> এইবিধ শাকৰ উপকাৰিতাৰ বিষয়ে আপুনিও জানি থওঁক - 12 amazing health benifits of paleng xaak - নিয়মীয়া খবৰ

ads5

ads2

adsz

এইবিধ শাকৰ উপকাৰিতাৰ বিষয়ে আপুনিও জানি থওঁক - 12 amazing health benifits of paleng xaak

 


আপোনাৰ ঘৰৰ বাৰী খনত হয়তো এতিয়া শাকেৰে উভৈনদী। সতেজ সেউজীয়া পাতবোৰ সোৱাদ হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও বহু উপকাৰী। এনে এবিধ শাক পালেং শাক। 

এতিয়া পালেং শাকৰ সময় বাবে সকলো ঠাইতে শাকবিধ উভৈনদী । পালেঙত ভিটামিন-এ বা বিটাকেৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰোপৰি কেলচিয়াম, আইৰণ, আহ, কাৰ্বহাইড্ৰেত, প্ৰোটিন, খনিজ পদাৰ্থ, অজৈৱিক নাইট্ৰেত, প্লেবোন’ইড্স আদি থাকে। পালেঙ নিজ ইচ্ছানুযায়ী খাব পাৰি , যেনে :- পালেঙ আৰু মাছৰ তৰ্কাৰী , পালেঙ পনীৰ, পালেঙ ৰস , পালেঙ চালাদ , পালেঙ চাটনী, আটাৰ সৈতে মিলাই লুচি বা পৰথা ইত্যাদি। পালেঙৰ উপকাৰীতা সমূহ তলত উল্লেখ কৰা হল‌।


(১) পালেঙত বিটাকেৰটিন প্ৰচুৰ পৰিমাণে থাকে বাবে কুকুৰীকণা ৰোগ ভাল হয়। তাৰোপৰি চকুৰ ৰশ্মি কমিলে নিয়মিত পালেঙ খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।

(২) পালেং পাতৰ ৰস , নেমুটেঙাৰ ৰস আৰু গ্লিছাৰিন ভালদৰে মিহলাই মুখত সানিলে অথবা কেৱল পালেঙ পাত পিচিলৈ মুখত লেপদি ২০ মিনিটৰ পিছত ভালকৈ ধূব লাগে। ইয়াৰ ফলত মুখত সাঁচ পৰা, ক’লা দাগ আৰু শালমন ভাল হয়।

(৩) পালেঙত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে আৰু খোৱাৰ ফলত হাড়ৰ কেলছিয়াম কম হোৱা বা অষ্টিঅ’পৰছিচ তথা হাড়ৰ গাঠিৰ বিষ (osteo arthritis) ভাল হয়। বৃদ্ধ ব্যক্তিয়ে পালেঙ খালে হাড় আৰু মাংসপেশী সবল হৈ থাক। সৰু লৰা-ছোৱালীৰ দৈহিক গঠনত সহায় কৰে।

(৪) পালেং খালে অন্ধতা দূৰ হোৱাৰ উপৰিও আহজাতীয় খাদ্য হোৱা বাবে কোষ্ঠ কাঠিন্যতা নিৰ্মূল হয়। ডায়েবেটিচ ৰোগীয়ে পালেঙ খালে চকুৰ অন্ধতাৰ পৰা ৰক্ষা পৰে আৰু প্ৰয়োজনীয় কেলৰি আহৰণ কৰিব পাৰে।

(৫) পালেং পাতৰ ৰস আধাগিলাচৰ সৈতে গাজৰ ৰস আৰু নেমুটেঙাৰ ৰস মিলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নাশ কৰে। 

(৬) পালেং শাকত অজৈৱিক নাইট্ৰেত থকা বাবে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঠি সবল কৰি ৰাখে। সেয়েহে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষত কমকৈ আক্ৰান্ত হয়।

(৭) গৰমৰ দিনত পেচাব হালধীয়া হলে, চৰ্দি, কাহ তথা কণ্ঠৰ ৰোগ ভাল হয়।

(৮)পালেং পাতৰ ৰস আধাগিলাচকৈ কিছুদিন খালে খহতা আৰু শুকান ছাল মসৃন আৰু উজ্জ্বল হয়।

(৯) পালেঙত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলিক এচিড থকা কাৰণে ৰক্তহীনতা , গৰ্ভৱতী, সন্তান থকা মাতৃৰ কাৰণে উপকাৰী। তাৰোপৰি পালেঙ খালে মাতৃদূগ্ধৰ পৰিমাণ বৃদ্ধি হয় কাৰণে সন্তান সুঠাম আৰু স্বাস্থ্যৱান হয়।

(১০) পালেং শাক খালে চুলিৰ গুৰিবোৰ মজবুত হয় বাবে চুলি নসৰে। চুলিয়ে তৈলগ্ৰন্থিৰ পৰা যথোচিত পৰিমাণে পোষণ পাই থাকে।

(১১) পালেঙত প্লেবোন’ইড্স নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে আৰু ই এন্টিঅক্সিডেন্ট হিছাপে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগমুক্ত কৰি ৰাখে। এন্টিঅকচিডেন্টৰ কাৰণে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ কমকৈ হয়।

(১২) পালেং খালে বাৰ্ধক্য চাপ কমকৈ পৰে কাৰণে বৃদ্ধ ব্যক্তিও চপল ডেকাৰ দৰে তজবজীয়া হৈ থাকিব পাৰে।


Related Search

paleng xaak benifits

health benifit of paleng xaak

পালেং শাক উপকাৰিতা

Assamese health tips

Health tips in assamese

insurance for health

Assamese health insurance tips

স্বাস্থ্য বাৰ্তা 

SeeHere is theComments

Sponsored

close