> ১৩ মে’, শনিবাৰ- কাইলৈৰ দিনটোৰ ৰাশিফল - 13 May, Saturday - Tomorrow's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৩ মে’, শনিবাৰ- কাইলৈৰ দিনটোৰ ৰাশিফল - 13 May, Saturday - Tomorrow's horoscope in Assamese

 ১৩ মে’, শনিবাৰ- কাইলৈৰ দিনটোৰ ৰাশিফল -  13 May, Saturday - Tomorrow's  horoscope in Assamese





মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Saturday, May 13, 2023)

আপোনাৰ হাাহি মুখীয়া স্বভাৱে অন্যক সুখী কৰিব। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব ,এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভঙ্গ কৰিব পাৰে। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক ,নহ'লে বিপদত পৰিব পাৰে। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব কিন্তু তেখেতৰ গা বেয়া হোৱা বাবে আপোনালোক যাব নোৱাৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। আজি কোনোবা জ্ঞানী পুৰুষক লগ পাই আপোনাৰ বহুত সমস্যা সমাধান হৈ যাব।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Saturday, May 13, 2023)

আপোনাৰ হতাশাই আপোনাৰ স্বাস্থ্য বেয়া কৰি দিব পাৰে।পূৰণা কথা সমূহত ৰৈ থাকিলে সেয়ে আৰাম কৰিব চেষ্টা কৰক। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ লগত সামাজিক গতিবিধিত সহযোগিতা আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। আজি বতৰ বহুত ভাল হোৱা বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। বিচনাৰ পৰা উঠাৰ পিছত অনুভৱ হব যে আপুনি কিমান সময় বৰবাদ কৰিলে। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। আজি আপোনাৰ ব্যক্তিত্ব অন্য মানুহক নিৰাশ কৰিব পাৰে, সেয়ে নিজৰ ব্যক্তিত্বত আপুনি এক ধনাত্মক পৰিৱৰ্তন অনা দৰকাৰ।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Saturday, May 13, 2023)

প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক।যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰ্বাদ কৰা ভাল কথা নহয়। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। আপোনাৰ বন্ধু অথবা জীৱন সংগীৰ লগত অনলাইন চিনেমা দেখি আপুনি নিজৰ লেপটপ আৰু ইণ্টাৰনেটৰ সদ্ব্যৱহাৰ কৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Saturday, May 13, 2023)

আপোনাৰ জীৱন সংগীৰ মৰম লগা ব্যৱহাৰে আপোনাৰ দিন আনন্দৰে ভৰা কৰি তুলিব পাৰে। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যবসায় কৰিছে আজি সিহঁতে ভাৱি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী নহলে আৰ্থিল লোকচান হোৱাৰ আশাংকা আছে। যদি আপোনাৰ মনত হতাশাই গ্ৰাস কৰিছে তেন্তে কোনোবা ঘনিষ্ঠ আত্মীয়ৰ লগত অথবা বন্ধুৰ লগত কথা পাতক,ইয়াৰ বাবে আপোনাৰ মনৰ হতাশা সমূহ অলপ কম হব। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। নিজৰ সময় আৰু উৰ্জা অন্যৰ সহায় কৰাত লগাওক ,কিন্তু এনেকুৱা বিষয় সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। জীৱন সংগীৰ লগত হাঁহি -খিকিন্দালি কৰি প্ৰত্যেক মুহুৰ্ত ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আজি আপুনি আকৌ কিশোৰাৱস্থা লাভ কৰিছে। কষ্টৰ দিন এতিয়া সমাপ্ত হ’ল, এতিয়া নিজকে নতুন দিশ দিয়াৰ কথা চিন্তা কৰক।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Saturday, May 13, 2023)

জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষা সমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক,মানসিক অৰু শাৰীৰিক ভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যবসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দোষটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে এইটো আন একো নহয় অকল সময়ৰ অপচয় আৰু ইয়াৰ ফলত আপুনি একো প্ৰাপ্ত কৰিব নোৱাৰে। আপুনি নিজৰ এই অভ্যাস সলনি কৰাটোয়ে আপোনাৰ পক্ষে ভাল হ'ব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰ ভাৱে ভাল পায়। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে । সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মুল্যৱান সময় বৰবাদ কৰি দিলে। আজি আপুনি অনুুভৱ কৰিব যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী। নক্ষত্ৰৰ দিশ অনুযায়ী আজি আপুনি গোটেই দিন টিভি দেখি ব্যতিত কৰি দিব পাৰে।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Saturday, May 13, 2023)

আপোনাৰ পৰিয়ালৰ লোক আপোনাৰ পৰা বহুত বেছি আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। চাকৰি কৰি থকা লোক সকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে কিন্তু বেহিচাপী স্বভাৱৰ বাবে আজি সিহতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। ঘৰুৱা বিষয় সমূূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ।আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। প্ৰেমাস্পদক সময় দিব চেষ্টা কৰিব কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হব নোৱাৰিব। এই দিনটো আপোনাক আপোনাৰ জীৱন সংগীৰ এক অসাধাৰণ দিশ দেখুৱাব। আজি ৰাতি আপুনি নিজৰ নিকটতম বন্ধুৰ লগত ফোনত বহুসময় কথা পাতিব পাৰে আৰু জীৱনত ঘটি থকা কথাবোৰ জনাব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Saturday, May 13, 2023)

বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হব। অফিচত কাম -কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱন সংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব ,যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ত্ব দিব ফলস্বৰূপে আপুনি অলপ বিৰক্ত হব পাৰে। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হব ,আপুনি অনুভৱ কৰিব যে আপোনালোক দুজনৰ মাজত কিমান মৰম আৰু ভাল পোৱা আছে! ল’ৰা- ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হয় গমে পোৱা নাযায় ,এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Saturday, May 13, 2023)

আপুুনি শৰীৰৰ যিকোনো অংগত বিষ অথবা অশান্তি জাতীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ'ব। সৰু ভাই-ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। পৰিয়াল জীৱনৰ এক অভিন্ন অংগ ,আজি নিজৰ পৰিয়ালৰ লগত ফুৰাৰ আনন্দ লব পাৰে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Saturday, May 13, 2023)

গৰ্ভৱতী মহিলা সমুহ ঘুৰা-ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ ,যদি সম্ভৱপৰ হয় ধুম্ৰপান কৰা লোকৰ পৰা দূৰত থাকক,কাৰণ ইয়াৰ ফলত হোৱা ধোৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব পাৰে। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। ৰুক্ষ স্বভাৱ হোৱা স্বত্বেও আপোনাৰ জীৱন সংগিনী আপোনাক পূৰ্ণ সহযোগ কৰিব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। দিন বহুত ভাল , আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষ বোৰ ভল্কৈ চালি-জাৰি চাওঁক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। হাহিঁ -ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পূৰণি কথা হঠাৎ আহি যাব পাৰে ,যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। আজি আপোনাৰ উৎসাহী স্বভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকল আপোনাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Saturday, May 13, 2023)

আপোনাৰ প্ৰত্যেককে সহায় আৰু সাহাৰ্য কৰিব বিচাৰাৰ ইচ্চাই আপোনাক বেয়াভাৱে ভাগৰুৱা কৰি তুলিব। আজি ওচৰ চুবৰীয়া ৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, আপোনাক পৰামৰ্শ দিয়া হল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই লব নহলে পইচাৰ লোকচান হব পাৰে। সময়ত আপোনাৰ সহায় যিকোনো মানুহৰ অথবা জীৱৰ জীৱন ৰক্ষা কৰিব পাৰে ,এই কথা আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু সিহঁতৰ প্ৰেৰণাৰ উৎস হৈ থিয় দিব। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা ,আজি আপুনি ৰোমাণ্টিক অনুভৱ কৰি থাকিব। জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠ জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। জীৱন সংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়ে সকলো। আজিৰ দিনটো আপুনি নিজৰ ব্যক্তিত্ব ভাল কৰাত ব্যতিত কৰিব পাৰে, এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটো বেছি ভাল।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Saturday, May 13, 2023)

পইচা আৰু সেই বিষয়ে সমস্যা আপোনাৰ হতাশাৰ কাৰণ হব পাৰে। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিব বাবে ভাল দিন । আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন লব। আজি বাহিৰত ওলাই গৈ আপোনাৰ বন্ধু অথবা পৰিয়ালৰ লগত খাবলৈ যাব পাৰে, যদিও বাহিৰত খোৱাটো অলপ খৰচী হব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Saturday, May 13, 2023)

আজি আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ ওচৰ-পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খুৱাওক। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। যদি আপোনাৰ লগত কোনোবাই কথা পাতিব বিচাৰে আৰু আপোনাৰ সেই সময়ত কথা পাতিব মন নাথাকে তেনেতে তেখেতক সেই কথা ভালকৈ বুজাই দিয়ক।

SeeHere is theComments

Sponsored

close