> শ্ৰী বিষ্ণুৰ কৃপাত বৃহস্পতিবাৰে সুখবৰ পাব এই ৬ ৰাশিৰ লোকে। - 29 June, Thursday - Daily horoscope in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

শ্ৰী বিষ্ণুৰ কৃপাত বৃহস্পতিবাৰে সুখবৰ পাব এই ৬ ৰাশিৰ লোকে। - 29 June, Thursday - Daily horoscope in Assamese

       শ্ৰী বিষ্ণুৰ কৃপাত বৃহস্পতিবাৰে সুখবৰ পাব এই ৬ ৰাশিৰ লোকে। -  29 June, Thursday - Daily horoscope in Assamese 










মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Thursday, June 29, 2023)



আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। সন্তানক সিহঁতৰ লগত জড়িত বিষয় বোৰত সহায় কৰাটো আৱশ্যকীয়। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্তেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হব ,কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা-দেউতাৰ অনুমতি নিশ্চয় লওক নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।

বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese (Thursday, June 29, 2023))


নিজৰ চিন্তা ধাৰা আৰু উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে ,অকল আকাশত চাং পাতি থাকিলে একো নহ’ব । এতিয়া আপোনাৰ লগত এইটোয়ে সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছা হে কৰে। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। অফিচ যোৱাৰ পিচতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ঘৰ পোৱাৰ পিচত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে । যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে।

মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese (Thursday, June 29, 2023)



নিজৰ বেমাৰ বিষয়ে আলোচনা কৰা বাদ দিয়ক । এইবোৰৰ পৰা মনোযোগ দূৰ কৰিবলৈ আপুনি বেলেগ বস্তুৰ প্ৰতি ধ্যান দিয়া উচিত হব কাৰণ ইয়াৰ বিষয়ে আপুনি যিমানে চিন্তা কৰিব সিমানেই আপুনি দুখ পাব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। আইটি ৰ লগত জড়িত লোক সমূহক নিজৰ শৈলী দেখুওৱাৰ সুযোগ লাভ কৰিব পাৰে ,আপুনি সফলতা পাবৰ বাবে কামত একাগ্ৰতাৰে কষ্ট কৰিলে সুফল লাভ কৰিব। নিজৰ আত্ম-বিশ্বাসৰ লাভ লওক ,বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব।

কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese (Thursday, June 29, 2023)

আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব।তেনেহ'লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব লগতে উচিত মূল্যৰ ধন জমা হব। ঘৰৰ লগত জড়িত যোজনা সমূহত বিচাৰ কৰাৰ প্ৰয়োজন আছে। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষ ভাৱে কথা কয়,কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে । মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। বিবাহিত জীৱনৰ ফালেদি চাব গলে আজি দিনটোত আপুনি ভৱাৰ দৰেই ভালকৈ পাৰ কৰিব পাৰিব।

সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese (Thursday, June 29, 2023)




আপোনাৰ মানসিক অশান্তি বহুত পৰিমাণে কমি যাব। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহবও পাৰে। দিনটোক বিশেষ কৰি তুলিবৰ বাবে সন্ধিয়া সময়ত পৰিয়ালৰ লগত কোনোবা ভাল ঠাইত খানা খাব যাব পাৰে। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। পৰ প্ৰতিযোগিতা চলি থকা বাবে কাম-কাজ ত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপুনি বভাৱে নেকি বিয়া অকল এটা চুক্তি ? যদি আপুনি হয় বুলি ভাৱে ,তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল।


কন্যা ৰাশি ফলাফল
 - Kanya Rashi Prediction in Assamese 
(Thursday, June 29, 2023)


আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। এই ৰাশিৰ লোক সকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ললে ঘুৰাই দিব নিবিচাৰে। সন্ধিয়াৰ সময়ত ৰান্ধনি ঘৰত প্ৰয়োজন হোৱা বস্তুৰ ক্ৰয় কৰাত আপুনি ব্যস্ত থাকিব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। ব্যৱসায় যিমানেই নহওক নিজৰ ব্যৱসায় ৰ বিষয়ে কাৰো লগত ইমান কথা নকব ।যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হব পাৰে। আজি আপুনি খালী থকা সময়খিনি নিজৰ মাকৰ সেৱা কৰিম বুলি ভাৱি আছিল কিন্তু সেই সময়তে কামৰ বাবে আপুনি ভৱামতে কাম নহব ।এই ক্থাটোয়ে আপোনাক চিন্তিত কৰি তুলিব। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে।


তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese(Thursday, June 29, 2023)




নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব।এইটো বেমাৰৰ সকলোতকৈ ডাঙৰ ঔষধ ।আপোনাৰ ভাল চিন্তা ধাৰাই আপোনাৰ বেয়া চিন্তা ধাৰাক পৰাজিত কৰিব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেন দেন কৰা সময়ত সাৱধানে থাকক। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাইৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্ত্ব সূলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কাৰি আছিল ,সেই সময় শেষ হৈ গৈছে -কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱন-সংগী লাভ কৰিব। কাম কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ তেতিয়াই আপোনাৰ মন বেয়া হৈ যায় ,আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।

বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese(Thursday, June 29, 2023)



আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। যাৰ বিয়া ঠিক হৈছে ,তেখেত নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব। বন্ধু আপোনাক প্ৰশংসা দি ডুবাই দিব কাৰণ আপুনি এটা বহুত জটিল কাম সম্পূৰ্ণ কৰাত সফল হব। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক চোছিয়েল মিডিয়াত পঢ়ি হাহিঁ থাকিব ,কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।

ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese (Thursday, June 29, 2023)

যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। বন্ধু আৰুু জীৱন সংগী আপোনাক সন্তুষ্টি আৰু সুখ দিবলৈ আপোনাৰ ওচৰলৈ আহিব,নহলে আপোনাৰ দিন হতাশা আৰু ব্যস্ততাৰে ভৰপূৰ থাকিব। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হব।। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হব পাৰে।


মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese (Thursday, June 29, 2023)

হিংসাক দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক ,কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী হয় আৰু মনৰ লগতে শৰীৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয় কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হয় জীৱনৰ ওপৰত। ভাই -ভণিৰ সহায়ত অৰ্থ লাভৰ পুৰ্ণ আশংকা আছে। নিজৰ ভাই ভণিৰ উপদেশ লওক। আজিৰ দিনাখন আপুনি কিছুমান সমস্যাৰ সন্মুখীন হব পাৰে। যথাৰ্থবাদী ব্যৱহাৰ আকোৱালি লওক আৰু জনে আপোনাক সহায়ৰ হাত আগ-বঢ়াব তেখেতেৰ পৰা চম্ৎকাৰৰ আশা নকৰিব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। এই সময় হল কেৰিয়াৰত লোৱা গুৰুত্বপূৰ্ণ নিৰ্ণয়ৰ ,যাৰ বিষয়ে আপুনি বহুত দীঘলীয়া সময়ৰ পৰা ভাৱি আছে। নতুন বিচাৰ আৰু চিন্তা পৰীক্ষা কৰাৰ বহুত ভাল সময়। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব।

কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese(Thursday, June 29, 2023)


আজি আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ ওচৰ-পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। আপোনাৰ ধাৰণাৰ ফলত লাভ হব পাৰে। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱ সমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সূক দৰ্শকৰ দৰে বহি নথকা টোয়ে শ্ৰেয় হব । এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কাৰি আছিল ,সেই সময় শেষ হৈ গৈছে -কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱন-সংগী লাভ কৰিব। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব পাৰে। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।

মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Thursday, June 29, 2023)

ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হব কিন্তু পইচা আপোনাৰ হাতত নাহিব। আপোনাৰ কোনোবা ঘনিষ্ঠ জন আজি অলপ বেলেগ মুডত থাকিব আৰু তেখেতেক বুজি পোৱাটো এক প্ৰকাৰ অসম্ভৱ কামৰ দৰে হব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ্‌ কৰিব পাৰে সেইবাবে আপোনাৰ সময় অলপ অপচয় হ’ব। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে।
SeeHere is theComments

Sponsored

close