> ১৩ ছেপ্টেম্বৰ, মঙলবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 13 September, Tuesday - Tomorrow's horoscope in assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৩ ছেপ্টেম্বৰ, মঙলবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 13 September, Tuesday - Tomorrow's horoscope in assamese

   ১৩ ছেপ্টেম্বৰ, মঙলবাৰ। কাইলৈ দিনটোৰ ৰাশিফল । জানক কেনে যাব  কাইলৈ আপোনাৰ দিনটো - 13 September, Tuesday - Tomorrow's horoscope in assamese 



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Tuesday, September 13, 2022)

সুখী দিনৰ বাবে মানসিক অশান্তিৰ পৰা বাচি থাকক। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক ক্খৰচ নকৰিব। আপোনাৰ নিৰ্ণয় আপোনাৰ সন্তানৰ ওপৰত থপিলে সিহঁত খঙ কৰিব পাৰে। ভাল হব যে আপুনি সিহঁতক নিজৰ পক্ষ বুজাই দিয়ক ,যাতে সিহঁতে সেই কথাৰ প্ৰকৃত কাৰণ বুজি আপোনাৰ কথাক সহজতে মানি লওক। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। কাম-কাজৰ ফালেদি চালে আজিৰ দিনটো সুচাৰু ৰূপে পাৰ হব । আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক’ৰবাত ফুৰিব যাব পাৰে ।কিন্তু এইখিনি সময়ত আপোনালোক দুজনৰ অলপ তৰ্ক হ’ব পাৰে। আজি আপুনি এনেেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে , যিমান দূৰ সম্ভৱ এইবোৰ কথাক গুৰুত্বসহকাৰে নলব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Tuesday, September 13, 2022)

আবেলিৰ সময়ত অলপ আৰাম কৰক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। কোনোবা পূৰণি পৰিচিত ব্যক্তি আপোনাৰ সমস্যাৰ কাৰণ হব পাৰে। যাক আপুনি ভাল পায় ,তাইৰ/তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। নিজকেে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনা সমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোব দুৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোতে গুছি যাব। জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Tuesday, September 13, 2022)

আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে ,কিন্তু মোটামোটি ভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে ,সেই সহকৰ্মীৰ বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাক অধিক সজাগ কৰি তুলিব। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Tuesday, September 13, 2022)

আপোনাৰ জীৱন সংংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক ।আপোনাৰ সন্তানও ঘৰত সুখী অৰু শান্ত পৰিৱেশ লাভ কৰিব । ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। আজি আপোনাৰ কোনোবা পূৰণী বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। আপোনাৰ মাা-দেউতাৰ স্বাস্থ্যৰ চিন্তা আৰু ভয় আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব কাৰণ এনেকুৱা কৰা বাবে পিছত গৈ আপুনি পৰিতাপ কৰিব লগীয়া হব পাৰে। আজি অফিচত আপুনি ভাল ফলাফল লাভ নকৰিব। আপোনাৰ কোনোব বিশেষে আজি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন চিন্তিত থাকিব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। জীৱন সংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Tuesday, September 13, 2022)

খোৱা-লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক,যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে । আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাত লাভৰ সম্ভাৱনাও আছে। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব ।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Tuesday, September 13, 2022)

শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈয়ে গৌৰভ অনুভৱ কৰিব। বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰা সময় খিনি বহুত আনন্দ আৰু হাঁহিৰে ভৰপুৰ হব। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হব। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীত কৈ আগ বঢ়াত সহায় কৰিব। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তু বোৰৰ অনুভৱ আপুনি আজি কৰিব ।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Tuesday, September 13, 2022)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন ,কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেন্ন-দেন সাৱধানেৰে কৰক। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম -কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Tuesday, September 13, 2022)

অন্যৰ ইচ্চাৰ লগত আপোনাৰ ইচ্চা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ'ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব , আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোয়ে হব যে কোনটো আগত লোৱা যায়। আজি আপুনি আপোোনাৰ প্ৰিয়জনৰ সন্মূখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাৱি আছে। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱন সংগী আজি লগৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে ,যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Tuesday, September 13, 2022)

আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাস ৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। পইচাৰ নাটনিয়ে আজি ঘৰত কলহৰ সৃষ্টি কৰিব পাৰে এনেকুৱা স্থিতিত ঘৰ ৰ মানুহৰ লগত বিচাৰ বেবচনাৰে কথা পাতিব আৰু সিহতঁৰ পৰা পৰামৰ্শ লওক। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক ,যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হব পাৰে।আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্ন্তিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ লব পাৰে। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। বিবাহ এক দৈৱিকীও আশীৰ্বাদ হয় আৰু আপুনি আজি এই কথাটো অনুভৱ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Tuesday, September 13, 2022)

আজি আপোনাাৰ স্বাস্থ্য ভালে থাকিব,যাৰ বাবে আপোনাৰ সফলতা আৰু সোনকালে হ'ব। এনেকুৱা প্ৰত্যেক বস্তুৰ পৰা দূৰত থাকক যাৰ ফলত আপোনাৰ শক্তিৰ অপচয় হওক। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। কামৰ চিন্তাই আপোনাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে,যাৰ বাবে পৰিয়াল আৰু বন্ধু-বান্ধৱৰ বাবে সময় উলিয়াব নোৱাৰিব। যাৰ বিয়া ঠিক হৈছে ,তেখেত নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব। ডাঙৰ উদ্যোগপতিৰ লগত ভাগীদাৰ হলে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। অৱসৰ সময়ত আজি আপুনি খেল ধুলা কৰিব পাৰে কিন্তু খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Tuesday, September 13, 2022)

নিজৰ ব্যক্তিত্ব ক বিকশিত কৰিবৰ বাবে গভীৰ ভাৱে চেষ্টা কৰক। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব ,বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। এনেকুৱা বিষয়ত কথা কোৱাৰ পৰা বিৰত থাকক যাক লৈ প্ৰিয়জনৰ লগত বাদ বিবাদ হব পাৰে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। অফিচত আপুনিি কিবা এনেকুৱা কাম পাব পাৰে, যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোক সকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনা সমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Tuesday, September 13, 2022)

নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হব াৰু এইবাbএ মানসিক অশান্তিৰ কাৰণো হব পাৰে। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যাৱেক্ষণ হব পাৰে, এনেতে আপুনি যদি কিবা ভুল কৰিছে তেনে তাৰ পৰিণতি আপুনি ভুগিব লাগিব , এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ ব্যৱসায়ক নতুন দিশ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাক অধিক সজাগ কৰি তুলিব। বৈবাহিক জীৱনৰ ভেঁটি হল প্ৰেম আৰু ভাল খাদ্য ,আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব।



SeeHere is theComments

Sponsored

close