> Chanakya niti in assamese - এই ৬ টা বস্তু থকা সকলৰ বেয়া সময়বোৰেও একো নষ্ট কৰিব নোৱাৰে। - নিয়মীয়া খবৰ

ads5

ads2

adsz

Chanakya niti in assamese - এই ৬ টা বস্তু থকা সকলৰ বেয়া সময়বোৰেও একো নষ্ট কৰিব নোৱাৰে।

 চাণক্য নিতিঃ এই ৬ টা বস্তু থকা সকলৰ বেয়া সময়বোৰেও একো নষ্ট কৰিব নোৱাৰে। 



আচাৰ্য চাণক্যৰ নীতিবোৰ অতি ব্যৱহাৰিক যিয়ে প্ৰতি গৰাকী ব্যক্তিক জীৱন ধাৰণৰ কলা শিকায়। চাণক্যই জীৱনৰ প্ৰতিটো দিশৰ সৈতে সম্পৰ্কিত বিভিন্ন বস্তু বৰ্ণনা কৰিছে যিবোৰ আপুনি আপোনাৰ জীৱন ধাৰণ প্ৰণালী উন্নত কৰিবলৈ অনুসৰণ কৰিব পাৰে। চাণক্য এজন সমাজবিজ্ঞানী আৰু অৰ্থনীতিবিদৰ লগতে এজন যোগ্য শিক্ষক আছিল।


চাণক্যৰ মতে সুখ আৰু দুখ হৈছে জীৱনৰ সংগী। সকলোৰে জীৱনলৈ সুখ দুখৰ আগমন ঘটে। কিন্তু বহুতে এই বিষয়ে জানিও এই পৰিস্থিতিৰ বাবে নিজকে প্ৰস্তুত নকৰে। দুখ পৰিস্থিতিত অৰ্থাৎ সংকটৰ সময়ত যেতিয়া তেওঁলোকে কষ্ট পায়, তেওঁলোক অসন্তুষ্ট হয়। আচাৰ্য চাণক্যই তেওঁৰ নীতি শাস্ত্ৰ নামৰ কিতাপখনত উল্লেখ কৰিছে যে কিছুমান মানুহৰ বেয়া সময়বোৰেও একো নষ্ট কৰিব নোৱাৰে । এই লোকসকলৰ কিছুমান বিশেষ গুণাগুণৰ বাবে দুখৰ অৱস্থাৰ পৰা স্বাভাৱিক অৱস্থালৈ নিজকে ঘূৰাই আনিব পাৰে। এনে বিশেষ গুণবোৰৰ বিষয়ে জানো আহক। 


1. ধৈৰ্য্য : 

চাণক্যই কয় যে এই গুণৰ বাবে, এজন ব্যক্তিয়ে কঠিন দিনবোৰ সহজে অতিক্ৰম কৰে। জীৱনত একো স্থায়ী নহয়। গতিকে সকলোৱে সদায় বৰ্তমানক উন্নত কৰিবলৈ চেষ্টা কৰা উচিত। তাৰ বাবে মাথোঁ ধৈৰ্য্য ধৰা উচিত। কঠোৰ পৰিশ্ৰম তথা নিজৰ জ্ঞানৰ সহায়ত এগৰাকী ব্যক্তিয়ে সফলতা অৰ্জন কৰিব পাৰে। একেদৰে সংকটৰ সময়তো অধিক বেয়া পৰিস্থিতৰ মাজত ধৈৰ্য ধৰি নিজকে আগুৱাই নিব লাগে। তেনেলোকে জীৱনৰ যিকোনো বেয়া সময় অনায়াসে অতিক্ৰম কৰি সফলতা অৰ্জন কৰিব পাৰে। 


2. ধন- 

আচাৰ্য চাণক্যই বিশ্বাস কৰে যে দুখৰ সময়ত ধনে এজন ব্যক্তিকো সুৰক্ষা দিয়ে। সেয়েহে, সকলোৰে ধন সঞ্চয় কৰাৰ অভ্যাস থাকিব লাগে। সঞ্চয় কৰাৰ অভ্যাস থকা ব্যক্তি এজনে সহজে দুখ-কষ্টৰ সময় অতিক্ৰম কৰে।


3. সিদ্ধান্ত লোৱাৰ সামৰ্থ্য - 

চাণক্যৰ নৈতিকতা অনুসৰি, সংকটৰ সময়ত বা বেয়া পৰিস্থিতিত, সঠিক সিদ্ধান্ত লোৱাটো অধিক প্ৰয়োজন । খৰধৰ বা আবেগত লোৱা সিদ্ধান্তবোৰে কেতিয়াবা আপোনাৰ ক্ষতি কৰিব পাৰে। গতিকে এগৰাকী ব্যক্তিয়ে বিবেকেৰে সকলো সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব লাগে। যেনেকুৱা পৰিস্থিতিতেই নহওঁক উচিত সিদ্ধান্ত লব পৰাকৈ বাবে নিজকে গঢ় দিয়া উচিত। 



4.আত্মবিশ্বাস:

আশ্চৰ্য চাণক্যই কয় যে যেতিয়া বেয়া সময় বা সংকট আহে, সকলো মানুহে আপোনাক এৰি গুচি যাব পাৰে। তেনে পৰিস্থিতিত আপুনি পিছ হুহকি মাৰিলে নহ'ব। আত্মবিশ্বাসেৰে এজন ব্যক্তিয়ে কঠিন সময়কো সহজেই অতিক্ৰম কৰিব পাৰে। আনকি এজন আত্মবিশ্বাসী ব্যক্তিৰ বেয়া সময়বোৰেও তেওঁক ভবিষ্যতে আগুৱাই যোৱাৰ বাবে অধিক সাহস আৰু শক্তি প্ৰদান কৰে ।


5. জ্ঞান- 

চাণক্যই কয় যে বেয়া সময়ত জ্ঞানৰ অৰ্থ হৈছে বেয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক শক্তি। জ্ঞানী লোকসকলে নিশ্চিতভাৱে এদিন হলেও সফল হবই। কাৰণ আপোনাৰ জ্ঞান কেতিয়াও কোনেও চুৰ কৰিব নোৱাৰে বা ইয়াক কোনেও আপোনাৰ পৰা কাঢ়ি নিব নোৱাৰে। জ্ঞান আহৰণ কৰাটো কামধেনুৰ দৰে। জীৱনৰ কঠিন সময়ত জ্ঞান আপোনাৰ বাবে আটাইতকৈ উপযোগী হিচাপে পৰিগণিত হব পাৰে আৰু কঠিন পৰিস্থিতিৰ পৰা ওলাই অহাত সহায় কৰিব পাৰে। আচার্য চাণক্যই বিদ্যাক গোপন সম্পদ বুলিও গণ্য কৰি থৈ গৈছে।


6 ঈশ্বৰৰ ওপৰত বিশ্বাস :

যেতিয়া সংকটৰ সময়ত আপোনাৰ পুত্ৰ, কন্যা, পৰিয়ালৰ সদস্য আৰু আনকি পত্নীয়েও কেতিয়াবা আপোনাৰ সংগ এৰি দিয়ে, তেনে সময়ত কেৱল ঈশ্বৰেহে আপোনাক সুৰক্ষা দিয়ে আৰু আপোনাৰ সঁহাৰি হৈ পৰে । সেয়েহে, আচার্য চাণক্যই বিশ্বাস কৰে যে ঈশ্বৰৰ উপাসনা কেতিয়াও বন্ধ কৰা উচিত নহয়। সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখি পৰিস্থিতিৰ লগত নিজকে আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পায়। 

Related Search 

Chanakya Niti in Assamese 

Chanakya Niti in 

Assamese tips 

Assam Latest news 

Assam breaking news today 

LPG cylinder price today 

LPG cylinder price Assam 

liquefied petroleum gas cylinder 

best insurance for home 

insurance for bike 

insurance for car 



SeeHere is theComments

Sponsored

close