ৰিয়ান্বিত হৈছে আৰু সতেজ আৰ্থিক লাভ হব। আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু সেইবোৰত অমল কৰাত গুৰুত্ব প্ৰদান কৰক। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। এই সময় হল কেৰিয়াৰত লোৱা গুৰুত্বপূৰ্ণ নিৰ্ণয়ৰ ,যাৰ বিষয়ে আপুনি বহুত দীঘলীয়া সময়ৰ পৰা ভাৱি আছে। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব । আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, September 12, 2022)

ধ্যান আৰু আত্ম-চিন্তন লাভদায়ক সিদ্ধ হ'ব। আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। যাত্ৰা কৰি থাকোতে আপুনি বহুত নতুন ব্যৱসায়িক সুযোগ লাভ কৰিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আপোনাৰ জীৱন সংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তিৰ্দি থাকিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, September 12, 2022)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত সান মিহলি হৈ যাব। কামত আপুনি অধিক লাভান্বিত হব পাৰে। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে ,যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই ক্থা ভাবোতে নষ্ট কৰিব পাৰে। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, September 12, 2022)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপুনি আজি ধন সঞ্চয়ত অসফল হব পাৰে অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আজি আপুনি বহুত আনন্দিত হব আৰু আপোনাৰ বন্ধু তথা পৰিয়ালৰ সদস্যৰ ওপৰত পইচা খৰচ কৰাৰ আনন্দ লব পাৰে। আকাশ খন অধিক উজ্জ্বল দেখা যাব , ফুল সমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হব আৰু আপোনাৰ ওচৰে-পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব ,কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। মানসিক স্পষ্টতা আপোনাৰ ব্যৱসায়ত প্ৰতিপত্তি লাভত সহায় কৰিব ,আপুনি সকলো পূৰণি অসুবিধা দূৰ কৰাত সফল হব। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আজি আপোনাৰ জীৱন সংগী বহুত সুখী বুলি আপোনাৰ অনুভৱ হব। আপুনি অকল বৈবাহিক জীৱন ৰ যোজনা সমূহত তেখেতক সহায় কৰিলে হল।

SeeHere is theComments

Sponsored

close