> লিভাৰ ভালে আছেনে জানিবলৈ ভৰিৰ ৯ টি বস্তু লক্ষ্য কৰক : 9 Things Your Feet Can Tell About Your Liver - নিয়মীয়া খবৰ

ads5

ads2

adsz

লিভাৰ ভালে আছেনে জানিবলৈ ভৰিৰ ৯ টি বস্তু লক্ষ্য কৰক : 9 Things Your Feet Can Tell About Your Liver

 লিভাৰ ভালে আছেনে জানিবলৈ ভৰিৰ ৯ টি বস্তু লক্ষ্য কৰক :  9 Things Your Feet Can Tell About Your Liver



আপুনি জানি আচৰিত হ'ব পাৰে যে আপুনি আপোনাৰ ভৰিৰ জৰিয়তে আপোনাৰ যকৃতৰ কাৰ্যৰ মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব পাৰে। আজি আমি আপোনাৰ ভৰিৰ সৈতে সংযোজিত লিভাৰৰ সমস্যাৰ 9 টা লক্ষণ আপোনাৰ সৈতে ভাগ বতৰা কৰিম।

লিভাৰ ভালে আছেনে জানিবলৈ ভৰিৰ ৯ টি বস্তু লক্ষ্য কৰক :

মানৱ দেহৰ এটি ডাঙৰ আৰু দৰকাৰী অংগ বিশেষ হল লিভাৰ বা যকৃত৷ সেয়ে লিভাৰে ভালকৈ কাম কৰিছে নে নাই জানিবলৈ আপোনাৰ ভৰি দুখনৰ কিছু পৰিৱৰ্তন সদায়ে লক্ষ্য কৰি থাকিব।


১) স্পাইদাৰ ভেইন বা স্পাইদাৰ নিভা :- 

যদি ভৰি দুখনৰ ছালত আপুনি নীলা নীলা শিৰা দেখিছে সেয়ে স্পাইদাৰ ভেইন আৰু ই এটা লিভাৰ বেমাৰৰ লক্ষণ। লিভাৰ চিৰটিছ ৰোগত ঘাইকৈ এই ভেইন দেখা যায়। এনে হলে চিকিৎসকৰ ওচৰলৈ যোৱাত পলম নকৰিব। অৱশ্যে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ভেইন দেখা পালে তাক লিভাৰ বেমাৰৰ লক্ষণ বুলি ভয় নাখাব ই এক সাধাৰণ পৰিঘটনা। গৰ্ভৱতী অৱস্থাত ইস্ত্ৰজেন হৰমন ৰ পৰিমাণ বৃদ্ধি হয় বাবে এনে হয় আৰু প্ৰসৱৰ পিছত ই নিজে নাইকিয়া হয়।


২) প্ৰোৰিটাছ :- 

যদিহে ভৰি আৰু হাতৰ তলুৱাত বেছিকৈ খজুৱতি হয় বা ভৰিৰ আঙুলি বোৰ বেছিকৈ খজুৱাই তেন্তে ইও লিভাৰ বিকাৰৰ লক্ষণ হব পাৰে। এনে হলে বুজিব লাগিব যে লিভাৰৰ উপৰিভাগত পানী জমা হৈছে । প্রাথমিক বিলিআৰী চিৰচিছ বুলি লিভাৰ ৰোগ হলে প্রায় ৭০% ৰোগীৰ ভৰি আৰু হাতৰ তলুৱাৰ লগতে আঙুলিত খজুৱতি হয়।


৩) ৰেড ডটছ:

কোনো ধৰণৰ আঘাত নোহোৱাকৈ যদিহে ভৰিত ৰঙা ৰঙৰ ডট দেখিছে তেন্তে ই লিভাৰ নষ্ট হোৱাৰ লক্ষণ। এই সমস্যাটো বেছিকৈ টাইপ ২ ডায়েবেটিছ ৰোগী সমূহৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। ভৰি দুখনত তেজৰ চলাচলৰ ব্যাঘাত হোৱাৰ ফলত এনে পৰিঘটনা অর্থাৎ ৰেড ডট বোৰ দেখা দিয়ে।


৪) সঘনাই ভৰিৰ বিষ :- 

যদিহে কোনো ধৰণৰ বিষ বেমাৰ পৰীক্ষা নিৰীক্ষণত ধৰা পৰা নাই কিন্তু হঠাৎ আপুনি খোজকাঢ়ি গৈ থাকোঁতে ভৰি দুখনৰ অতিমাত্রা বিষ অনুভৱ কৰি ভাগৰি বহি পৰিব লগা হৈছে আকৌ কিছু সময় জিৰণিৰ পিছত বিষ উপশম হৈছে তেন্তে ই লিভাৰৰ ৰোগৰ লক্ষণ হব পাৰে। সাধাৰণতে লিভাৰৰ ৰোগ হেঁপাতাইটিছ c ৰোগ, লিভাৰ চিৰচিছ, লিভাৰ কেন্সাৰ আদি হলে এনে লক্ষণ দেখা যায়।


৫) ভৰি ফুলা :- 

ভৰি পতা, গোৰোহা, কলাফুল ফুলা ও লিভাৰ ৰোগৰ এক লক্ষণ হব পাৰে৷ হেঁপাতাইটিছ C ৰোগত এই লক্ষণ প্ৰথমতে স্পষ্ট হব পাৰে।


৬) ভৰিৰ ছালৰ ৰঙ সলনি হোৱা :- 

স্পাইদাৰ ভেইন হলে নীলা ভেইন দেখা দিয়াৰ দৰে জণ্ডিচ ৰোগ হলে ভৰিৰ ছাল, নখ আদি হালধীয়া হৈ পৰিব৷ বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা লিভাৰ আক্রান্ত হলে, লিভাৰ কেন্সাৰ হলে, লিভাৰ চিৰচিছ হলে, জণ্ডিচ দেখা যায়। লগতে অন্য লক্ষণ যেনে বমি, পেটৰ বিষ, খাব নোৱাৰা, দেহৰ দুর্বলতা, কম উত্তাপৰ জ্বৰ আদি লক্ষণ সমূহো থাকিব।


৭) ভৰিৰ ছাল ফটা :- 

ছাল ফটাৰ বিভিন্ন কাৰণ আছে যেনে ভিটামিনৰ অভাৱ, মিনাৰেলৰ অভাৱ আদি। এনে হলে লিভাৰত ভিটামিন B3 আৰু অমেগা ৩ ফেঁটি এচিড নামৰ এন্টী-অক্সিডেন্ট ৰ উৎপাদন হ্রাস হয় ফলত ছালখন আৰু গোৰোহা ফাটিবলৈ ধৰে।


৮) ভৰিৰ গোন্ধ :- 

বেছিকৈ ভৰিৰ দুৰ্গন্ধ ওলোৱাও লিভাৰৰ ৰোগৰ লক্ষণ হব পাৰে। নৈমিত্তিক অত্যাধিক মদ্যপান, অত্যাধিক চর্বি জাতীয় খাদ্য ভোজন, কোনো শাৰীৰিক পৰিশ্ৰম নকৰা লোকৰ লিভাৰত অতিৰিক্ত চর্বি জমা হয় ফলত লিভাৰ টিয়ে দেহৰ বৰ্জিত দ্রব্য সমূহ ভালদৰে দিটক্সিফাই কৰিব নোৱাৰে। আৰু ইয়াৰ ফলত ভৰিৰে ওলোৱা ঘামৰ গোন্ধ বহুত দুৰ্গন্ধ হৈ পৰে।


৯) ভৰি দুখন জ্বলা পোৰা কৰা :- 

যদিহে ঠাণ্ডা মজিয়া এখনত ভৰি থলেও ভৰি দুখন জ্বলা পোৰা কৰে তেন্তে ই ফেটি লিভাৰ ৰোগৰ লক্ষণ হব পাৰে।


Related Search 

Assamese health tips 

daily health tips 

liver tips from feet

9 signs of feet know from your liver

Assam Latest news 

Assamese Fact 


SeeHere is theComments

Sponsored

close