> ১৫ মে’, সোমবাৰ - আজিৰ দিনটোৰ ৰাশিফল - 15 May, Monday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৫ মে’, সোমবাৰ - আজিৰ দিনটোৰ ৰাশিফল - 15 May, Monday - Today's horoscope in Assamese

  ১৫ মে’, সোমবাৰ - আজিৰ দিনটোৰ ৰাশিফল -  15 May, Monday - Today's  horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Monday, May 15, 2023)

আপোনাৰ জীৱন সংংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক ।আপোনাৰ সন্তানও ঘৰত সুখী অৰু শান্ত পৰিৱেশ লাভ কৰিব । ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। আৰ্থিক দৃষ্টিৰ পিনেদি চাব গলে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব । আজি আপোনাৰ ধন লাভ হব কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। ঘৰত আজি নিয়ম ৰাজি কিছুমান হব। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাক পুৰ্ণ সহযোগ আগ বঢ়াব ।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Monday, May 15, 2023)

ক্ষনিক খঙ ,বিবাদ আপোনাৰ দূৰ্ভাৱনাৰ কাৰণ হব পাৰে। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। ঘৰত ভালকৈ চলি থাকিবলৈ সকলোৰে লগত মিলি-জুলি কাম কৰক। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই , আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে ডাঙৰ ব্যৱসায়িক লেন-দেন কৰি থকা সময়ত নিজৰ অনুভূতি সমূহ নিয়ন্ত্ৰণত ৰাখক। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে , যিমান দূৰ সম্ভৱ কথা আগ বাঢ়িব নিদিব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Monday, May 15, 2023)

ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। যিসকল লোকে বাচ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল ,আজি সিহতঁৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। সম্বন্ধীয় সকলৰ লগত লগ কৰি আশা কৰাতকৈ বেছি ভাল অনুভৱ কৰিব। বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। আজি অনুভৱী লোক সমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেত সকল আপোনাক কি জ্ঞান দিব পাৰে। ছাত্ৰ-ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথ’ব ,যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পুৰা কৰি লব।এইটো আপোনাৰ বাবেই হিতকৰ। আজি সম্ভৱপৰ হব পাৰে যে আপুনি আৰু আপোনাৰ জীৱন লগৰী আজি বহুত খৰছ কৰিব পাৰে ,তদুপৰি আপুনি এই সময়খিনিৰ ভাল কৈয়ে মজা লব পাৰিব।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Monday, May 15, 2023)

আপোনাৰ বেপৰোৱা আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণত ৰাখক ,বিশেষকৈ কোনোবা পাৰ্টীত চম্ভালি থাকক। কাৰণ এনেকুৱা হ’লে তাত পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব পাৰে। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমণ হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হব পাৰে। অফিচৰ দিশে চালে আজি আপোনাৰ দিন ভাল যাব। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। যদি আপুনি আৰু আপোনাৰ জীৱন সংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Monday, May 15, 2023)

আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। যিসকল লোকে বাচ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল ,আজি সিহতঁৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। ৰুক্ষ স্বভাৱ হোৱা স্বত্বেও আপোনাৰ জীৱন সংগিনী আপোনাক পূৰ্ণ সহযোগ কৰিব। আপুনি আজি প্ৰেমত এক ঐশ্বৰিক অনুভুতিৰ অনুভৱ কৰিব ,এই অনুভূতিক অনুভৱ কৰিবৰ বাবে অলপ সময় নিজৰ লগত অতিবাহিত কৰক। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। যদি আপোনাৰ এনে অনুভৱ হয় যে কিছুমান মানুহৰ সংগ আপোনাৰ সময়ৰ অপচয় কৰি আছে ,তেন্তে আপুনি তেখেতসকলৰ পৰ দুৰত থকাই শ্ৰেয়। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱন সংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Monday, May 15, 2023)

আপোনাৰ জীৱন সংগীৰ মৰম লগা ব্যৱহাৰে আপোনাৰ দিন আনন্দৰে ভৰা কৰি তুলিব পাৰে। বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজুত অনবৰতে আৱৰি থাকিব। অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দোষটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে এইটো আন একো নহয় অকল সময়ৰ অপচয় আৰু ইয়াৰ ফলত আপুনি একো প্ৰাপ্ত কৰিব নোৱাৰে। আপুনি নিজৰ এই অভ্যাস সলনি কৰাটোয়ে আপোনাৰ পক্ষে ভাল হ'ব। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। আপোনাৰ প্ৰফেশ্বনাল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে ।আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ,আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। বৈবাহিক জীৱনত বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা সমূহ উপলব্ধি কৰিব।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Monday, May 15, 2023)

বিজয়ী হোৱাৰ আনন্দই আপোনাৰ মন সুখেদি ভৰাই দিব। এই উৎসাহক দুগুন কৰিবৰ বাবে আপুনি নিজৰ সুখত বন্ধুসকলক অংশীদাৰ বনাব পাৰে। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। আপুনি আপোনাৰ জীৱন-সংগীৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰা বাবে তেখেত অশান্তি অনুভৱ কৰে। খঙক নিয়ন্ত্ৰণত ৰাখক নহ’লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে , আৰু শান্ত ভাৱে এই কথা সমাধান কৰক। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। যিসকল লোক প্ৰতিযোগী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে ,সিহতে মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে ,পৰীক্ষাৰ ভয় আপোনাক নিয়ন্ত্ৰণ কৰিব নিদিব ,আপোনাৰ চেষ্টা ধনাত্মক পৰিণাম নিশ্চয় দিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব ।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Monday, May 15, 2023)

বহুত বেছি আনন্দ আৰু ৰোমাঞ্চক ভংগীয়ে আপোনাৰ স্নায়ু তন্ত্ৰক ক্ষতি কৰিব পাৰে। আপোনাৰ ভাৱনা সমূহক নিয়ন্ত্ৰণ কৰক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। আপুনি এনেেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। বেলেগৰ লগত ভাল ভাৱে ব্যৱহাৰ কৰক ,বিশেষকৈ সিহঁতৰ লগত জনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। আপোনাৰ অসফলতাৰ পৰা আপুনি শিক্ষা লোৱা উচিত,কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰকাক্ষ কৰিলে আপোনাৰ লোকচান হব পাৰে। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। আপোনালোকৰ মাজৰ কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হব পাৰে , যি বহুত ভাগৰ লগাই দিব পাৰে কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলিও প্ৰমাণিত হব। আজি আপোনাৰ অনিচ্ছা সত্বেও আপোনাৰ জীৱন সংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে ,তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Monday, May 15, 2023)

মানসিক হেচা থকাৰ স্বত্তেও আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে এই বিশয়ত গুৰুত্ব দিব। যাক আপুনি বহুত বিশ্বাস কৰে ,তেখেত আপোনাক পূৰ্ণ সত্যৰ ঊমান নিদিয়াৰ সম্ভাৱনা আছে। আপোনাৰ অন্যক পতিয়ন নিয়াব পৰা ক্ষমতা আহিব লগা বহুত সমস্যাৰ সমাধান উলিওয়াত সক্ষম হব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। এনেকুৱা কাম হাতত লওক ,যি সৃজনাত্মক প্ৰকৃতিৰ হওক । অপ্ৰত্যাশিত দুৰ সম্পৰ্কীয় আলহীৰ আগমণে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। ভুল বুজাবুজিৰ এক দীঘলীয়া সময়ৰ অন্তত এই সন্ধিয়া আপুনি জীৱন সংগীৰ প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Monday, May 15, 2023)

অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনক খঙাল কৰি তুলিব। আজি আপোনাৰ জীৱন সংগীৰ লগত অৰ্থ সম্বন্ধীও বিষয়ক লৈ কাজিয়া হব পাৰে অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমাণ্টিক সময় অতিবাহিত কৰক। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষ ভাৱে কথা কয়,কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Monday, May 15, 2023)

পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃতিৰ বাবে আপোনাক অসুবিধা দিব পাৰে।কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক,নহ'লে অৱস্থা তথৈবচ হব পাৰে।মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰি ,সেইটো স্বীকাৰ কৰি লোৱাই ভাল। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ'ব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয় টো গুৰ্ত্ব দিয়ে যেন। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। এই ৰাশিৰ মানুহ যিবিলাল ৰচনাত্মক কাৰ্য্যৰ লগত জড়িত সিহতঁ আজি সমস্যাৰ সন্মুখীন হব পাৰে । সিহতঁৰ এনেকুৱা অনুভৱ হব পাৰে যে সিহতঁ ইয়াতকৈ ভাল চাকৰি পাব পাৰিলহেতেঁন। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। হাহিঁ -ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পূৰণি কথা হঠাৎ আহি যাব পাৰে ,যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Monday, May 15, 2023)

আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। যিসকল লোকে কৰবাত বিনিয়োগ কৰি থৈছিলে আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে । বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মূখীন হোৱাৰ বাবে তৈয়াৰ থাকক। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক’ৰবাত ফুৰিব যাব পাৰে ।কিন্তু এইখিনি সময়ত আপোনালোক দুজনৰ অলপ তৰ্ক হ’ব পাৰে। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব,কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবাকিবি কৰোতে ব্যস্ত আছিল।



SeeHere is theComments

Sponsored

close