> ১৮ মে’, বৃহস্পতিবাৰ - আজিৰ দিনটোৰ ৰাশিফল - 18 May, Thursday - Today's horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

১৮ মে’, বৃহস্পতিবাৰ - আজিৰ দিনটোৰ ৰাশিফল - 18 May, Thursday - Today's horoscope in Assamese

  ১৮ মে’, বৃহস্পতিবাৰ - আজিৰ দিনটোৰ ৰাশিফল -  18 May, Thursday - Today's  horoscope in Assamese



মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, May 18, 2023)

আপুনি আজি মহত্বপূৰ্ণ নিৰ্ণয় ল'বলগীয়া হব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তি আৰু হতাশাত ভুগিব পাৰে। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। পৰিয়ালত আপুনি এক মধ্যস্থতাকাৰী হিচাপে দায়িত্ব পালন কৰিব,সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক যাতে সময় থাকোতে সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ পাব পাৰে। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। আপুনি অনুভৱ কৰিব যে জীৱন লগৰীৰ প্ৰেম ,ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে।


বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, May 18, 2023)

আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিন ফুৰ্ত্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়, এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। এইদিন টো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হব।


মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, May 18, 2023)

স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ'ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আপোনাৰ যধে মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হব পাৰে আৰু সেইবাবে আপুনি তেখেতসকলৰ খঙৰ চিকাৰ হব পাৰে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। সন্ধিয়াৰ সময় খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভ্ৰা হওক। অফিচৰ কথা যদি কয় তেনেতে আজি আপোনাৰ টীমৰ সকলোঅতকৈ অধিক অস্থিৰ ব্যক্তি আজি বহুত বুধিয়কৰ দৰে কথা কব। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপুনি বভাৱে নেকি বিয়া অকল এটা চুক্তি ? যদি আপুনি হয় বুলি ভাৱে ,তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল।


কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, May 18, 2023)

স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। আপুনি জীৱনত পইচাৰ মূল্য কোনো দিনে বুজি নাপালে , আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপোনাৰ জীৱন লগৰী আপোনাৰ দূৰ্বলতাখিনিক আপোনাক দূৰ্বল কৰিব নিদিব যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব।


সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, May 18, 2023)

আপোনাৰ মুড সলনি কৰিবৰ বাবে সামাজিক মিলা প্ৰীতিৰ সহায় লওক। আপোনাৰ কমিশ্বন , লাভাংশ আৰু ৰোয়েল্টী ৰ পৰা আৰ্থিক লাভ হব পাৰে। দিন ৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হব। আপুনি আজিি গম পাব যে বহুত দিনৰ পৰা বহি থকা বহুত সৰু সৰু কাম ,কিন্তু গুৰুত্ব পূৰ্ণ কাম আজি আপুনি সম্পূৰ্ণ কৰাত সফল হব। ব্যস্ত দিনযোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব।


কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese (Thursday, May 18, 2023)

শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। আপুনি জীৱনত পইচাৰ মূল্য কোনো দিনে বুজি নাপালে , আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। ঘৰত সংবেদনশীল বিষয় সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততাৰ প্ৰয়োগ কৰিব লাগিব পাৰে। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। নিজৰ কামত এনেকুৱা মানুহৰ সহায় লওক যাৰ চিন্তা-ধাৰা আপোনাৰ লগত মিলে ,সঠিক সময়ত সিহঁতৰ সহায় গুৰুত্বপূৰ্ণ আৰু লাভদায়ক হব । মেডিকেল ট্ৰাঞ্চক্ৰিপশ্বনৰ লগত জড়িত মানুহৰ বাবে এয়া বহুত ভাল দিন। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Thursday, May 18, 2023)

সোনকালে বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। সামাজিক সমাৰোহ ত পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব। কোনোবা আজি আপোনাক তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। নিৰ্ণয় লোৱা সময়ত আপোনাৰ অহং ভাৱক মাজত আহিব নিদিব ,আপোনাৰ কনিষ্ঠ সহকৰ্মীৰ কথাত মনোযোগ দিব। এই ৰাশিৰ জাতক সকল আজি ভাই – ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।


বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese (Thursday, May 18, 2023)

নাৰ্ভাচ ব্ৰেকডাউন আপোনাৰ ভৱাৰ শক্তিক আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতাক কমাই দিয়ে ,ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। সাৱধান থাাকক ,কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধুলিসাৎ কৰাৰ যোজনা কৰি আছে। এইটো তেনেকুৱা ভাল লগা দিন বোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হব । আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হব। ব্যৱসায়ী সকলোৰো আজি ব্যৱসায়ত লাভ ৰ যোগ আছে। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হব লগা হৈ আছে।


ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, May 18, 2023)

আপুনি আজি মানসিক আৰু শাৰীৰিক ভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে , অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘুৰাই অনাত আপোনাক সহায় কৰিব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হব পাৰে। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে । মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। যদি আপুনি আৰু আপোনাৰ জীৱন সংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, May 18, 2023)

নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক ,আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিক্ভাৱে আপোনাক শান্ত কৰিব পাৰে। দিনৰ দ্বিতীয় প্ৰহৰত আপোনাৰ আৰ্থিক লাভ হব পাৰে । এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপে সেই কাম কৰাত সক্ষম নহব। ধন, প্ৰেম আৰু পৰিয়াল ৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আপুনি নিজৰ জীৱন সংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব।


কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese (Thursday, May 18, 2023)

পূৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্ম বিশ্বাসী কৰি তুলিব। চাকৰি কৰি থকা লোক সকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে কিন্তু বেহিচাপী স্বভাৱৰ বাবে আজি সিহতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো েৰাৰ এয়াই ভাল সময় । জীৱনৰ খোলা-বমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক । আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। জীৱন্ত বাস্তৱৰ মুখামুখি হবলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। অফিচৰ দিশে চালে আজি আপোনাৰ দিন ভাল যাব। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে ,তেনেলোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব কিন্তু অধিক কাম হোৱা বাবে তেখেতে সময় দিব নোৱাৰিব। অনাকাংক্ষিত ভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পিত যোজনাত কিছু গণ্ডগোল হব পাৰে, কিন্তু যি কি নহওক আপোনাৰ দিন এনেও বহুত ভাল ভাৱে অতিবাহিত হব।


মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, May 18, 2023)

আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।



SeeHere is theComments

Sponsored

close