> চিকিৎসাধীন আত্মীয়ৰ খবৰ ল’বলৈ গৈ শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু অধ্যাপক কন্দৰ্প কলিতাৰ- Assam Latest news today - নিয়মীয়া খবৰ

ads5

ads2

adsz

চিকিৎসাধীন আত্মীয়ৰ খবৰ ল’বলৈ গৈ শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু অধ্যাপক কন্দৰ্প কলিতাৰ- Assam Latest news today

 

চিকিৎসাধীন আত্মীয়ৰ খবৰ ল’বলৈ গৈ শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু অধ্যাপক কন্দৰ্প কলিতাৰ


চৰণেহে জানে মৰণৰ ঠাই… এই বাক্যশাৰীয়েই যেন সঁচা প্ৰমাণিত হ’ল এগৰাকী অধ্যাপকৰ ক্ষেত্ৰত।

হাস্পতালত চিকিৎসাধীন হৈ থকা এজনৰ আত্মীয়ৰ খবৰ ল’বলৈ গৈ নিজেই মৃত্যুক আঁকােৱালি ল’লে এজন অধ্যাপকে।

এক শােকাৱহ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুওৱা লােকজন হৈছে নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক কন্দৰ্প কলিতা।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৭ বছৰ।


অধ্যাপক কন্দৰ্প কলিতাৰ এনে অকাল মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে নলবাৰীবাসীক।


জানিব পৰামতে, ৰঙিয়াৰ স্বস্তি হাস্পতালত চিকিৎসাধীন হৈ থকা আত্মীয়ৰ খবৰ লৈ নলবাৰীৰ জাপাৰকুছি মইনপুৰৰ ঘৰলৈ গাড়ীৰে গৈ থকা অৱস্থাত ঘগ্ৰাপাৰৰ কয়াকুছিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাক এখনত খুন্দিওৱাৰ ফলত অধ্যাপকগৰাকীৰ থিতাতে মৃত্যু হয়।


উল্লেখ্য যে ২০০০ চনত নলবাৰী কলেজত উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰা কন্দৰ্প কলিতা ছাত্ৰ সমাজত অতি জনপ্ৰিয় আছিল।


অত্যন্ত সহজ-সৰল, অমায়িক স্বভাৱৰ আৰু মানৱ দৰদী হিচাপে পৰিচিত কন্দৰ্প কলিতাই শিক্ষকতাৰ পবিত্ৰ বৃত্তিত জড়িত হোৱাৰ উপৰি লোক-সংস্কৃতিৰ সাধনা কৰিছিল।

তেওঁ টোকাৰী গীত, লোকগীত আৰু নাগাৰা নামৰো চৰ্চা কৰিছিল।

নলবাৰী জিলাৰ বৰাজোল গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা কলিতা সৰুৰে পৰা মেধাসম্পন্ন আছিল।

নলবাৰীৰ শৈক্ষিক আৰু সামাজিক জীৱনত সুপৰিচিত আছিল প্ৰয়াত কন্দৰ্প কলিতা।

প্ৰয়াত কলিতাৰ নশ্বৰ দেহ নলবাৰী মহাবিদ্যালয়লৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁ অধ্যয়ন কৰা বৰাজোল উচ্চ মাধ্যমিক বিদ্যালয়লৈ নি শেষ শ্ৰদ্ধা জনাই বৰাজোল গাঁৱত থকা বাসগৃহলৈ নি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।


Related Search
Assam news live
Assam Latest news
Insurance for bike
insurance for car
insurance choosing tips
best insurance

SeeHere is theComments

Sponsored

close