> আছাম ৰাইফলছৰ কনভয়ত ভয়ংকৰ এম্বুছ, কমাণ্ডেণ্ট, পত্নী, ৮ বছৰীয়া ল’ৰা সন্তান সহ ৭ জনৰ মৃত্যু - নিয়মীয়া খবৰ

ads5

ads2

adsz

আছাম ৰাইফলছৰ কনভয়ত ভয়ংকৰ এম্বুছ, কমাণ্ডেণ্ট, পত্নী, ৮ বছৰীয়া ল’ৰা সন্তান সহ ৭ জনৰ মৃত্যু

 অসম ৰাইফলচৰ কনভয়ত ভয়ংকৰ আক্ৰমণ উগ্ৰপন্থীৰ।



এই আক্ৰমণত পৰিয়ালসহ মুঠ ৭ জনৰ মৃত্যু হৈছে।


এগৰাকী সেনা জোৱানসহ পত্নী আৰু পুত্ৰৰ লগতে ৪গৰাকী QRT জোৱান নিহত হোৱা বুলি জানিব পৰা গৈছে।



মৃত সেনাজোৱান গৰাকী ৪৬ অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী।


অফিচাৰ বিপ্লৱ ত্ৰিপাঠীৰেই পত্নী আৰু পুত্ৰৰ কৰুণ মৃত্যু ঘটে এই অতৰ্কিতে কৰা আক্ৰমণৰ ফলত।


আনহাতে এই আক্ৰমণৰ ঘটনাত আন কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে।


মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ সিংঘট এলেকাত এই ঘটনা সংঘটিত। ঘটনাৰ সৈতে জড়িত সকলক চিনাক্ত কৰি বিহিত শাস্তি বিহা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।



 ঘটনাৰ সৈতে মণিপুৰৰ নিষিদ্ধ সংগঠন পি এল এ জড়িত থকা বুলি সন্দেহ কৰা হৈছিল। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত মণিপুৰৰ নিষিদ্ধ সংগঠন পি এল এ  স্বীকাৰ কৰিছে দায়িত্ব।



ইপিনে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই ঘটনাক তীব্ৰ গৰিহণা দিছে। তেওঁ সংবাদ মাধ্যমত আগত মন্তব্য কৰি কয় যে এয়া উগ্ৰপন্থীৰ কাপুৰুষালিৰ পৰিচয় দিছে। 


Related Search 


LPG Price Hike 

LPG cylinder price in Assam 

LPG cylinder price in Guwahati 

Assam rifles news 

Assam rifles attacked in manipur 


SeeHere is theComments

Sponsored

close