> ২০ মাৰ্চ, সোমবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 20 March, Monday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২০ মাৰ্চ, সোমবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 20 March, Monday - Today's horoscope in Assamese

  ২০ মাৰ্চ, সোমবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 20 March, Monday - Today's  horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, March 20, 2023)

উৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক সন্ধিয়াৰ সময়ত আপোনাৰ ৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আপোনাৰ প্ৰপ্ৰিয়জন আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব,কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। নতুুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানি ৰ এক বাট বুলি পৰিগণিত হব। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়ো জনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, March 20, 2023)

ধাৰ্মিক ভাৱনা বোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থান লৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈৱিক জ্ঞান লাভ কৰিব। কোনোবা নিকতৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশাংকা আছে যাৰ ফলত আপোনাৰ ধন লাভ হব। সাধাৰণ ভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ-বতৰা কৰাৰ পৰা বিৰত থাকক। বন্ধন্ধুৰ লগত সাৱধানে কথা পাতক ,কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাটঁ মেলিব পাৰে। লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি লোকচান হব পাৰে। অৱশ্যে ভয় খোৱাৰ দৰকাৰ নাই যদি কষ্ট ঠিক দিশত আছে তেন্তে ভাল ফল এদিন নিশ্চয় পাব। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ’ব। আপোনাৰ জীৱন সংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, March 20, 2023)

আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। আপোনাৰ পৰিয়ালৰ সদস্য সমূহ আৰু বন্ধুৰ লগত কটাবলৈ পৰ্যাপ্ত পৰিমাণৰ সময় লাভ কৰিব। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হব পাৰে। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক । আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহব। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব ।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, March 20, 2023)

শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। দিন ৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আপুনি যত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লাগতে আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰষা কৰি নাথাকিব সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। জীৱন সংগীৰ কোমল তথা সৰল মনে আপোনাৰ দিন আজি বিশেষ বনাই দিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, March 20, 2023)

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আজি ঘৰ ৰ ইলেক্ট্ৰনিক বস্তু বেয়া হৈ যোৱা বাবে আপোনাৰ ধন ব্যয় হব পাৰে প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। অবৈধ প্ৰেম সম্পৰ্ক আপোনাৰ মান-সন্মান শেষ কৰি দিব পাৰে। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হব। অৱসৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা আপুনি শিকিবি লাগিব নহ’লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ’ব পাৰে। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, March 20, 2023)

ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । পৰিয়াল আৰু সন্তানৰ লগত অতিবাহিত কৰা সময় আপোনাৰ শক্তি পুনঃ জীৱিত কৰি তুলিব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। আপুনি সফলতা নিশ্চয় লাভ কৰিব, অকল এটা এটা জৰি গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। আপুনি সেইবোৰ মানুহক আজি সহায়ৰ হাত আগ বঢ়াব যিবোৰ মানুহ আপোনাৰ পৰা সহায় সহযোগ বিচাৰিব। অধিক খৰচ কৰাৰ বাবে জীৱন সংগীৰ লগত অলপ বিবাদ হব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, March 20, 2023)

আপোনাৰ হাস্য মধুৰ স্বভাৱে অন্যক এই ক্ষমতাৰ প্ৰতি আকৰ্ষিত কৰিব কাৰণ অপোনাৰ এই স্বভাৱৰ জৰিয়তে তেখেতে বুজি পব যে মানুহৰ আনন্দ বাহ্যিক বস্তুত নিহিত হৈ নাথাকে, আনন্দ এক অন্তৰ্নিহিত অনুভৱ যিয়ে অপোনাক দুখৰ সময়তো সুখৰ অনুভৱ কৰায়। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সচাকৈয়ে মৰম কৰে ,সিহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। ৰোমাাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি লোকচান হব পাৰে। অৱশ্যে ভয় খোৱাৰ দৰকাৰ নাই যদি কষ্ট ঠিক দিশত আছে তেন্তে ভাল ফল এদিন নিশ্চয় পাব। সমালোচনা আৰু অপবাদ ইত্যাদি দিয়াৰ বা কৰাৰ পৰা বিৰত থাকক। হাহিঁ -ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পূৰণি কথা হঠাৎ আহি যাব পাৰে ,যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, March 20, 2023)

সুস্থ শৰীৰৰ বাবে বহুত দূৰলৈ খোজ কাঢ়ি ফুৰক। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱন সংগীক হতাশ কৰিব পাৰে। আপোনাৰ দামী উপহাৰ আপোনাৰ প্ৰিয়জনৰ মুখত হাহিঁ অনাত অসফল হব,কাৰণ সেই উপহাৰে তেখেতক প্ৰভাৱিত কৰাত বিফল হব। আপোনাৰ অনুভৱ হব যে আপোনাৰ পৰিয়ালৰ সহযোগ আছে বাবে আজি আপুনি অফিচত উন্নতি কৰিব পাৰিছে। গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে এই সময়ত আপুনি তেখেতৰ কথাত বেয়া পাব পাৰে আৰু তেতিয়াই উলটিব পাৰে। জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰোফেশ্বনাল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, March 20, 2023)

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আপোনাৰ ভৱিষ্যত ক সম্বৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। শিশু সকল অধিক সময় একেলগে থাকিব বিচাৰিব,কিন্তু সিহঁতৰ ব্যৱহাৰ সহযোগী আৰু বুজা-বুজিৰে ভৰা হব। জীৱন্ত বাস্তৱৰ মুখামুখি হবলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। সংযম আৰু সাহসৰ হাত ধৰি থাকক ,বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে ,যিটো কাম-কাজৰ সময়ত সম্ভাৱনা আছে। এই ৰাশিৰ জাতক সকল আজি ভাই – ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপুনি অথবা আপোনাৰ জীৱন সংগী আজি বিচনাত দুখ পাব পাৰে সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, March 20, 2023)

স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তু সমূহ ব্যৱস্থিত ৰূপত ৰাখক। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। যাৰ লগত আপুনি থাকে ,তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক,যদি কোনো সমস্যা আছে তেন্তে সেই বিষয় শান্তিৰে আলোচনা কৰি সমাধান কৰক। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে ,যি আপোনাক পৃথিৱীৰ আন সংগীত ক পাহৰাই দিব। অতীত ত কৰা কাম আজি পৰিণাম আৰু পুৰস্কাৰ লৈ আহিব। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হব পাৰে। বৈবাহিক জীৱনৰ বাবে এই দিন সচাকৈয়ে ভাল লগা হৈ পৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, March 20, 2023)

ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহতৰ শুনিও নুশুনাৰ ভাও ধৰা স্বভাৱৰ বাবে বাদ-বিবাদ হব পাৰে আৰু আপুনি আলোচনাৰ সন্মূখীনো হব পাৰে। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব তেতিয়া সাজ-সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। যিবিলাক লোক এতিয়ালৈ বেকাৰ হৈ আছে সিহতে আজি ভাল চাকৰি পাবলৈ আজিৰ পৰা দুগুণ কষ্ট কৰিবৰ দৰকাৰ। কষ্ট কৰাৰ ফল এদিন নিশ্চয় পাব। ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আপোনাৰ জীৱন সংগী আজি বহুত ৰোমাণ্টিক মন -মেজাজত থাকিব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, March 20, 2023)

কাৰণ নোহোৱা চিন্তা আৰু হতাশ জীৱনৰ পৰা গোটেই ৰস শুহি লয় আৰু জীৱনটোক এক শুকান কাঠ কৰি থৈ দিয়ে ,নিজৰ ভালৰ বাবে আপুনি এইবোৰ বাদ দিয়াই শ্ৰেয় নহ'লে এইবোৰে আপোনাৰ সমস্যা বঢ়াব। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক। গুৰুত্বপূৰ্ণ যোজনা সমূহ সময় থাকোতেই সম্পূৰ্ণ কৰিলে আপুনি বহুত লাভ লোৱাত সফল হব। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। আপোনাৰ জীৱন লগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে।



SeeHere is theComments

Sponsored

close