> চাণক্য নীতি অনুসৰি এজন সৎ আৰু প্ৰকৃত পুৰুষৰ চাৰিটা লক্ষণ Qualities of a perfect Man Chanakya Niti in Assamese - নিয়মীয়া খবৰ

ads5

ads2

adsz

চাণক্য নীতি অনুসৰি এজন সৎ আৰু প্ৰকৃত পুৰুষৰ চাৰিটা লক্ষণ Qualities of a perfect Man Chanakya Niti in Assamese

চাণক্য নীতি অনুসৰি এজন সৎ আৰু প্ৰকৃত পুৰুষৰ চাৰিটা লক্ষণ Qualities of a perfect Man



চাণক্য নীতিৰ স্ৰষ্টা আচাৰ্য চাণক্যক এতিয়াও তেওঁৰ বুদ্ধিমত্তা আৰু বিভিন্ন বিষয়ৰ নিপুণতাৰ বাবে শ্ৰেষ্ঠ আৰু সৰ্বাধিক বিদ্বান লোকৰ শ্ৰেণীত ৰখা হৈছে। তেওঁ এজন দক্ষ ৰণনীতিবিদ, কূটনীতিবিদ আৰু লগতে এজন মহান অৰ্থনীতিবিদ আছিল। চাণক্যই বহুতো শাস্ত্ৰ ৰচনা কৰিছিল যিবোৰ এতিয়াও মানুহৰ বাবে উপযোগী। তেওঁৰ শাস্ত্ৰত নৈতিকতাৰ কথাবোৰ এতিয়াও জনসাধাৰণৰ মনত অতি জনপ্ৰিয় আৰু প্ৰচলিত। 


আচার্য চাণক্যই এজন পুৰুষ কিমান ভাল, সৎ, বিশ্বাসী আৰু শালীন গুণসম্পন্ন তাক চিনাক্ত কৰাৰ ৪ টা উপায় বর্ণনা কৰি গৈছিল। আচাৰ্য চাণক্যৰ অনুসৰি এই চাৰিটা বস্তুৰ আধাৰত এজন পুৰুষৰ ব্যক্তিত্ব কেনে আৰু তেনে ব্যক্তিৰ লগত কেনেদৰে সম্পৰ্ক ৰাখিব লাগে তাৰ ধাৰণা কৰিব পাৰি ৷


আচার্য চাণক্যই এজন পুৰুষৰ গুণাগুণক সোণৰ গুণাগুণৰ সৈতে তুলনা কৰি লিখিছে যে যিদৰে সোণ আচল নে নকল, ইয়াক ঘঁহি, গৰম কৰি আৰু কাটি পৰীক্ষা কৰা হয়, ঠিক একেদৰে এজন ভাল পুৰুষৰো চাৰিটা মুখ্য গুণ থাকে আৰু একে চাৰিটা গুণৰ আধাৰতহে এজন পুৰুষক পৰীক্ষা কৰিব পাৰি।


দানশীল

দানৰ অৰ্থ হৈছে আনক সহায় কৰে। দান সদায়ে ধনেৰে জোখা নহয়, প্রয়োজন অনুসৰি নিঃস্বাৰ্থভাৱে কাৰোবাক পথ প্ৰদৰ্শন কৰা, বা কাৰোবাক নিজৰ সময় দি কিবা প্ৰকাৰে সহায় কৰা আদিও দানশীল গুণৰ ভিতৰত পৰে । যদি এজন পুৰুষৰ দানশীল গুণ থাকে তেন্তে ই তেওঁৰ মঙ্গলময়তা প্ৰদৰ্শন কৰে। গতিকে এগৰাকী দানশীল গুণৰ ব্যক্তি সদায়ে মহান হয়। 


শালীনতা

সাধাৰণতে, শালীনতাৰ গুণ সদায় মহিলাৰ মাজত বিচৰা কৰা হয় যদিও প্ৰকৃততে পুৰুষৰ মহিলাৰ উভয়ৰে ক্ষেত্ৰত শালীনতা, সংস্কাৰ আৰু গুণ থকাটো প্রয়োজনীয় । এনে গুণ থকা ভদ্র আৰু নম্ৰ পুৰুষ এজনে সকলোতে সন্মান লাভ কৰে। পুৰুষৰ এই গুণটোৱে তেওঁলোকৰ সৎ ব্যক্তিত্যৰ প্ৰকাশ কৰে । এনে ব্যক্তিয়ে নিজৰ আচৰণৰ বলতেই তেওঁলোকে সকলোতে সন্মান পায়। 


গুণী

চাণক্যৰ মতে, এজন মানুহৰ বহুতো গুণ থাকিব লাগে। অৱশ্যে, আমি কেনেদৰে ভাল বা বেয়া গুণ চিনাক্ত কৰোঁ সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে। শান্ত আৰু সভ্য দেখা লোকসকল সকলো সময়তে সৎ হোৱাটো প্ৰয়োজনীয় নহয়। এজন ব্যক্তিৰ গতিবিধি আৰু ভঙ্গীয়েও বহুকথা কয়। বিশ্বাস কৰাৰ আগতে মানুহক পৰীক্ষা কৰাটো প্রয়োজনীয় । 


আচাৰ ব্যৱহাৰ

সকলো পুৰুষৰ সামাজিক আচাৰ ব্যৱহাৰৰ জ্ঞান নাথাকে। যি পুৰুষৰ এনে গুণৰ অভাৱ থাকে তেওঁ কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে৷ আচৰণৰ বিশুদ্ধতা আৰু ব্যৱহাৰৰ গুণ হৈছে ভাল মানুহৰ অলংকাৰ। ভাল আচৰণ থকা এজন মানুহ বেছিভাগ অমায়িক আৰু সামাজিক হয়। 


Related Search

Chanakya Niti in Assamese

Chanakya Niti of a Good person

a lucky husband

Chanakya Niti tips assamese


SeeHere is theComments

Sponsored

close