> মৰ্মান্তিক! তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত অকালতে মৃত্যু স্কুটী আৰােহী শিক্ষয়িত্ৰীৰ, আহত ভাতৃ- Assam Latest news today - নিয়মীয়া খবৰ

ads5

ads2

adsz

মৰ্মান্তিক! তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত অকালতে মৃত্যু স্কুটী আৰােহী শিক্ষয়িত্ৰীৰ, আহত ভাতৃ- Assam Latest news today

 

মৰ্মান্তিক! তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত অকালতে মৃত্যু স্কুটী আৰােহী শিক্ষয়িত্ৰীৰ, আহত ভাতৃ


পুনৰ উদণ্ড ডাম্পাৰ চালকৰ বাবে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী উদীয়মান যুৱতী তথা শিক্ষয়িত্ৰীয়ে, গুৰুতৰভাৱে আহত হ’ল ভাতৃও।

এই ঘটনাৰ স্থান বঙাইগাঁও জিলাৰ সিদলসতী।

নিহত যুৱতীগৰাকীৰ নাম মণিক ৰায় (২৬)। ঘৰ বিজনীৰ গেৰুকাবাৰী।


জানিব পৰা মতে, নৰনাৰায়ণ জাতীয় বিদ্যালয়, জামদহাৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত উচ্চ শিক্ষিত মণিকা ৰায়।

ভাতৃ প্ৰদীপ ৰায় (৩৮)ৰ সৈতে অভয়াপুৰী চহৰলৈ চিকিৎসাৰ বাবে গৈছিল মণিকা।


তাৰ পৰা স্কুটীৰে ঘৰলৈ ওভতাৰ পথত জিলাখনৰ সিদলসতীত ৰাষ্ট্ৰীয় পথৰ গতিৰোধকৰ স্থানত এখন দ্ৰুতবেগী ডাম্পাৰে মহটিয়ালে নিলে স্কুটি আৰোহী ভাতৃ-ভগ্নীক।

এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় মণিকা ৰায়ৰ। এই দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে ভাতৃ প্ৰদীপ ৰায়।


দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পাছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি কৰি মৰণােত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

লগতে আহত ভাতৃ প্ৰদীপ ৰায়ক চিকিৎসালয়ত ভৰ্তি কৰে। জানিব পৰা মতে, প্ৰদীপ ৰায় সম্প্ৰতি বিপদমুক্ত। 

মেধাৱী ছাত্ৰী মণিকা ৰায়ৰ অকাল মৃত্যুত গেৰুকাবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

বিশেষকৈ মণিকাই শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ৰনাৰায়ণ জাতীয় বিদ্যালয়, জামদহাৰ সতীৰ্থ তথা শিক্ষাৰ্থীবৃন্দ মৰ্মাহত হৈ পৰিছে।

Related Search 
Assam Latest news
Assamese breaking news
Assam accident
Assamese latest news
asomiya khobor 
LPG cylinder price today Assam
liquefied petroleum gas cylinder update 
liquefied petroleum gas cylinder tips 
SeeHere is theComments

Sponsored

close