ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক (IGP) হ’ল ভায়লেট বৰুৱা
নতুন বছৰৰ প্ৰাকক্ষণত অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক (IGP) হিচাপে পদােন্নতি লাভ কৰিলে ভাৰতীয় আৰক্ষী সেৱা (IPS) বিষয়া ভায়লেট বৰুৱাই।
টুইটাৰত এই কথা প্ৰকাশ কৰি বৰুৱাই এই পদােন্নতিৰ বাবে নিজকে ধন্য অনুভৱ কৰা বুলি উল্লেখ কৰে।
টুইটাৰত বৰুৱা উল্লেখ কৰে, ”আইজিপি পদলৈ পদোন্নতি লাভ, অসমৰ প্ৰথম মহিলা আইজিপি হোৱাৰ বাবে ধন্য অনুভৱ কৰিছো।”
উল্লেখ্য যে বৰুৱা অসম-মেঘালয় কেডাৰৰ ২০০৫ বেচৰ IPS বিষয়া।
ইং ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত বৰুৱাই অসম আৰক্ষীৰ প্ৰথম মহিলা ডিআইজি হিচাপে পদােন্নতি লাভ কৰিছিল।
ইং ২੦২১ চনত গণতন্ত্ৰ দিৱস উপলক্ষে বৰুৱাক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকাে প্ৰদান কৰা হৈছিল।
ইং ২০২০ চনত, ভায়লেট বৰুৱাক বিটিএডিত উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে নিযুক্তি দিয়া হৈছিল।
ইপিনে, সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্নজনে ভায়লেট বৰুৱালৈ এই উপলব্ধিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।
Related Search
First ladies IGP in Assam
Violet Baruah
IPS Violet Baruah biography
Assam Latest news
0 Comments