গৰুখুটিৰ পিছত লামডিং বনাঞ্চলত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযান, ৫০০ হেক্টৰ ভূমি কৰা হ’ব বেদখলমুক্ত - নিয়মীয়া খবৰ

গৰুখুটিৰ পিছত লামডিং বনাঞ্চলত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযান, ৫০০ হেক্টৰ ভূমি কৰা হ’ব বেদখলমুক্ত

 


গৰুখুটিৰ পিছত লামডিং বনাঞ্চলত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযান, ৫০০ হেক্টৰ ভূমি কৰা হ’ব বেদখলমুক্ত গৰুখুটি, ঢেকিয়াজুলিৰ পিছত আজি লামডিং বনাঞ্চলত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান।


দুদিন ধৰি চলিব এই উচ্ছেদ। ভেটনালা আৰু কমৰপানীৰ বেদখলস্থলীত চলিছে এই উচ্ছেদ। উল্লেখ্য যে, প্ৰায় ৫০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হ’ব।


ইতিমধ্যে ইয়াৰ বাবে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। জানিব পৰা মতে বহু পৰিয়ালে এতিয়াও দখল কৰি আছে ৰিজাৰ্ভৰ ভূমি, অন্যহাতে একাংশই ৰিজাৰ্ভৰ ভূমি এৰি শিবিৰত উপস্থিত হৈছে।


বহু পৰিয়ালে চৰকাৰ তথা প্ৰশাসনৰ কথা মানি এৰি গৈছে বেদখল কৰা স্থান। এতিয়া ৰাজ্য খনক বেদখল কৰাৰ চেষ্টাৰে চৰকাৰে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। একাংশই এই উচ্ছেদ অভিযান সমৰ্থন কৰিছে যদিও একাংশই এই উচ্ছেদক লৈ আৰম্ভ কৰিছে প্ৰতিবাদ।

SeeHere is theComments

Sponsored

close