> পাত এটি গুণ এশ এটি - সহজে ঘৰতে উপলব্ধ এইবিধ পাতত আছে এনেধৰনৰ যাদুকৰী গুণ - Guava leaf amazing health benifits - নিয়মীয়া খবৰ

ads5

ads2

adsz

পাত এটি গুণ এশ এটি - সহজে ঘৰতে উপলব্ধ এইবিধ পাতত আছে এনেধৰনৰ যাদুকৰী গুণ - Guava leaf amazing health benifits

 পাত এটি গুণ এশ এটি - সহজে ঘৰতে উপলব্ধ এইবিধ পাতত আছে এনেধৰনৰ যাদুকৰী গুণ - Guava leaf amazing health benifits


মধুৰী আমৰ পাতৰ আচৰিত স্বাস্থ্য গুণ : এটি মধুৰী আম খালে দহটি আপেল নাখালেও হব বুলি কোৱা শুনিছে। ঠিক তেনেদৰে এই মধুৰীআম গছৰ পাতৰ আছে ভাবিবলৈ বাধ্য কৰা স্বাস্থ্য গুণ।

Psidium guajava বৈজ্ঞানিক নামেৰে জনাজাত এই মধুৰী পাতৰ প্ৰাকৃতিক ভাবে সমৃদ্ধ সক্রিয় ৰাসয়নিক মিশ্রণ বোৰ হল :- ফেনলীক মিশ্রণ, আইচফ্লেৱনইদচ, গেল্লীক এচিড, কেটেচিন, এপে কেটেচিন, ৰুটিন, নাৰীনযেনিন, কেমফেল, এচক্ৰবিক এচিড, ক্ৰেটিন ইড্‌ছ ( লাইকোপেন, বিটা কেটিন আৰু বিটা- ক্রিপ্টজেনথিন) পটাচিয়াম ডায়েটেৰী ফাইবাৰ আৰু 9 গ্লাইকচাইড। লগতে আছে প্ৰচুৰ পৰিমাণৰ ভিটামিন B3, B6 আৰু ভিটামিন C ৷

স্বাস্থ্য উপকাৰ সমূহ :

১) ডায়েবেটিচ :- মধুৰী পাতত থকা প্ৰাকৃতিক টেনিন আৰু ফ্লেভূনৈদ, গোৱাজেভেৰিন আৰু বিটা ক্ৰিপ্ত জেনথিনে তেজৰ শৰ্কৰা চুক্ৰজ আৰু ম’লটজক তেজত শোষণ হোৱাত বাধা দি আৰু শক্তিলৈ ৰূপান্তৰ কৰি শৰ্কৰা (suger) কমাব পাৰে।

ইয়াৰ বাবে ৬ টা কেঁচা মধুৰী পাত ভালদৰে ধুই পেষ্ট বনাই লওঁক আৰু এইখিনি একাপ পানীৰ সৈতে মিহলাই ভালদৰে ঘুটি লওঁক । আৰু এই মিশ্রণ টি ডায়েবেটিছ ৰোগীয়ে ভাত খোৱাৰ আধা ঘন্টা আগত দিনে দুবাৰকৈ এমাহৰ বাবে খালে নিশ্চয় জটিল নোহোৱা ডায়েবেটিছ ৰোগীৰ চুগাৰ নিয়ন্ত্রণ হব।

২) মেদবহুলতা আৰু কলেষ্টৰল:- এই পাত মেদবহুলতা আৰু কলেষ্টৰল কমাবলৈও ব্যৱহাৰ কৰিব পাৰি৷ কিয়নো এই পাতত জলবিয়োজক আহ থাকে।

আৰু এই মিশ্ৰণটো শকত লোকে গ্ৰহণ কৰিলে Appetite Supressive হিচাপে কাম কৰিব। ক্ষীণ হবলৈ ব্যায়াম কৰা সকলে যদিহে এই পাত ৬-৭ টা (কেচা বা শুকান) লৈ ৩৫০ মি.লি. পানীত উতলিবলৈ দি চাহ প্ৰস্তুত কৰি এইখিনিকে তিনিভাগ কৰি গৰমে গৰমে নাইবা ঠাণ্ডা হবলৈ দি দৈনিক তিনিবাৰ খাই এসপ্তাহত ৩০% চর্বি কমিব।

৩) মাহেকিয়া ঋতুস্ৰাৱৰ পেটবিষ :- এই পাতৰ ৰ এন্টী-ইনফ্লেমেটৰী আৰু এনালজেচিক গুণ আছে। কেঁচা পাতৰ এচামুচ ৰস চেপি ঋতুস্ৰাৱৰ সময়ত তিনি চাৰিদিন খাদ্য খোৱাৰ পিছত দিনে দুবাৰকৈ খাব।

৪) এন্টী-চেপচিছ আৰু এন্টী-বেক্টেৰিয়া গুণ থকা বাবে গোলাপ জলৰ সৈতে এই পাতৰ পেষ্ট বনাই মুখত দৈনিক ১৫ মিনিটমান লগালে মুখৰ গুটি ওলোৱা আৰু খলমইনা নাইকিয়া হব আৰু মুখমণ্ডল উজ্জ্বল হৈ পৰিব।

৫) এই পাতৰ ৰস চুলিৰ বাবে উপকাৰী। মূৰত হোৱা খজুৱতি নাইকিয়া কৰিব পাৰে । ইয়াৰ বাবে ২-৩ চামুচ ৰস চেপি মূৰ ধোৱাৰ আধা ঘণ্টা লগাই মূৰ ধুলে সুফল পাব।

৬) পাকস্থলী আৰু খাদ্যনলীৰ বাবে এই পাত খুবেই উপকাৰী। ডায়েৰীয়া, ভমি আৰু খাদ্যৰ বিষক্রিয়া হলে এই পাতৰ ৰস এচামুচ দিনে তিনিবাৰ নাইবা আগত উল্লেখ কৰা ধৰণে চাহ বনাই খালে উপকাৰ পাব।

৭) কাহ কফৰ সমস্যাৰ ক্ষেত্ৰতো এই পাতৰ ৰস বৰ উপকাৰী। এন্টী-বেক্টেৰিয়া, এন্টী-ইনফ্লেমেটৰী গুণ আৰু এন্টী-অকচিডেন্ট লাইকোপেন থকা হেতুকে হাওফাঁওৰ কোষ সমূহক সষ্টম কৰিব পাৰে৷

৮) এই পাতৰ ৰসৰে দাঁত মাজি উঠি দিনে দুই তিনিবাৰ মুখ আখলিলে মুখৰ দুৰ্গন্ধ, দাঁতৰ বিষ, দাঁতৰ আলু ফুলা আদি দূৰ হয়।

) প্ৰষ্টেট গ্ৰন্থিৰ ৰোগ যেনে প্ৰষ্টেট বাঢ়ি যোৱা, প্ৰষ্টেট কেন্সাৰ, স্তন কেন্সাৰ আদি ৰোগ প্ৰতিৰোধ ক্ষমতা আছে এই পাতৰ৷

১০) এন্টী-হিষ্টামিন গুণ সমৃদ্ধ এই পাতৰ ৰস। বিভিন্ন এলাৰ্জিৰ ফলত হোৱা চৰ্দি, গাৰ খজুৱতি ৰ বাবে পাতৰ চাহ এমাহ খাওক।

১১) এই পাতৰ ৰস শুক্ৰবৰ্ধক।

১২) এই পাতৰ ৰস খাৰকীয়া গুণ আছে । মূত্ৰনীলৰ ৰোগ পেছাবৰ বিজানু সংক্রমণ ৰ বাবে গ্ৰহণ কৰিব পাৰে এই পাতৰ ৰস দুচামুচকৈ বা পাতৰ চাহ দিনে তিনি চাৰি বাৰ ৫-৬ দিন।

১৩) এই পাতৰ ৰস ত ভিটামিন B3 আৰু B6 থাকে ফলত এই পাতৰ ৰস মগজুৰ বাবেও উপকাৰী। এই পাতৰ চাহ খালে সোনকালে মগজুৰ অৱসাদ কমে।

আপোনাৰ ৰোগৰ উপসৰ্গ বোৰ যদিহে এই মিশ্ৰণ সেৱন কৰাৰ পিছতো আৰোগ্য হোৱা নাই অচিৰেই চিকিৎসকৰ ওচৰলৈ যাব ।

Related Search
Assamese health tips
Assam daily tips
health news assamese
ajir khbor
Assam Latest news
Assamese daily news paper
Niyomia Barta epaper today
asomiya pratidin today

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself.

SeeHere is theComments

Sponsored

close