Search Bar

এটা ক্লিকতে আজিৰ দিনটোৰ ৰাশিফল চাৱক। জানক আপোনাৰ দিনটো কেনে যাব।আপোনাৰ শুভ ৰং আৰু শুভ সংখ্যা বিষয়ে জানি লওঁক।

 

জ্যোতিষী কিৰো ইয়ঙৰ দৃষ্টিত আজিৰ দিনটোৰ ৰাশিফল


আজি ২২ অক্টোবৰ, কাতি মাহৰ ৪ তাৰিখ শুকুৰবাৰঃ তিথি-কৃষ্ণা দ্বিতীয়, নক্ষত্র ঃ ডনী, যাত্রা নাই


মেষঃ দিনটোত বিশেষ সাৱধানেৰে চলা ভাল। বিদ্যাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক। ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।


 বৃষ : বন্ধু ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব। বাহ্যিক কৰ্মত মন দিব লগা হোৱাত মূল কৰ্মত কিছু অৱহেলিত হ'ব পাৰে। দাম্পত্যত মতবিৰোধ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।


মিথুন : পুৱা দহ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব। বিদ্যাত মধ্যম। মাতা-পিতাৰ কাৰণে দিনটো শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৬।


কৰ্কট : পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক। আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব। প্ৰেমত বাধা। বিয়া-বাৰুৰ যোগাযোগত শুভ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ২।


সিংহ : ঘৰুৱাত কিছু ভালেই দেখা যায়। দুই-এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে। কর্মক্ষেত্ৰত মানসিক অশান্তিৰ কাৰকতা। প্ৰেমত আনন্দ। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।


কন্যাঃ  কর্মক্ষেত্ৰত জটিলতা কিছু হ্রাস পাব। হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰো বুলিও অলপ বাধাপ্রাপ্ত হ’ব। দাম্পত্যত মধ্যম। ৰাজনীতিবিদসকলে বিশেষ সতর্ক হওক। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।


তুলা : প্ৰায়বোৰ কথাতে মন নিদিয়াই ভাল। মূল কথাৰ প্রতি সজাগ থকা ভাল। দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৬।


বৃশ্চিক : কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্ৰগতি লভিব। মানসিক অৱস্থা মধ্যম। আশা কৰা মতে কোনো যোগাযোগত উপকৃত হ'ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।


ধনু:  খৰচ-পাতি ৰোধ কৰাৰ যত্ন কৰক। প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব। বিদ্যাত বেয়া নহ'ব। প্ৰেমত বাধা। ব্যক্তিত্ব আৰু ধৈৰ্য ৰক্ষা কৰি চলক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩


মকৰঃ ক্ৰমে দিনটো উন্নত অনুভৱ কৰিব। কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। চুটি ভ্ৰমণ হ’ব পাৰে। প্ৰেম-প্ৰণয়ত উৎসাহ। শুভ ৰং নীলা। শুভ সংখ্যা ৮। 


কুম্ভ : পুৱাৰ ভাগতকৈ আবেলিৰ ভাগত উন্নত ফল লাভ কৰিব। কর্মস্থানত ভালেই দেখা যাব। বিদ্যাত কিছু আশাপ্রদ। শৰীৰ মধ্যম। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৭।


মীন: কৰ্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব। বেংক কৰ্মীসকল নিজৰ দক্ষতা দেখুৱাব পাৰিব। হাতলৈ ধন অহাৰ যোগ আছে। প্রেম-প্রণয়ত সাময়িক বাধা। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।


Related Search


Assam Daily News

LPG Price Hike

LPG cylinder price in Assam

LPG Cylinder price in guwhati

LPG cylinder news 

Post a Comment

0 Comments

Sponsored