> ১৩ অক্টোবৰ , বৃহস্পতিবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 13 October , Thursday Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৩ অক্টোবৰ , বৃহস্পতিবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 13 October , Thursday Tomorrow's horoscope in Assamese

 ১৩ অক্টোবৰ , বৃহস্পতিবাৰ। কাইলৈৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 13 October , Thursday Tomorrow's horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, October 13, 2022)

কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব। সাধাৰনতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে কিন্তু আজি আপুনি কোনোবা অভাৱীলোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব। লেখক আৰু সাংবাদিক সকল বহুত খ্যাতি লাভ কৰিব পাৰিব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজঁ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পন্ন জীৱন লগৰীৰ লগত জীৱন সচাঁকৈয়ে বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি এই কথা ভালকৈয়ে অনুভৱ কৰিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, October 13, 2022)

আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰন কৰক আৰু অফিচত সকলোৰে লগত ভাল ব্যৱহাৰ কৰক ,যদি আপুনি এনেকুৱা নকৰে তেন্তে আপোনাৰ চাকৰি যাব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা বেয়া হব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। বেলগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাত লাভৰ সম্ভাৱনাও আছে। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপোনাৰ জীৱন সংগীৰ আব্দাৰ বোৰে আপোনাক আশান্তি প্ৰদান কৰিব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, October 13, 2022)

অবাঞ্চিত চিন্তা ধাৰা মগজুত চানি ধৰিব পাৰে ,নিজকে শাৰীৰিক ব্যায়ামৰ মজা লব দিয়ক কাৰণ খালী মগজু চয়তানৰ ঘৰ। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থা ৰ উন্নতি হব পাৰে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ লাভ হব পাৰে ,যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তা ধাৰা সমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে ,আপোনাৰ জীৱন সংগীৰ লগত কথা পাতক আৰু কিছু জীৱন দায়িনী পৰিকল্পনা তৈয়াৰ কৰক।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, October 13, 2022)

আজি আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব, সেইবাবে এই সুযোগৰ লাভ উঠাওক আৰু সুস্থ স্বাস্থ্যৰ বাবে খোজ কাঢ়ি ঘুৰি ফুৰক আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টীত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিকপক্ষ শক্তিশালী থাকিব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আজি আপুনি এক নতুন কামৰ আৰম্ভ কৰি যি আপোনাৰ লগতে গোটেই পৰিয়ালৰে সমৃদ্ধি লৈ আহিব। ৰাতি অফিচৰ পৰা আহোঁতে সাৱধানে বাহন চলাব নহলে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি বহুত দিনলৈ বেমাৰ হব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব ।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, October 13, 2022)

আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব ,তাৰ কৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয় !! আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। সেইবস্তু বোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই , আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হব আৰু একো নহয়। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, October 13, 2022)

আজি শান্ত আৰু সমস্যাৰ পৰা আতঁৰি থাকক। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। আপুনি নিজৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে,লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত কৰব্বত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাৱি চিন্তি পিন্ধিব । যদি আপুনি এনে নকৰে তেখেত বেয়া পব পাৰে। যদি আপুনি বিদেশত চাকৰি কৰিবৰ বাবে আবেদন কৰিব বিচাৰে ,তেন্তে আজিৰ দিনটো বহুত ভাল হয়। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথা সমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, October 13, 2022)

আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ'ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। সৰু সুৰা কথালৈ ও আপোনাৰ প্ৰিয়জনৰ লগত বাদ-বিবাদ হব পাৰে। যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাৱেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক -বিতণ্ডতা হব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, October 13, 2022)

মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। আপোনাাক সুখী ৰাখিবলৈ মা-দেউতা আৰু বন্ধু পুৰ্ণ চেষ্টা কৰিব। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত লবলগীয়া দিন, আপোনাৰ প্ৰিয়জন আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিবৰ বাবে আজি সম্পূৰ্ণ ৰূপে তৈয়াৰ। যদি আপুনি সঠিক মানুহৰ লগত সম্পৰ্ক আৰু লেন দেন কৰিব তেন্তে আপোনাৰ কেৰিয়াৰত উন্নতি হব। এই দিনটো এটা মহত্বপুৰ্ণ দিন বুলি পৰিগণিত হব। আজিঅৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব কিন্তু গধূলিলৈ দুৰৱৰ্তী অতিথিৰ আগমণে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰব। আপোনাৰ জীৱন সংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, October 13, 2022)

আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ'ব কাৰণ আপুনি জীৱন টোক সম্পুৰ্ণ ৰূপে জীয়াব । ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আপোোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। এনেকুুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। বেলেগ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱন সংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভাল পোৱা আদিৰে বিষয়টো ভাল হৈ যাব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, October 13, 2022)

নিজৰ স্বাস্থ্যৰ যত্ন লওক। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থকিব পাৰে । ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ লব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। ৰোমাঞ্চৰ বতৰ হয় ,কিন্তু নিজৰ ভাৱনা সমূহক নিয়ন্ত্ৰণত ৰাখক,নহ'লে সম্বন্ধত ফাটঁ মেলিব পাৰে। ডাঙৰ ব্যৱসায়িক লেন-দেন কৰি থকা সময়ত নিজৰ অনুভূতি সমূহ নিয়ন্ত্ৰণত ৰাখক। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিহতৰ বহুত সময় লোকচান হব পাৰে। যদি আপুনি আজি দিনটো ভালকৈ কটাব বিচাৰিছে তেন্তে চুপ-চাপে থকাই মংগল হব নহ'লে আপোনাৰ জীৱন সংগীৰ মন মেজাজ বেয়া হৈ যাব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, October 13, 2022)

আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আপুনি ঘুৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিব লগীয়া হ'ব পাৰে। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতে আপোনাৰ বেয়া ভাৱে লাভ উঠাব বিচাৰিব। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা ,আজি আপুনি ৰোমাণ্টিক অনুভৱ কৰি থাকিব। আজি অনুভৱী লোক সমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেত সকল আপোনাক কি জ্ঞান দিব পাৰে। আজি বন্ধুগণৰ লগত দেখা হব পাৰে কিন্তু সেইখিনি সময়ত আপুনি মাদ্যদ্ৰব্য সেৱনৰ পৰা দুৰত থকাটোয়ে ভাল নহলৰ সময়ৰ অপচয় হব পাৰে। আপোনাৰ জীৱন সংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, October 13, 2022)

আকাশত ধোৱা চাং পাতি থাকোতে সময় খৰচ নকৰিব , ভাল কাম বোৰত সময় দিব কাৰণে নিজৰ শক্তি আৰু উৰ্জা বচাই ৰাখক। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে। যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আপোনাৰ চকু উজ্বল হব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।

SeeHere is theComments

Sponsored

close