> Benefits of Oil massage in Feet | ভৰিৰ তলুৱাত সৰিয়হৰ তেল মালিচৰ আচৰিত উপকাৰিতা সমূহ - নিয়মীয়া খবৰ

ads5

ads2

adsz

Benefits of Oil massage in Feet | ভৰিৰ তলুৱাত সৰিয়হৰ তেল মালিচৰ আচৰিত উপকাৰিতা সমূহ

 Benefits of Oil massage in Feet | ভৰিৰ তলুৱাত সৰিয়হৰ তেল মালিচৰ আচৰিত উপকাৰিতা সমূহ 



Benefits of mustard Oil massage in Feet


আমি সকলোৱে ঘৰত নিয়মিতভাৱে সৰিয়হৰ তেল ব্যৱহাৰ কৰো৷ খাদ্যৰ লগতে হওঁক বা আন কাৰণতেই হওঁক সৰিয়হৰ তেল সকলোৰে ঘৰত ব্যৱহাৰ কৰা হয়। সৰিয়হৰ তেলত বহুতো ভিটামিন (vitamin) , খনিজ (mineral) আৰু অন্যান্য পুষ্টি (nutrients) থাকে যি শৰীৰৰ বাবে বহু উপকাৰী । যদি শুৱলৈ যোৱাৰ আগতে শৰীৰৰ কিছু অংশত প্ৰয়োগ কৰা হয়, তেন্তে ইয়াৰ আশ্চর্যজনক লাভালাভ পোৱা যায়৷ আজি আমি আপোনাক ভৰিৰ তলুৱাৰ সৰিয়হৰ তেল প্ৰয়োগ কৰাৰ বিষয়ে জনাম যাৰ দ্বাৰা বিভিন্ন সমস্যাৰ সুফল সম্পৰ্কে জানিবলৈ পাব ।


ভৰিৰ তলুৱাত সৰিয়হৰ তেল মালিচৰ লাভালাভ


দৃষ্টিশক্তি বৃদ্ধি কৰে : যদি শুবলৈ যোৱাৰ আগতে ভৰিৰ তলুৱাত সৰিয়হৰ তেল দি মালিচ কৰা হয় তেন্তে চকুৰ দৃষ্টি শক্তি বৃদ্ধি হয়। যদি আপোনাৰ ভালদৰে টোপনি নাহে তেন্তে এই পদ্ধতি ব্যৱহাৰ ব্যৱহাৰ কৰি চাব পাৰে, নিশ্চয় ইয়াৰ ফলাফল পাব। লগতে ই শৰীৰটো স্বাস্থ্যৱান আৰু শক্তিশালী কৰি ৰখাতো সহায় কৰে।


ৰক্ত সঞ্চালন বৃদ্ধি কৰে: গোটেই দিনটো টান জোতা আৰু অন্যান্য প্ৰকাৰৰ জোতা পিন্ধিলে ভৰিৰ তলুৱাত তেজৰ সঞ্চালন মসৃণভাৱে উপনীত হোৱা প্ৰতিহত হয়। ভৰিৰ মালিচ হৈছে এই অৱৰুদ্ধ তেজৰ সঞ্চালন মসৃণ কৰাৰ সকলোতকৈ উত্তম উপায়। বিচনালৈ যোৱাৰ আগতে ভৰি আৰু তলুৱা 10 ৰ পৰা 20 মিনিটৰ বাবে মালিচ কৰিলে ভৰিৰ শেষ অংশলৈ তেজৰ সঞ্চালন সহজ হয়। এই মালিচ বিশেষকৈ সেই সকল লোকৰ বাবে উপকাৰী যিসকলে ডায়েবেটিচৰ ফলত তলুৱাত জঠৰতা আৰম্ভ কৰা দেখা যায়।


ওজন হ্রাস কৰে: চর্বি জমা হোৱাটো হৈছে শৰীৰত মেদবহুলতাৰ কাৰণ। ইয়াৰ ফলত বহুতো ৰোগ হয়। প্রতিদিনে শুবলৈ যোৱাৰ আগতে ভৰিৰ তলুৱাত 5 মিনিটৰ বাবে মালিচ কৰিলে শৰীৰত জমা হোৱা চর্বি গলিব পাৰে। ইয়াৰ ফলত ওজন হ্রাস হয়।


ভাল টোপনি আনে: সম্পূর্ণ দিনটো কষ্ট কৰি আমি প্ৰায়ে ভাগৰুৱা অনুভৱ কৰো , যাৰ ফলত বহুলোক শান্তিৰে শুবলৈ বিচনালৈ যায়। কিন্তু আন বহু লোকে গোটেই দিনটো কষ্ট কৰাৰ পাছতো ৰাতি টোপনি বাৰে বাৰে ভাঙি যায় আৰু অনিদ্ৰা সমস্যাত পৰে। এনে সমস্যাত ভূগা লোকসকলে প্রতি নিশা শুবলৈ যোৱাৰ আগতে 10-15 মিনিটৰ বাবে সৰিয়হ তেল দি ভৰি মালিচ কৰিলে শান্তিপূর্ণ টোপনি অহাত সহায় কৰা দেখা যায় ।


মানসিক চাপ আৰু অধৈৰ্য্যতা আঁতৰ কৰে : বৰ্তমান যুগত আমি বেছিভাগ মানসিক চাপত ভুগা দেখিবলৈ পোৱা যায়। ন-ন চিন্তাই বিভিন্ন ধৰণে আমাক মানসিক ভাৱে আক্ৰমণ কৰে। ভৰিৰ মালিচে মানসিক চাপ আৰু চিন্তা সমূহ হ্ৰাস কৰাত যথেষ্ট সহায় কৰিব পাৰে। ই মনলৈ শান্তি অনাৰ লগতে আৰু বেছি লাভান্বিত কৰিব পাৰে। মালিচ কৰোঁতে তলুৱাৰ বিভিন্ন অংশৰ ওপৰত পৰা অতিৰিক্ত চাপৰ ফলত স্নায়ুতন্ত্ৰ উন্নত হয় আৰু গোটেই শৰীৰটো শিথিল অনুভৱ হয়।


ভৰিৰ বিষৰ পৰা সকাহ: সৰিয়হ তেল দি ভালদৰে কৰা মালিচে ভৰিৰ পেশী আৰু ভৰি ফুলা আদি সমস্যাৰ পৰা সকাহ প্ৰদান কৰে। লগতে মালিচ কৰাৰ আগতে কুহুমীয়া পানীৰে ভৰি ধুই দিলে আৰু ভাল ফলাফল লাভ কৰিব পাৰি ।


সৰিয়হ তেল দি ভৰিৰ তলুৱা মালিচ কৰাৰ সঠিক উপায়। 


এটা কুহুমীয়া পানীৰে ভৰ্তি ডাঙৰ পাত্ৰ এটা লৈ আপোনাৰ পচন্দৰ যিকোনো 5-6 টোপাল তেল (মেনথল যুক্ত তেল হলে ভাল) দিয়ক। আপোনাৰ ভৰি ইয়াত 10 মিনিটৰ বাবে ডুবাই ৰাখক আৰু তাৰ পিছত কটন টাৱেলেৰে আপোনাৰ ভৰি মচি দিয়ক। এতিয়া চকী এখনত আৰামেৰে বহক। আপোনাৰ এখন ভৰিৰ তলুৱাটো আনটো ভৰিৰ আঁঠুত ৰাখক। তাৰপাছত সৰিয়হ তেল অলপ পাতলকৈ গৰম কৰি আপোনাৰ ভৰিৰ তলুৱাটো মালিচ কৰক। আপোনাৰ হাত ভৰিৰ তলুৱাৰ ওপৰৰ পৰা তললৈ মৃদু চাপ দি মালিচ কৰক । ভৰিৰ তলুৱাৰ লগতে ভৰিৰ আঙুলিবোৰো মালিচ কৰক। এতিয়া একেধৰণে আনখন ভৰিয়ো মালিচ কৰক। এখন ভৰিৰ সম্পূৰ্ণ মালিচৰ বাবে 10-15 মিনিটেই যথেষ্ট।


Related Search 

Assamese Daily news 

Assam breaking news today 

Assamese health tips 

Assamese home tips 

Mustard oil benifit 


DISCLAIMER : All the content here is given only for reader's information and knowledge enhancement. We request you to consult with doctor or other consultant before before trying to any of these tips (or remidies) here.


SeeHere is theComments

Sponsored

close