> চাৰিধাম যাত্ৰা, মহাদেৱক উপাসনা কৰিলে কি হয়? কিয় পৃথক মহাদেৱ শিৱ?- mystery of lord shiva - নিয়মীয়া খবৰ

ads5

ads2

adsz

চাৰিধাম যাত্ৰা, মহাদেৱক উপাসনা কৰিলে কি হয়? কিয় পৃথক মহাদেৱ শিৱ?- mystery of lord shiva

 




কেদাৰনাথ, অমৰনাথকে ধৰি এই চাৰি ধামতেই মহাদেৱ শিৱৰ বসতি থকা বুলি লোকবিশ্বাস৷ শুভ, দয়ালু, মহৎ, মঙ্গল, কোমল আৰু হিন্দুসকলৰ দুই প্ৰধান দেৱতা গণেশ আৰু কাৰ্তিকৰ পিতৃ মহাদেৱক সমগ্ৰ বিশ্বই আৰাধনা কৰে৷ চাৰিধাম যাত্ৰাতো ভক্তগণৰ উদ্দেশ্য এটাই ভগৱান মহাদেৱক সন্তুষ্ট কৰা ৷ যিসকল হিন্দুধৰ্মাৱলম্বীয়ে মহাদেৱ শিৱকেই প্ৰধান দেৱতা বুলি জ্ঞান কৰে আৰু ভক্তি ভাৱেৰে পূজা কৰে তেওলোকক ‘শৈৱ’ নামেৰে জনা যায়৷ ভোলানাথ, ৰুদ্ৰ আদি অনেক নামৰ অধিকাৰী মহাদেৱ শিৱ৷ এই চাৰিধামক বাদ দি ক’ত ক’ত আছে মহাদেৱৰ বসতি?

গংগাঃ হিন্দু ধৰ্মৰ বিশ্বাস অনুযায়ী, গংগা নদীৰ উৎসই হৈছে শিৱৰ জঁটা। সেই কাৰণে শিৱৰ আন এক নাম গংগাধৰ বুলি কোৱা হয়৷

ব্যাঘ্ৰ ছালঃ শিৱই বস্ত্ৰ হিচাপে পৰিধান কৰিছিল বাঘৰ ছাল। সেই কাৰণে শিৱৰ আন এক নাম কৃত্তিবাস বুলিও জনা যায়। ব্যাঘ্ৰ ছাল আসন, প্ৰাচীন ভাৰতৰ ব্ৰহ্মৰ্ষিসকলৰ বাবে সংৰক্ষিত আসন।

সৰ্পঃ শিৱৰ ডিঙিত এডাল সাপে সদায় দেখা যায়৷ সাপে শোভা বৰ্ধন কৰে বুলি কোৱা হয়৷

ত্ৰিশূলঃ শিৱৰ প্ৰধান অস্ত্ৰ হ’ল ত্ৰিশূল। যাৰ বাবে সদায় তেওঁৰ সৈতে ত্ৰিশূল থাকে৷

ডম্বৰুঃ শিৱৰ হাতত এবিধ বিশেষ বাদ্যযন্ত্ৰ ডম্বৰুয়ে সদায়ে শোভা পায়। নটৰাজ নামেৰে পৰিচিত শিৱৰ নৃত্যৰত মূৰ্তিৰ এইটো এটা বিশেষ দিশ।

নন্দীঃ নন্দী নামৰ এটা ষাঁড় শিৱৰ বাহন। শিৱক সেয়ে পশুৰ দেৱতা বুলিও ধৰা হয়।

গণঃ শিৱৰ অনুচৰসকলক গণ বোলা হয়। ভৌতিক প্ৰকৃতি অনুসৰি ভূতগণ নামেৰেও অভিহিত কৰা হয়। এওঁলোক সাধাৰণতে দয়ালু বুলি জনা যায়৷

কৈলাশঃ শিৱৰ অধিষ্ঠান হিমালয়ৰ কৈলাস পৰ্বত।

বাৰাণসীঃ বাৰাণসী শিৱৰ প্ৰিয় নগৰী। বাৰাণসীত হিন্দুসকলৰ বাবে পবিত্ৰতম তীৰ্থসমূহৰ অন্যতম। হিন্দু ধৰ্মগ্ৰন্থত এই নগৰী কাশীধাম নামেৰেও জনা যায়৷

সৌন্দৰ্যঃ প্ৰবাদ মতে, মহাদেৱ শিৱক ভক্তি কৰিলে সৌন্দৰ্য বৃদ্ধি হয়৷ হিন্দু ধৰ্মাৱলম্বীসকলে শিৱক সম্পূৰ্ণৰূপে ব্যতিক্ৰম বুলি গণ্য কৰে৷ জঁটাধাৰী শিৱক মহেশ্বৰ নতুবা মহাদেৱ বুলি কোৱা হয়৷

শৰীৰঃ মহাদেৱ অত্যন্ত শক্তিশালী আৰু পেশীবহুল শৰীৰৰ অধিকাৰী। হিন্দু পুৰাণত মহাদেৱৰ শৰীৰৰ যি বৰ্ণনা পোৱা যায়, তাৰ পৰা জানিব পাৰি যে তেওঁৰ উচ্চতা প্ৰায় ৭ ফুট। শৰীৰত আছে ব্যাঘ্ৰ ছাল। কিন্তু বাঘৰ ছালৰ বাবে কেতিয়াও বাঘ হত্যা কৰা নাছিল মহাদেৱে। মৃত বাঘৰ ছাল সংগ্ৰহ কৰিহে নিজৰ শৰীৰৰ মেৰিয়াই লৈছিল মহাদেৱে।

মাদকদ্ৰব্য সেৱনঃ শিৱ মানেই ভাং-গাঞ্জা খোৱাৰ এখন ছবিয়েই আমাৰ মনলৈ আহে। ‘বাবাৰ প্ৰসাদ’ নাম দি বহুতে এই নিচাজাতীয় দ্ৰব্য সেৱন কৰে। কিন্তু কি কাৰণত মহাদেৱে ভাং-গাঞ্জা সেৱন কৰিছিল সেই সম্পৰ্কে হয়তো বহুতেই জ্ঞাত নহয়! কিয়নো হিমালয়ৰ যি অঞ্চলত তেওঁৰ বাস, সেই অঞ্চল প্ৰচণ্ড ঠাণ্ডা বাবেই তেওঁ ভাং সেৱন কৰে। লগতে কঠোৰ তপস্যাত মনোযোগ দিবলৈকে ভাং সেৱন কৰিছিল মহাদেৱে৷

শাৰীৰিক সুখঃ অত্যন্ত শক্তিশালী মহাদেৱে জানিছিল যে শাৰীৰিক মিলনৰ ক্ষেত্ৰত তেওঁৰ সৈতে কোনো নাৰীয়ে তিষ্ঠিব নোৱাৰিব। কিন্তু দেৱী পাৰ্বতীয়ে মহাদেৱক ঘনিষ্ঠভাৱে পাবলৈ বিচাৰে। শিৱই প্ৰথমে অমান্তি হ’লেও পাৰ্বতীৰ আব্দাৰত সন্মতি দিবলৈ বাধ্য হৈ পৰে। ইয়াৰ পিছত দুয়ো গোপনে এঠাইত মিলিত হৈছিল। এই মিলন চলিছিল মাহৰ পিছত মাহ। এটা সময়ত গোটেই পৃথিৱী কম্পমান হৈ উঠে, পাহাৰ-পৰ্বতবোৰ দুলিবলৈ ধৰে। উপায়ন্তৰ হৈ সকলো দেৱতাই শিৱ-পাৰ্বতীক উভতি আহিবলৈ অনুৰোধ কৰে। তেতিয়া মহাদেৱ পতিয়ন যায় যে পাৰ্বতী তেওঁৰ যোগ্য পত্নী।

মহাদেৱৰ মতে, জন্ম নহয়, কৰ্মহে মূল। যাৰ বাবে তপস্যাত থকা অসুৰকো বৰ প্ৰদান কৰিছিল। বহু দেৱতাই মহাদেৱতাৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছিল যদিও মহাদেৱে নিজ মতত সদায়ে অটল আছিল৷মহাদেৱ সেয়ে অন্য দেৱতাতকৈ পৃথক বুলি বহু ভক্তই দাবী কৰে৷

SeeHere is theComments

Sponsored

close