> বৈষ্ণো দেৱীত পদপিষ্ট হৈ ১৩ জন নিহত, বহুলোক আহত - Vaishno Devi Shrine Stampede Leaves 13 Dead, Many Injured - নিয়মীয়া খবৰ

ads5

ads2

adsz

বৈষ্ণো দেৱীত পদপিষ্ট হৈ ১৩ জন নিহত, বহুলোক আহত - Vaishno Devi Shrine Stampede Leaves 13 Dead, Many Injured

 

বৈষ্ণো দেৱীত পদপিষ্ট হৈ ১৩ জন নিহত, বহুলোক আহত



নতুন বছৰৰ পহিলা দিনটোতে এক দুখৰ খবৰে জোকাৰি গৈছে সমগ্ৰ দেশ। জম্মু-কাশ্মীৰৰ মা বৈষ্ণো দেৱী মন্দিৰত পদদলিত হৈ ১৩ জন দৰ্শনাৰ্থীৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হৈছে ১৩ জন লোক। আহত সকলৰ ৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে আটাইকেইজন আহতক কাটৰাৰ নাৰায়ণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৈষ্ণো দেৱী মন্দিৰত সংঘটিত শোকাৱহ ঘটনাত মৃত্যু ঘটা ৮ জনক এতিয়ালৈকে চিনাক্ত কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে- নৌচেৰা ৰাজৌৰীৰ নিবাসী ধীৰাজ কুমাৰ (২৬), উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ শ্বেতা সিং (৩৫), দিল্লীৰ বিনয় কুমাৰ (২৪), চনু পাণ্ডে (২৪), হাৰিয়ানাৰ নিবাসী মমতা (৩৮), চাহাৰণপুৰৰ নিবাসী ধৰমবীৰ সিং (৩৫), বনীত কুমাৰ (৩৮) আৰু ডঃ অৰুণ প্ৰতাপ সিং (৩০)।

জম্মু-কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে জানিবলৈ দিয়া মতে, ভক্তসকলৰ মাজত কিবা এটাক লৈ প্ৰথমে বিবাদৰ সূত্ৰপাত হৈছিল। যাৰ ফলত উপস্থিত ভক্ত সকলৰ মাজত দৌৰা-দৌৰি আৰম্ভ হয়। আনহাতে প্ৰত্যক্ষ দর্শীৰ মতে, ঘটনাস্থলীত নাছিল পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা। যাৰ ফলত বহু লোক ঠেলা-হেঁচাত বাগৰি পৰি পদদলিত হৈ আহত হয়।

ইফালে, এই শোকাবহ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকল আছিল বিশেষকৈ উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ। আনহাতে, কেন্দ্ৰীয় চৰকাৰে মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে। আনহাতে, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই মৃতকৰ নিকটাত্মীয়ক ১০ লাখ টকা আৰু আহতসকলক ২ লাখ টকাৰ অনুদান ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে। এক টুইটযোগে তেওঁ কয়, “মাতা বৈষ্ণো দেৱী ভৱনত সংঘটিত পদদলিত লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছো।” প্ৰধানমন্ত্ৰীয়ে লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং, কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ৰ সৈতে ঘটনাসন্দৰ্ভত আলোচনা কৰি পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ কয়, ‘এই শোকাৱহ দুৰ্ঘটনাটোত হৃদয় গভীৰভাৱে বিচলিত হৈছে। মই লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাৰ সৈতে কথা পাতিছো। প্ৰশাসনে আহতসকলক চিকিৎসা প্ৰদান কৰিবলৈ নিৰন্তৰ কাম কৰি আছে। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। ‘

Related Search 

India latest news

Assam Latest news

Vaishno Devi Shrine Stampede Leaves

Vaishno Devi Shrine mandir accident 

SeeHere is theComments

Sponsored

close