> উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ১০ প্ৰকাৰৰ চুপাৰ খাদ্য - 10 super food for for control high pressure - নিয়মীয়া খবৰ

ads5

ads2

adsz

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ১০ প্ৰকাৰৰ চুপাৰ খাদ্য - 10 super food for for control high pressure

 

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ১০ প্ৰকাৰৰ চুপাৰ খাদ্য !


উচ্চ ৰক্তচাপ এবিধ এনে ৰোগ যাক মিঠা বিষ বুলিও কব পাৰি ; যিয়ে মানুহৰ দৈহিক আৰু মানসিক স্বাস্থ্যত বাৰুকৈয়ে ব্যাঘাত জন্মাই । যি ৰোগে এদিনতে একো ক্ষতি নকৰে ; লাহে লাহে, দিনে প্রতিদিনে মিঠাবিষৰ দৰে ক্ষতি কৰি গৈ থাকে যাক silent killer বুলি কলেও ভুল কৰা নহয়। বর্তমান সময়ত জনজীৱনৰ জীৱন শৈলীৰ অর্থাৎ life style ব্যাধি হৈছে এই উচ্চ ৰক্তচাপ।

key points :

1. উচ্চ ৰক্তচাপৰ ঘাই কাৰণ সমুহ ( Risk factors for hypertension) |

2. উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ১০ প্ৰকাৰৰ খাদ্য (Ten types of super foods to control hypertension)

এই ৰোগ হোৱাৰ ঘাই কাৰণ সমূহ হৈছে ( causes of hypertension):

১) দেহত অতিৰিক্ত ওজন বৃদ্ধি হোৱা আৰু মেদবহুলতা।

২) বংশগত ভাৱে যদি কাৰোবাৰ পিতৃ মাতৃৰ উচ্চ ৰক্তচাপ আছে।

৩) অস্বাস্থ্যকৰ খাদ্য গ্রহণ যেনে অত্যাধিক চর্বি জাতীয় খাদ্য গ্রহণ ; অত্যাধিক নিমখ, চেনী, তেলত ভজা খাদ্য সেৱন ; অত্যাধিক মদ্যপান, চাধা, বিড়ি, চিগাৰেট সেৱন আদি।

৪) আৰাম বিলাসী জীৱন যাপন। দৈনিক কমেও যদি ৩৫ মিনিটতকৈ কোনোবাই পৰিশ্ৰম কৰা নাই বা খোজ কঢ়া নাই তেন্তে তেওঁৰ বয়স বাঢ়ি যোৱাৰ লগে লগে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা থাকে।

৫) অত্যাধিক মানসিক চাপ ।

৬) দৈনিক ৭ -৮ ঘণ্টা টোপনিৰ অভাৱ।

৭) বয়স বৃদ্ধি হৈ গৈ থকাটোও এটি উচ্চ ৰক্তচাপৰ কাৰণ হব পাৰে৷

১০ প্ৰকাৰৰ চুপাৰ খাদ্য যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে : Ten types of super foods to control hypertension

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ইয়াৰ কাৰক সমূহ বৰ্জন কৰা খুৱেই দৰকাৰী৷ তাৰোপৰি চিকিৎসকৰ পৰামৰ্শ লৈ যেনেকৈ নিজৰ ৰক্তচাপৰ মাত্রা ১২০/৮০ mm Hg বা তাৰ তলত ৰখা বাঞ্ছনীয়, তেনেকৈ কিছুমান খাদ্য যিসমূহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে সেই সমূহ নিজৰ খাদ্য তালিকাত যোগ কৰাটো সিমানে বাঞ্ছনীয়। তেনে খাদ্য সমূহ হৈছে :

১) পালেং শাক ( spinach) :- অধিক মাত্রাত পতাচিয়াম (potassium) সমৃদ্ধ এই পালেং শাক আৰু বহু ভিটামিন (vitamin) , মিনাৰেল(mineral) থাকে হেতুকে বহু লোকে পালেং শাক সেৱন কৰিলে ৰক্তচাপ বৃদ্ধি হয় বুলি ভুল ধাৰণা কৰে। কিন্তু বাস্তৱত পালেং শাকত থকা পতাচিয়ামে তেজৰ ছডিয়ামৰ (Sodium) মাত্রা কমাই ফলত উচ্চ ৰক্তচাপ নিম্নগামী হয়।

২) নহৰু (garlic) :- উচ্চ ৰক্তচাপৰ বাবে এই নহৰু হৈছে ৰামবান ঔষধি । নহৰু সেৱন কৰিলে তেজৰ কলেষ্টৰলৰ (cholesterol) মাত্রা হ্রাস হয়। লগতে নেহৰুত থাকে এবিধ ছালফাৰ মিশ্রণ যাক এলিচীন বোলা হয় যিয়ে ৰক্তচাপ নিয়ন্ত্রণ কৰিব পাৰে।

৩) মাছ ( fishes) :- মাছত থাকে এবিধ এন্তিঅক্সিডেন্ট যাৰ নাম হৈছে ওমেগা ৩ ফেঁটী এচিড যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

৪) চিডছ আৰু নাটছ ( seeds and nuts ) :
বাদাম, কাজু বাদাম, সূৰ্য্যমুখী ফুলৰ গুটি, আখৰোত গুটি, পানী লাওৰ গুটি আদিত যথেষ্ট মেগনাছিয়াম থাকে যাৰ বাবে এই সমূহ সেৱন কৰিলে কলেষ্টৰল হ্ৰাস হয় আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্রণ হয়।

৫) জিকা ( ridge guard ) :- প্ৰচুৰ পৰিমাণে ভিটামিন A (Vitamin-A) , ভিটামিন C (Vitamin-C) , আইৰন (Iron) , পতাচিয়াম (potassium) আৰু মেগনাছিয়াম (magnesium) থাকে যি সমূহে অন্য উপকাৰ কৰাৰ উপৰিও ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে৷

৬) কমলা :- পতাচিয়াম, ভিটামিন C থকাৰ উপৰিও কমলাত থাকে এবিধ ফ্লেৱনয়দছ যাৰ নাম হৈছে হেঁচপেৰিদিন ( hesperidin ) যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

৭) মটৰ আৰু মছুৰ ডাইল ( lentils) :- ইয়াত থাকে যথেষ্ট পৰিমাণে প্ৰটিন আৰু মিনাৰেল ; নগন্য পৰিমানে চর্বী থাকে। লগতে থাকে অসংপৃক্ত চর্বী, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে।

৮) কল ( banana) :- পতাচিয়াম ভৰপূৰ ভাবে থাকে কলত। সেয়ে ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিবলৈ কল খোৱা অত্যন্ত দৰকাৰী।

৯) আলু ( potato ) :- মধুমেহৰ বাবে আলু অপকাৰী কিন্তু পতাচিয়ামৰ মাত্রা যথেষ্ঠ থকা হেতুকে আলু সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণ হৈ ৰব।

১০) শুকান খেজুৰ ( dry dates ) :- ফাইবাৰ, পতাচিয়াম, আইৰণ, মেগনাছিয়াম, ভিটামিন B 6 থাকে যথেষ্ট পৰিমাণত সেয়ে এই খেজুৰ সেৱন কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে।

Related Search
Assamese health tips
Assam health news
high blood pressure tips
super food for high blood pressure
Niyomia Barta epaper today
asomiya pratidin epaper today
axomiya khobor
Assam Latest news
Assamese news paper today

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself.

SeeHere is theComments

Sponsored

close