> যদি কন্যা সন্তান আছে তেন্তে চৰকাৰে দিব ১০ লাখ টকা, জানি লওক কেনেকৈ পাব পাৰি। - নিয়মীয়া খবৰ

ads5

ads2

adsz

যদি কন্যা সন্তান আছে তেন্তে চৰকাৰে দিব ১০ লাখ টকা, জানি লওক কেনেকৈ পাব পাৰি।



যদি আপোনাৰ ঘৰত ছোৱালী আছে তেন্তে চৰকাৰে আপোনাক ১০ লাখ টকা প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰে এই বিশেষ আঁচনিখন আৰম্ভ কৰিছে। ১০ বছৰৰ তলৰ কন্যা সন্তান থাকিলে সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত এক বৃহৎ পৰিমাণৰ ধন পাব। নূন্যতম ২৫০ টকা জমা কৰিলে আপুনি তিনিগুণ পৰ্যন্ত লাভ পাব। এই আঁচনিৰ বাবে কেনেদৰে আবেদন কৰিব, কি কি সুবিধা পাব, আবেদনৰ বাবে প্ৰয়োজনীয় চৰ্ত সম্পৰ্কীয় বিতং তথ্য তলত আলোচনা কৰা হৈছে।


সুকন্যা সমৃদ্ধি যোজনাত যিকোনো ব্যক্তিয়ে নিজৰ কন্যাৰ বাবে নূন্যতম পৰিমাণৰ ধন সঞ্চয় কৰি কন্যাৰ পঢ়া-শুনা, বিবাহৰ খৰচ আৰু ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে আৰু ভৱিষ্যতে এক বৃহৎ সুবিধা লাভ কৰিব পাৰে। প্ৰতিমাহে ২৫০, ৫০০, ১০০০ টকা ৮ শতাংশ সুতৰ হাৰত সৰ্বাধিক ৬৩ লাখ টকালৈকে জমা কৰিব পাৰিব। ইয়াত জমা কৰা ধনৰ ওপৰত কোনো কৰ প্ৰদান কৰিব নালাগে। আৰু মেচিউৰিটিৰ সময়ত লাভ কৰা ধনৰ ওপৰতো চৰকাৰে কোনো ধৰণৰ কৰ আৰোপ নকৰে।

সুকন্যা সমৃদ্ধি যোজনাৰ উপকাৰিতা:-


এই আঁচনি জনসাধাৰণৰ বাবে। ইয়াত আপুনি প্ৰতিমাহে নূন্যতম ২৫০ টকাৰ পৰা সৰ্বাধিক ১২,৫০০ টকালৈকে জমা কৰিব পাৰে।
চৰকাৰে জমা ধনৰ ওপৰত উচ্চ হাৰত (৮ শতাংশ) সুত দি কন্যা সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰে। ইয়াত জমা হোৱা ধনৰ ওপৰত কোনো কৰ আৰোপ কৰা নহয়। কন্যা সন্তানৰ ১৮ বছৰ বয়স পৰ্যন্ত অভিভাৱকে এই একাউণ্টটো পৰিচালনা কৰিব পাৰিব। এই আঁচনিখনত সঞ্চয় কৰি থকাৰ সময়ত যদি কোনো কাৰণত পিতৃৰ মৃত্যু হয় তেন্তে বাকী থকা ধন চৰকাৰে জমা কৰিব আৰু কন্যাই একেধৰণৰ সুবিধাই লাভ কৰিব। কোনো কাৰণত কন্যাৰ মৃত্যু হ’লে কন্যা সন্তানৰ অভিভাৱকে ততাতৈয়াকৈ সেই একে সুতৰ হাৰত জমা ধন উলিয়াব পাৰিব। চাকৰি বদলি হ’লে এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ আৰু এটা বেংকৰ পৰা আন এটা বেংকলৈ সুকন্যা সমৃদ্ধি একাউণ্ট ট্ৰেন্সফাৰ কৰিব পাৰে।

সুকন্যা সমৃদ্ধি একাউণ্ট ক’ত খুলিব?


সুকন্যা সমৃদ্ধি যোজনাত একাউণ্ট খুলিবলৈ আপুনি ডাকঘৰ বা আপোনাৰ ওচৰৰ বেংকলৈ যাব পাৰে। অৱশ্যে কিছুমান বিশেষ বেংকেহে এই আঁচনিৰ সুবিধা প্ৰদান কৰে। উদাহৰণস্বৰূপে ভাৰতীয় ষ্টেট বেংক, এইচ ডি এফ চি বেংক, পঞ্জাৱ নেচনেল বেংকে সুকন্যা সমৃদ্ধিৰ সুবিধা প্ৰদান কৰে।

মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যায়?

কন্যাৰ সুকন্যা সমৃদ্ধি একাউণ্টত প্ৰতিমাহে ১০০০ টকা জমা দিলে ১৫ বছৰত ১ লাখ ৮০ হাজাৰ টকা জমা কৰিব পাৰিব। মেচিউৰিটিৰ সময়ত ৫ লাখ, ৯২ হাজাৰ টকা ঘূৰাই পাব। প্ৰতিমাহে ২০০০ টকা জমা কৰিলে মুঠ ৩ লাখ ৬০ হাজাৰ টকা জমা কৰিব পাৰিব। কিন্তু সুতেৰে সৈতে ১০ লাখ টকা ঘূৰাই পাব। প্ৰতিমাহে ৪০০০ টকা জমা দিলে ১৫ বছৰত ৭ লাখ ২০ হাজাৰ টকা ৰাহি হ’ব আৰু সুতৰ সৈতে ১৬ লাখ ২৭ হাজাৰ টকা ঘূৰাই পাব। ১৫ বছৰলৈ প্ৰতিমাহে ৫ হাজাৰ টকা সঞ্চয় কৰিলে মুঠ সঞ্চয় হ’ব ৯ লাখ টকা আৰু মেচিউৰিটিৰ সময়ত ২৫ লাখ টকা ঘূৰাই পাব। আৰু আঁচনিৰ সম্পূৰ্ণ টাৰ্ম সঞ্চয় সম্পূৰ্ণ কৰিলে ৬৩ লাখ টকা পাব। কিন্তু ইয়াৰ বাবে প্ৰতিমাহে ১২,৫০০ টকা জমা কৰিব লাগিব।

সুকন্যা সমৃদ্ধিত আবেদনৰ চৰ্ত:-

*কেৱল কণ্যা সন্তানেহে এই একাউণ্টটো খুলিব পাৰিব।
*একাউণ্ট খোলাৰ সময়ত কন্যা সন্তানৰ বয়স ১০ বছৰৰ তলৰ হ’ব লাগিব।
*এই আঁচনিখনত আপুনি ১৫ বছৰলৈকে কিস্তিত ধন জমা কৰিব লাগিব।
*এই ধন জমা কৰিবলৈ ডাকঘৰ/বেংকলৈ যাব লাগিব। যদি আপোনাৰ Net Banking সুবিধা আছে তেন্তে ইয়াৰ জৰিয়তেও আপুনি ধন জমা কৰিব পাৰিব।
*দুমাহ টকা জমা নকৰিলে একাউণ্টটো নিষ্ক্ৰিয় হৈ যাব। কিন্তু টকা ল’বলৈ একাউণ্টটো পুনৰ সক্ৰিয় কৰিব লাগিব।


SeeHere is theComments

Sponsored

close