> আজিৰ দিনটোৰ ৰাশিফল। কেনে যাব আপোনাৰ দিনটো জানক। - নিয়মীয়া খবৰ

ads5

ads2

adsz

আজিৰ দিনটোৰ ৰাশিফল। কেনে যাব আপোনাৰ দিনটো জানক।

 

জ্যোতিষী কিৰো ইয়ঙৰ দৃষ্টিত আজিৰ দিনটোৰ ৰাশিফল


আজি ১৯ অক্টোবৰ, কাতি মাহৰ ১ তাৰিখ

মঙলবাৰঃ তিথি-শুক্লা চতুৰ্দশী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রাঃ নাই 


মেষ : বিয়াৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়ীৰ হাতলৈ ধন আহিব। আজি টকা আনক ধাৰলৈ নিদিব। চাকৰিয়ালৰ শুভ।


বৃষ : পুৰণা মোকদমাত জয়ী হোৱাৰ আশা আছে। অনাকাংক্ষিত সমস্যাত পৰিব পাৰে। শৰীৰ সুস্থ থাকিব।


মিথুন: ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব। শিক্ষার্থীৰ শুভ। হাতলৈ টকা-পইচা আহিব। পৰি আঘাত পাব পাৰে।


কর্কট: বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব। শুভ কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ'ব। টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব।


সিংহ: আনক সহায় কৰি সন্মান পাব। চোৰ-ডকাইতৰ পৰা সাৱধান হ’ব। ঘৰৰ মূল্যৱান সম্পত্তি হেৰাব পাৰে। অৰ্থৰ নাটনি হ'ব।


কন্যা: ব্যৱসায়ীৰ উন্নতিৰ যোগ। শত্ৰুৰ পৰা সাৱধান। খৰচ বাঢ়িব। অচিনাকি লোকৰ পৰা দূৰত থাকিব।


তুলা: দুর্ঘটনা ঘটিব পাৰে। সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ'ব পাৰে। বিদ্যাত উন্নতি হ’ব। চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব।


বৃশ্চিক : অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে। আনক সহায় কৰি সন্মানিত হ’ব। চাকৰি স্থায়ীকৰণ হ'ব। কৰ্মত নিযুক্তি হ'ব।


ধনু: শুভ কাম আজি নকৰাই ভাল হ'ব। ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ্থীৰ শুভ।


মকৰ : স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লওক। অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ'ব পাৰে। ব্যৱসায়ত লেনদেন কৰোঁতে সাৱধান হ’ব। লাভ বৃদ্ধি হ'ব।


কুম্ভ: শুভকাম কৰাৰ সিদ্ধান্ত হ'ব পাৰে। ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে। চাকৰিৰ বাবে চেষ্টা কৰক, ফল পাব।


মীন: আত্মীয়ৰ কাৰণে সমস্যাত পৰিব। সাংসাৰিক অশান্তি বাঢ়িব। হাতলৈ টকা আহিব, কিন্তু খৰচ বৃদ্ধি পায়।

SeeHere is theComments

Sponsored

close