> ২৭ মাৰ্চ, সোমবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 27 March, Monday - Todays horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৭ মাৰ্চ, সোমবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 27 March, Monday - Todays horoscope in Assamese

  ২৭ মাৰ্চ, সোমবাৰ - আজিৰ দিনটোৰ ৰাশিফল - জানক কেনে যাব আজি আপোনাৰ দিনটো- 27 March, Monday - Todays  horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, March 27, 2023)

আজি আপুুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। পৰিয়ালৰ সদস্য সমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। আজি অনুভৱী লোক সমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেত সকল আপোনাক কি জ্ঞান দিব পাৰে। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব ।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, March 27, 2023)

আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ'ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। সোনকালে ভৱা -চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব ,যদি আপুনি গুৰুত্বপূৰ্ণ কোণ সমূহ ভালকৈ চালি জাৰি নাচাই তেন্তে আপোনাৰ লোকচান হব পাৰে। ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাও জৰুৰী। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। আপোনাৰ অন্ংশীদাৰৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱন সংগীক হেচাঁ প্ৰদান নকৰিব , নহলে আপোনালোকৰ মাজত দূৰত্ব বাঢ়ি যাব পাৰে।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, March 27, 2023)

বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ'ব। চাকৰি কৰি থকা লোক সকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে কিন্তু বেহিচাপী স্বভাৱৰ বাবে আজি সিহতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। আজিৰ দিনাখন আপুনি কিছুমান সমস্যাৰ সন্মুখীন হব পাৰে। যথাৰ্থবাদী ব্যৱহাৰ আকোৱালি লওক আৰু জনে আপোনাক সহায়ৰ হাত আগ-বঢ়াব তেখেতেৰ পৰা চম্ৎকাৰৰ আশা নকৰিব। আজি আপুনি বহুুত ৰোমাঞ্চিত অনুভৱ কৰিব ,কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হব। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। কেতিয়াব মোবাইল চলাওতে চলাওতে সময়ৰ ক্থা মনতে নাথাকে , সময় অপচয় কৰাৰ পিছত আপোনাৰআনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, March 27, 2023)

আজি আপোনাৰ আত্ম-বিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হব। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক ,কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱন লগৰী এটা শান্ত দিন অতিবাহিত কৰিব পাৰিব, যেতিয়া কোনো হাই-কাজিয়া নহব অকল প্ৰেমৰ বাহৰ হব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, March 27, 2023)

ঘৰত কাম কৰোতে অধিক সাৱধান থাকক।ঘৰুৱা বস্তু সমূহক অৱহেলা কৰি ব্যৱহাৰ কৰিলে নতুন সমস্যাৰ সৃষ্টি হব পাৰে। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। আত্মীয় লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাত লাভৰ সম্ভাৱনাও আছে। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহব কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসহমতি হব পাৰে আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হৈ যাব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, March 27, 2023)

কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্স প্ৰাপ্ত কৰিব। আপোনাৰ কমিশ্বন , লাভাংশ আৰু ৰোয়েল্টী ৰ পৰা আৰ্থিক লাভ হব পাৰে। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হব। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। অফিচত নিজৰ ভুল স্বীকাৰ কৰিলে পক্ষ আপোনাৰ পিনে যাব,কিন্তু অপুনি ইয়াক শুদ্ধ কৰাৰ বাবে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে ,আপোনাৰ বাবে যাৰ ক্ষতি অথবা লোকচান হৈছে তেখেতৰ পৰা ক্ষমা বিচাৰক , আৰু মনত ৰাখিব যে যিকোনো ব্যক্তিয়ে ভুল কৰিব পাৰে ,কিন্তু অকল মুৰ্খই হে সেই ভুল আকৌ কৰিব পাৰে। এই ৰাশিৰ জাতক সকল আজি অৱসৰ সময়ত ৰচনাত্মক কাম কৰাৰ পৰিকল্পনা কৰিব কিন্তু তেখেতৰ এই পৰিকল্পনা সম্পূৰ্ণ নহব। আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱন সংগীক হেচাঁ প্ৰদান নকৰিব , নহলে আপোনালোকৰ মাজত দূৰত্ব বাঢ়ি যাব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, March 27, 2023)

আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। অফিচত কাম -কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱন সংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব ,যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখিব পাব। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হব পাৰে ,সেই আগৰ দৰে ঘুৰি ফুৰা, হাঁহি -ধেমালি ,আৰু ফূৰ্তি ইত্যাদি বোৰে আপোনালোকৰ বাবে উপহাৰ।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, March 27, 2023)

কিছুুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিত ভাৱে আকৰ্ষণীয় কৰি তুলিব। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে -কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব মানে খৰচ হব নিদিব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল । এনেকুৱা কাম হাতত লওক ,যি সৃজনাত্মক প্ৰকৃতিৰ হওক । নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে।\


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, March 27, 2023)

কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। নিশ্চিত ভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব -কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো েৰাৰ এয়াই ভাল সময় । জীৱনৰ খোলা-বমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক । আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হব। কাম কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। সময়ৰ চকা বহু দ্ৰুত গতিত চলে সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওঁক। কিছুমান মানুহে বিবাহ সম্পৰ্ক টো অকল কাজিয়া আৰু যৌন সম্পৰ্কক কেন্দ্ৰ কৰি ঘূৰি থাকে বুলি কব খোজে, কিন্তু আজি আপুনি সকলোবোৰ অৱস্থা শান্ত বুলি অনুভৱ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, March 27, 2023)

শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী । যিসকল লোকে কৰবাত বিনিয়োগ কৰি থৈছিলে আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে । আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু-বান্ধৱ বহুত সহযোগী স্বভাৱৰ হয় ,কিন্তু আপুনি কি কয় তাৰ ওপৰত সাৱধানী বৰ্ধন কৰক। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে ,কিন্তু মোটামোটি ভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে ,সেই সহকৰ্মীৰ বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। আজি আপুনি নিজৰ জীৱন লগৰীৰ দৈৱিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, March 27, 2023)

কামৰ চাপ আৰু ঘৰুৱা কন্দলে জীৱনলৈ মানসিক অশান্তি আনিব । আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। ঘৰ আৰু ঘৰৰ চাৰিওফালে অতি সোনকালে চাফাই কৰাটো খুবেই জৰুৰী, সদায় কৰাৰ দৰে এইবাৰো এই কাম পিছলৈ পেলাই নথব। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব যাৰ বাবে আপুনি ওপৰৱালাৰ পৰা গালি শুনিব লগা হব পাৰে।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, March 27, 2023)

আপোনাৰ বিচাৰ বিবেচনাক ব্যক্ত কৰাত অসহজবোধ নকৰিব।আত্ম বিশ্বাসক নোহোৱা ব্যক্তিত্বক কেতিয়াও নিজৰ ওপৰত নিয়ন্ত্ৰণ পাব নিদিব,কাৰণ ইয়াৰ বাবে আপোনাৰ সমস্যাবোৰ অধিক জটিল হে হ'ব,লগতে আপোনাৰ উন্নতিতো বাধাৰ সৃষ্টি হ'ব। আত্ম বিশ্বাসক পুনৰাই ঘুৰাই পাবৰ বাবে নিজৰ কথাসমূহ খুলি প্ৰকাশ কৰক আৰু সমস্যাসমূহৰ সন্মুখীন হাহিঁ মুখে কৰক। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেই সকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওঁক যি সকল লোক মৌলিক চিন্তা কৰে আৰু বহুত অনুভূৱী হয়। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। ৰোমান্টিক সাক্ষাতকাৰ বহুত ৰোমাঞ্চকৰ হব কিন্তু অলপ সময়ৰ বাবেহে এই দেখা কৰা সম্ভৱ হব। নিজৰ চেষ্টাক সঠিক দিশ দিয়ক আৰু আপোনাক ইয়াৰ বাবে অসাধাৰণ সফলতাৰে সম্বৰ্ধনা জনোৱা হব। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্‌ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰোফেশ্বনাল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে।



SeeHere is theComments

Sponsored

close