> ৭ ফেব্ৰুৱাৰী, মঙলবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 7 February, Tuesday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

৭ ফেব্ৰুৱাৰী, মঙলবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 7 February, Tuesday - Today's horoscope in Assamese

 ৭ ফেব্ৰুৱাৰী, মঙলবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 7 February, Tuesday - Today's  horoscope in Assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Tuesday, February 7, 2023)

নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব।এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ ।আপোনাৰ ভাল চিন্তা ধাৰাই আপোনাৰ বেয়া চিন্তা ধাৰাক পৰাজিত কৰিব। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। পৰস্পৰে পৰস্পৰৰ সমস্যা সমূহ ব্যক্তিগত ভাৱে সমাধান কৰিব। এই সমস্যা সমূহ অন্যৰ সন্মূখত দাঙি নধৰিব ,নহ’লে আপোনাৰ বদনাম আনিব পাৰে। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক ,নহ'লে বিপদত পৰিব পাৰে। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হব। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Tuesday, February 7, 2023)

আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হল আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা ,নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। আজি আপোনাৰ কাম হতাশাৰে ভৰা আৰু ভাগৰুৱা কৰাই দিব পৰা ধৰণৰ হব,কিন্তু বন্ধুৰ লগত আপোনাৰ ভাল মন আৰু জীয়াই থকাৰ মাদকতা একে ৰাখিব। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে । কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হব পাৰে। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Tuesday, February 7, 2023)

আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপুনি জীৱনত পইচাৰ মূল্য কোনো দিনে বুজি নাপালে , আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু-বান্ধৱ বহুত সহযোগী স্বভাৱৰ হয় ,কিন্তু আপুনি কি কয় তাৰ ওপৰত সাৱধানী বৰ্ধন কৰক। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমাণ্টিক সময় অতিবাহিত কৰক। আপোনাৰ বৰিষ্ঠ জনৰ লগত আজি অলপ কথাত বিবাদ হব পাৰে নহ'লে কিছুমান কথাত বিৰোধ হব পাৰে, আকৌ আপুনি নিজৰ মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে । আপোনাৰ আকৰ্ষণী আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে ,যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Tuesday, February 7, 2023)

হতাশাক অৱহেলা কৰক । ই মাদকদ্ৰব্য আৰু বেলেগ নিচা জাতীয় বস্তুৰ দৰে সৰ্বনাশী মহামাৰী ,যি বহুত দ্ৰুত গতিত বিয়পে। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আপুনি আপোনাৰ জীৱনৰ কিছু সময় আপোনাৰ হবি ,ইচ্চা পূৰণ কৰাত আৰু পৰিয়ালৰ সদস্যসকলক সহায় কৰাত অতিবাহিত কৰক। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। সংযম আৰু সাহসৰ হাত ধৰি থাকক ,বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে ,যিটো কাম-কাজৰ সময়ত সম্ভাৱনা আছে। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Tuesday, February 7, 2023)

শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ থাকিবৰ বাবে ধুম্ৰ পানৰ অভ্যাস এৰি দিয়ক। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । আজিৰ দিনাখন ঘটনা সমূহ ভাল হব কিন্তু সেই হিচাপে আপোনাক অশান্তিও প্ৰদান কৰিব ,যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Tuesday, February 7, 2023)

নিৰাশাবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰা উচিত কাৰণ ই আপোনাৰ সম্ভাৱনাপুৰ্ণ সুযোগ সমূহ নোহোৱা কৰিব পাৰে,নহলে ই আপোনাৰ আভ্যন্তৰীণ সন্তুলন ভংগ কৰিব পাৰে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভাল ভাৱে বিবেচনা কৰক ।কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল'ব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয় টো গুৰ্ত্ব দিয়ে যেন। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হব পাৰে ,যি আপোনাক আহত কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হব পাৰে।আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্ন্তিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ লব পাৰে। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুছি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হব পাৰে।কিন্তু জীৱন সংগী ৰ ফালেদি এই বোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Tuesday, February 7, 2023)

বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আপুনি এনেেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। আপোনাৰ সন্তান আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে, মৰমৰ অস্ত্ৰ পাট ব্যৱহাৰ কৰি সিহতঁক বুজাওক আৰু এই সমস্যাৰ সমিধান পাওক লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। মনত ৰাখিব যে অকল মৰমেহে মৰম আনিব পাৰে। এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল । যদি চেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰে তেন্তে কিছু কথা নতুনকৈ শিকিব পাৰিব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। আপোনাৰ জীৱন সংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Tuesday, February 7, 2023)

ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলীক সপোনত নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। আপোনাৰ ধন কত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব নহলে অদূৰ ভৱিষ্যত ত সমস্যাৰ উদ্ভৱ হব পাৰে। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব ,তাৰ কৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয় !! আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই,আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। ৰোমাণ্টিক গান , সুগন্ধি মমবাতি , ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই অপোনাৰ জীৱন লগৰীৰ লগত কটওৱা সময়ত ৰহন সানিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Tuesday, February 7, 2023)

ঘৰত কাম কৰোতে অধিক সাৱধান থাকক।ঘৰুৱা বস্তু সমূহক অৱহেলা কৰি ব্যৱহাৰ কৰিলে নতুন সমস্যাৰ সৃষ্টি হব পাৰে। আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হব। সামাজিক গতিবিধি আজি বহুত ৰোমাঞ্চকৰ হব,কিন্তু আপুনি এই ৰহস্য যাতে বেলেগৰ আগত প্ৰকাশ নকৰিব। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব। এই ৰাশিৰ জাতক সকল কৰ্মক্ষেত্ৰত লগাত কৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক নহলে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব ।এই ৰাশিৰ ব্যৱসায়ীসকলক পূৰণা বিনিয়োগৰ বাবে লোকচান হব পাৰে। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Tuesday, February 7, 2023)

আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক আপোনাৰ কথা আৰু কৰ্মৰ ফলত যাতে কোনো মনত আঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু ভালভাৱে চলিব চেষ্টা কৰক। পাৰিবাৰিক প্ৰয়োজনৰ প্ৰতিও লক্ষ্য ৰাখিব আপুনি ৰোমাণ্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব। এনেকুৱা কাম হাতত লওক ,যি সৃজনাত্মক প্ৰকৃতিৰ হওক । সেইবস্তু বোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই , আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হব আৰু একো নহয়। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Tuesday, February 7, 2023)

কথা কোৱাৰ আগত দুবাৰ ভাৱক , নজনাকৈ কোৱা যিকোনো কথা বেলেগক কষ্ট দিব পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। আপোনাৰ ব্যক্তিগত দিশত হোৱা যিকোনো বৃহৎ বস্তু আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে উল্লাসৰ খবৰ লৈ আহিব। আপোনাৰ পৰপ্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব ,তেহেতক কিবা ধুনীয়া এক বস্তু চাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। অফিচত আপোনাৰ প্ৰতিদ্বন্দিতা কৰা ব্যক্তিজনক আজি ভুল কাম কৰাৰ ফল প্ৰাপ্ত হব। ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আজি জীৱন টো বহুত ধুনীয়া হৈ পৰিব,কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Tuesday, February 7, 2023)

আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক,লগতে পিঠি আৰু ককাঁল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্ম-বিশ্বাসঅৰ উন্নতি হ'ব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থা ৰ উন্নতি হব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। অলপ ভালকৈ তথা সাৱধানেৰে ,কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব যেনে মই তোমাক এৰি এই পৃথিৱীখনত আন কাৰোৱেই লগত থাকিব নোৱাৰিম। কাৰ্যক্ষেত্ৰ ৰ পৰিস্থিতি আপোনাৰ পক্ষত আহিব বুলি অনুভৱ হব। আজি আপুনি বেলেগক সহায় কৰিবৰ বাবে স্বেচ্ছাই যিবোৰ কাম কৰিব সেই কাম তেখেতক সহায় কৰাৰ উপৰি আপোনাকো নিজৰ দিশে অলপ ধনাত্মকভাৱে চাবলৈ শিকাব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে।

SeeHere is theComments

Sponsored

close