> ১১ অক্টোবৰ, মঙলবাৰ । কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 11 October , Tuesday Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১১ অক্টোবৰ, মঙলবাৰ । কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 11 October , Tuesday Tomorrow's horoscope in Assamese

১১ অক্টোবৰ, মঙলবাৰ । কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 11 October , Tuesday Tomorrow's horoscope in Assamese 



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Tuesday, October 11, 2022)

নিজৰ ওপৰত এটা সীমাৰ ওপৰত আৰু হেচা প্ৰয়োগ নকৰিব আৰু পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম গ্ৰহণ কৰক। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। আজি আনে আপোনাৰ বিষয়ে কি ভাৱে সেইবিষয়ে আপুনি গুৰুত্ব নিদিয়ে ।আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভৱে সময় কটাব বিচাৰিব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Tuesday, October 11, 2022)

কিছুুমান এনেকুৱা ঘটনা আপোনাৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে,যিবোৰ আপুনি বিচাৰিলেও সমাপ্ত কৰিব নোৱাৰিব। কিন্তু আপুনি নিজকে শান্ত কৰি ৰাখক অৰু পৰিস্থিতিৰ লগত সন্মুখীন হব'লৈ সোনকালে প্ৰতিক্ৰিয়া নকৰিব। আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হব। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে, মৰমৰ অস্ত্ৰ পাট ব্যৱহাৰ কৰি সিহতঁক বুজাওক আৰু এই সমস্যাৰ সমিধান পাওক লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। মনত ৰাখিব যে অকল মৰমেহে মৰম আনিব পাৰে। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত কৰোবাত ফুৰিব গৈ ,লগতে ৰোমাণ্টিক ভাৱে ৰাতিৰ আহৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Tuesday, October 11, 2022)

কিছুদিনৰ পৰা হৈ থকা ঘটনা বোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব, শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হব। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হব আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহতক অনুভৱ কৰিব দিয়ক যে আপুনি সচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। আজি আপোনাৰ ধুনীয়া কাম বোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। এইদিন টো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Tuesday, October 11, 2022)

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। আপোনাৰ ভৱিষ্যত ক সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। যিকোনো খৰচী কাম অথবা যোজনাত হাত দিয়াৰ আগতে ভাল কৈ চিন্তা-চৰ্চা কৰি লওক। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্‌ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Tuesday, October 11, 2022)

আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাস ৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। সন্ধিয়াৰ সময়ত ৰান্ধনি ঘৰত প্ৰয়োজন হোৱা বস্তুৰ ক্ৰয় কৰাত আপুনি ব্যস্ত থাকিব। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হব। কামত আপুনি অধিক লাভান্বিত হব পাৰে। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।



কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Tuesday, October 11, 2022)

বন্ধু অথবা সহকৰ্মীৰ স্বাৰ্থজৰিত ব্যৱহাৰ আপোনাক মানসিক ভাৱে কষ্ট দিব পাৰে। উপদেশ অবিহনে আজি কতো ধন বিনিয়োগ নকৰিব। আপোনাৰ জেদী স্বভাৱৰ বাবে ঘৰৰ মানুহৰ মনত দুখ পাব পাৰে ,আনকি ঘনিষ্ঠ বন্ধু-বান্ধৱো আঘাত পাব পাৰে। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে কিন্তু ! আজি আপুনি কঠোৰ পৰিশ্ৰমৰে কাৰ্যক্ষেত্ৰত নিজৰ পৰিচয় দাঙি ধৰিব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Tuesday, October 11, 2022)

মাদক দ্ৰব্যৰ পৰা দূৰত থাকক,কাৰণ আপোনাৰ অধিক মদ্যপানে টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু গভীৰ বিশ্ৰামত আপোনাক বাধা প্ৰদান কৰিব। আপোনাৰ যধে মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হব পাৰে আৰু সেইবাবে আপুনি তেখেতসকলৰ খঙৰ চিকাৰ হব পাৰে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম ,কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Tuesday, October 11, 2022)

আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিবুধিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে,ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। পাৰিবাৰিক সমস্যা অথবা জীৱন সংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হব পাৰে। আজি আপুনি প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। সংযম আৰু সাহসৰ হাত ধৰি থাকক ,বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে ,যিটো কাম-কাজৰ সময়ত সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। পৰিয়ালৰ সদস্য সমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু দিনৰ অন্তত আপোনাৰ জীৱন সংগী আপোনাৰ এই সমস্যা সমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব।



ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Tuesday, October 11, 2022)

অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। যি কাম আপুনি নিজে কৰিব নিবিচাৰে ,বেলেঅক সেই কাম কৰাৰ বাবে চাপ নিদিব। যদি আপুনি ভাৱে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল ,তেন্তে আপুনি ভুল , এইবোৰেই আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Tuesday, October 11, 2022)

অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হব ,এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হব , আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আপুনি আজি প্ৰেমত এক ঐশ্বৰিক অনুভুতিৰ অনুভৱ কৰিব ,এই অনুভূতিক অনুভৱ কৰিবৰ বাবে অলপ সময় নিজৰ লগত অতিবাহিত কৰক। কাম -কাজৰ দিশত আপুনি কৰা পৰিশ্ৰম আজি সফল হব। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হব যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনটো এক ধুনীয়া পৰিৱৰ্তনীয় দিশেদি আগ বাঢ়িব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Tuesday, October 11, 2022)

স্বাস্থ্য ভালে থাকিব। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব পাৰে। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Tuesday, October 11, 2022)

আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেচাঁই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপোনাাৰ সন্তান আপোনাৰ মন আৰু ধ্যান সদায় সিহঁতৰ পিনে আকৰ্ষিত কৰিব বিচাৰে কিন্তু সিহঁতেই যে এই সুখৰ কাৰণ। আজি আপোনাৰ প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহব পাৰে ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হব পাৰে। আপুনি নিজৰ তলতীয়া কৰ্মচাৰীৰ কাম চাই অসুখী হৈ যাব ,কাৰণ আপোনাৰ আশা কৰা মতে কাম নাই হোৱা। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণ বোৰ সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব।

SeeHere is theComments

Sponsored

close