> মুৰৰ বিষৰ বাবে এই 5 টা ঘৰুৱা প্ৰতিকাৰে সঁচাকৈয়ে কাম কৰে | নিমিষতে নাইকিয়া কৰক মুৰৰ বিষ | Headache Home Remedies - নিয়মীয়া খবৰ

ads5

ads2

adsz

মুৰৰ বিষৰ বাবে এই 5 টা ঘৰুৱা প্ৰতিকাৰে সঁচাকৈয়ে কাম কৰে | নিমিষতে নাইকিয়া কৰক মুৰৰ বিষ | Headache Home Remedies

 

মুৰৰ বিষৰ বাবে এই 5 টা ঘৰুৱা প্ৰতিকাৰে সঁচাকৈয়ে কাম কৰে | নিমিষতে নাইকিয়া কৰক মুৰৰ বিষ | Headache Home Remedies


আপুনি হয়তো কেতিয়াবা হলেও মুৰৰ বিষ অনুভৱ কৰিছে৷ মুৰৰ বিষৰ বহুতো কাৰণ আছে যেনে অস্বাভাৱিক নিউৰন কার্যকলাপ, অত্যাধিক সুৰাপান, ধূমপান, কম টোপনি আদি । মুৰৰ বিষৰ বাবে দৈনন্দিন কাম কৰাটো এক প্ৰত্যাহ্বান হৈ পৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে চাহৰ কাপৰ আশ্ৰয় লয়৷ যদি চাহে সঠিক সময়ত সহায় নকৰে তেন্তে আমি পেইনকিলাৰ গ্ৰহণ কৰোঁ যি আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷

সেয়েহে, যদি আপুনি সঘনাই মুৰৰ বিষত ভুগি আছে আৰু পেইনকিলাৰ ঔষধ ব্যৱহাৰ কৰিব নিবিচাৰে, তেন্তে আজি আমি এনে কিছুমান মুৰৰ বিষৰ টিপচৰ বিষয়ে জনাম যিয়ে সঁচাকৈয়ে কাম কৰে |

পুদিনা ৰস:

পুদিনাত থকা মিথানলে মাংসপেশী শিথিল কৰাত আৰু বিষ হ্ৰাস কৰাত সহায় কৰে৷ আপোনাৰ কপালৰ আৰু মুৰৰ ওপৰৰ অংশত পুদিনা ৰস প্ৰয়োগ কৰক যাৰ দ্বাৰা আপুনি মুৰৰ বিষৰ পৰা সকাহ লাভ কৰিব। পুদিনা বাম বা পুদিনা তেলেও মুৰৰ বিষত কার্যকাৰী ৰূপে কৰে৷

আদা:

আদা এবিধ সৰ্বগুণী খাদ্য । আপোনাৰ ডিঙিৰ বিষ হওঁক বা পেট ৰঙা হওঁক বা মুৰৰ বিষ হওঁক, আদা হৈছে এক ৰামবাণ৷ ই মুৰৰ বিষৰ পৰা তাৎক্ষণিক সকাহ দিয়ে৷ আদাই মাইগ্রেইন সম্পৰ্কীয় সমস্যাবোৰৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

আপেল ভিনেগাৰ:

আপুনি মুৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপেলৰ ভিনেগাৰ বা আপেল দুয়োটা ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ বিশেষ কামত বা নিশা পাৰ্টি কৰোতে পিছদিনা পুৱা ভয়ংকৰ মুৰৰ বিষ অনুভৱ কৰে তেন্তে এগিলাচ আপেল চাইডাৰ ভিনেগাৰৰ পানীয় বনাই খাব৷ এই পানীয়টো তৈয়াৰ কৰিবলৈ এগিলাচ পানীত 2 চামুচ আপেল চাইডাৰ ভিনেগাৰ, কেইটুপা মান মৌ আৰু কেইটোপালমান নেমুৰ ৰস যোগ দি পান কৰক ।

তুলসী পাত:

তুলসী পাত হৈছে মুৰৰ বিষৰ এক প্ৰাকৃতিক প্ৰতিকাৰ৷ ইয়াত থকা শক্তিশালী বনৌষধি উপাদানে চাপযুক্ত মাংসপেশীক শান্ত কৰাত সহায় কৰে যি মুৰৰ বিষৰ কাৰক হিচাপে জনা যায় ৷ একাপ পানী উতলাই অলপ তুলসী পাত দি অলপ সময় উতলিব দিয়ক আৰু লাহে লাহে এই চাহ পান কৰক৷ আপুনি ইয়াক সুস্বাদু কৰিবলৈ মৌ যোগ দিব পাৰে।

কাঠবাদাম:

টেবলেটৰ সলনি কাঠবাদাম খাব। হয়, শুকান ফল হৈছে মুৰৰ বিষৰ এক প্ৰাকৃতিক প্ৰতিকাৰ৷ ইয়াত চেলিচিন থাকে, যি হৈছে পেইনকিলাৰত পোৱা উপাদানৰ সৈতে একেই। মুৰৰ বিষ উপশম কৰিবলৈ আপুনি দুটা কাঠবাদাম খাব পাৰে।

Related Search
Assamese health tips
Assamese health remidies
Headache solution in assamese
Assam Latest news
future health planing
insurance for future health
future health insurance policy
latest health insurance policy tips

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself.

SeeHere is theComments

Sponsored

close